ডিজিটেল ডেস্কঃ কেন্দ্ৰীয়-ৰাজ্য চৰকাৰৰ সৈতে আলফাৰ শান্তি চুক্তি সমাপন হোৱাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেহতীয়াকৈ এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁয়ে। শান্তি চুক্তিখনক খিলঞ্জীয়াৰ সুৰক্ষাতকৈ হিন্দুৰ সুৰক্ষাকহে গুৰুত্ব দিয়া হৈছে বুলি সমালোচনা কৰি তেওঁ কয়- শান্তি চুক্তিখনত খিলঞ্জীয়াৰ শব্দৰ অপব্যৱহাৰ হৈছে। শক্তি উৎপাদনৰ একো কথা উল্লেখ নাই এই চুক্তিত। চিন্তাহীনভাৱে এই চুক্তি সম্পন্ন হৈছে।
ইফালে এই চুক্তিখনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি ড০ গোহাঁয়ে কয় যে, কেতিয়াবা এইখন হিমন্ত বিশ্ব শৰ্মাই লিখি দিয়া যেন লাগে। সুৰক্ষাৰ বিপৰীতে, ইয়াত ভোট সুৰক্ষাহে স্পষ্ট হৈছে। আমাৰ যি দাবী আছিল, তেওঁলোকৰ চুক্তিত সেই বিষয়ে উল্লেখ নাই। অসমৰ তেল-কয়লা ব্যৱহাৰত অসমৰ নিয়ন্ত্ৰণ থকাৰ কথা উল্লেখ আছিল, কিন্তু ইয়াত এইবোৰ একো নাই।
উল্লেখ কৰা প্ৰয়োজন যে, এই চুক্তিখনক লৈ ইতিমধ্যে ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ