• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিউ ইয়েৰ জাপানৰ বাবে মুঠেও হেপ্পী নহয়! বিধ্বংসী ভূমিকম্পই জোঁকাৰি গ’ল জাপান, জাৰি ছুনামীৰ সতৰ্কতা

নিউ ইয়েৰ জাপানৰ বাবে মুঠেও হেপ্পী নহয়! বিধ্বংসী ভূমিকম্পই জোঁকাৰি গ’ল জাপান, জাৰি ছুনামীৰ সতৰ্কতা

3 years ago
থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

10 minutes ago
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

16 minutes ago
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

2 hours ago
এছিয়ান গেমছত ওলাইছে জলপৰী

এছিয়ান গেমছত ওলাইছে জলপৰী

2 hours ago
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

3 hours ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

16 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

16 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

17 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

17 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

18 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

18 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নিউ ইয়েৰ জাপানৰ বাবে মুঠেও হেপ্পী নহয়! বিধ্বংসী ভূমিকম্পই জোঁকাৰি গ’ল জাপান, জাৰি ছুনামীৰ সতৰ্কতা

editor by editor
January 1, 2024
in বিবিধ, বিশ্ব, লেখা
0
নিউ ইয়েৰ জাপানৰ বাবে মুঠেও হেপ্পী নহয়! বিধ্বংসী ভূমিকম্পই জোঁকাৰি গ’ল জাপান, জাৰি ছুনামীৰ সতৰ্কতা
0
SHARES
389
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নিউ ইয়েৰ জাপানৰ বাবে মুঠেও হেপ্পী নহয়। প্রথম দিনৰ আৰম্ভণিয়েই হৈছে ভয়ংকৰ ভূমিকম্পৰে। ১ জানুৱাৰী পুৱাই জাপান কঁপি উঠিল বিধ্বংসী ভূমিকম্পৰে। ৰিখটাৰ স্কেলত যাৰ মাত্ৰা ৭.৬ ৰিখটাৰ স্কেল। ইতিমধ্যেই জাৰি কৰা হৈছে চুনামীৰ সতৰ্কতাও। বিভিন্ন সূত্ৰৰ খবৰ অনুসৰি দেশৰ পশ্চিম প্ৰান্তত এই কম্পন অনুভূত গৈছে। সমগ্ৰ উত্তৰ পশ্চিম এলেকাজুৰি এই এলাৰ্ট জাৰি কৰিছে জাপান চৰকাৰে। ইতিমধ্যেই জাপানৰ কেইবাখনো চহৰত পাঁচ মিটাৰ উচ্চতালৈ সাগৰৰ ঢৌ উঠিছে। তীব্ৰ আতংকই বিৰাজ কৰিছে এতিয়া জাপানৰ বাসিন্দাসকলৰ মাজত। আতংকিত বহুলোকেই নিজৰ অট্টালিকাৰ পৰা ৰাস্তালৈকো ওলাই আহিছে।

ভূমিকম্পৰ ক্ষয়ক্ষতি
জাপানৰ চৰকাৰী সংবাদমাধ্যমৰ সূত্ৰই জনোৱা অনুসৰি ভূমিকম্পৰ কম্পন অনুভূত হৈছে ৰাজধানী চহৰ টকিঅ’তো। কাণ্টো এলেকাতো প্ৰৱল কম্পন অনুভূত হৈছে। একাধিক লোক হতাহতি হোৱাৰ আশংকাও ব্যক্ত কৰিছে জাপান চৰকাৰে। অৱশ্য বৰ্তমানলৈ চৰকাৰীভাৱে আহত নিহতৰ কোনো তালিকা প্ৰকাশ কৰা হোৱা নাই।

জাপানৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা জাৰি কৰা সতৰ্কতা অনুসৰি পশ্চিম প্ৰান্তৰ সমুদ্ৰ উপকূলবৰ্তী চহৰসমূহত চুনামী অহাৰো সম্ভাৱনা আছে। ইছিকাওৱা, নিগাতা আৰু তোয়ামাতত এলাৰ্ট জাৰি কৰা হৈছে। চুনামীৰ সতৰ্কতা জাৰি হোৱাৰ পাছতেই জাপানৰ কেন্দ্ৰীয় সচিবে দেশৰ মানুহক নিৰাপদ স্থানলৈ যাবলৈ পৰামৰ্শ দিছে। এই ভয়ংকৰ ভূমিকম্পত অৱশ্যে জাপানৰ শিখা নিউক্লিয়াৰ প্লেণ্টৰ কোনো ক্ষতি হোৱা নাই বুলি জনাইছে নিউক্লিয়েৰ ৰেগুলেশ্ব্যন অথৰিটিয়ে। ইতিমধ্যেই একাধিক ডাঙৰ ডাঙৰ ৰাস্তাত যান বাহনৰ চলাচল বন্ধ কৰি দিছে প্ৰশাসনে। ওয়াজিমা, ইছিকাওৱা চহৰৰ বহু ৰাস্তা অৱশ্যে খহি পৰিছে। ভূমিকম্পৰ এপিচেণ্টাৰৰ পৰা ৩০০ কিঃমিঃ দূৰলৈকে চুনামীৰ ঢৌ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে জাপান দুৰ্যোগ ব্যৱস্থাপনা বিভাগে। জাপানৰ বিদ্যুত বিভাগে জনোৱা অনুসৰি জাপানৰ প্ৰায় ৩৬ হাজাৰতকৈ অধিক বাসগৃহত ভূমিকম্পৰ পাছতেই বিদ্যুত সংযোগ ব্যাহত হৈছে। জাপানৰ এই বৃহৎ ভূমিকম্পৰ পাছতেই চুনামীৰ সতৰ্কতা জাৰি কৰা হৈছে ৰাছিয়া আৰু কোৰিয়াতো।

কিয় জাপানত ঘনাই ভূমিকম্প আৰু ছুনামী আহে?
প্ৰশান্ত মহাসাগৰীয় ৰিং অফ ফায়াৰৰ কাৰণে টেকটনিক প্লেটত বাৰে বাৰে ঘৰ্ষণ হয়। সেয়ে জাপানত ঘনাই ভূমিকম্প আহে। ২০১১ চনৰ ১১ মাৰ্চত ৰিখটাৰ স্কেলত ৯ মাত্ৰাৰ এটা ভয়াৱহ ভূমিকম্প আহিছিল। উত্তৰ পূব সমুদ্ৰ উপকূলবৰ্তী এলেকা নিশ্চিহ্ন হৈ পৰিছিল এই ভূমিকম্পত। জাপানৰ হংসু দ্বীপ মানচিত্ৰৰ পৰাই নোহোৱা হৈ গৈছিল। জাপানৰ ইতিহাসত সেয়াই আছিল সকলোতকৈ বিধ্বংসী ভূমিকম্প। ইয়াৰপাছতেই এটাৰ পাছত আনটো ছুনামী আহিছে জাপানত। সেইবাৰৰ ছুনামীতেই প্ৰায় ১৮ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?
ভাৰত

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

September 25, 2026
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?
অসম

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

September 25, 2026
এছিয়ান গেমছত ওলাইছে জলপৰী
বিনোদন

এছিয়ান গেমছত ওলাইছে জলপৰী

September 25, 2026
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ
জীৱনশৈলী

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

September 25, 2026
Next Post
ওড়িশাৰ পৰা খোজকাঢ়ি অযোধ্যালৈ যাত্ৰা দুগৰাকী তৰুণৰ, ১৪০০ কিঃমিঃ যাত্ৰাপথত তেঁওলোকে বুজাব আধ্যাত্মিকতাৰ কথা

ওড়িশাৰ পৰা খোজকাঢ়ি অযোধ্যালৈ যাত্ৰা দুগৰাকী তৰুণৰ, ১৪০০ কিঃমিঃ যাত্ৰাপথত তেঁওলোকে বুজাব আধ্যাত্মিকতাৰ কথা

২০২৪ত ৰাহুৰ ৰোষত ৩ৰাশি! স্বাস্থ্য, কেৰিয়াৰত বাঢ়িব দুৰ্ভোগ…

২০২৪ত ৰাহুৰ ৰোষত ৩ৰাশি! স্বাস্থ্য, কেৰিয়াৰত বাঢ়িব দুৰ্ভোগ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.