অসম লাইভ২৪ঃ আগন্তুক ২২ জানুৱাৰীত অযোধ্যাৰ ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠান৷ ৰামমন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে শাৰদ পাৱাৰপন্থী এনচিপিৰ নেতা তথা বিধায়ক জীতেন্দ্ৰ অৱাৰৰ এটা মন্তব্যই তোলপাৰ লগাইছে দেশৰ ৰাজনীতি৷ ৰামচন্দ্ৰ আমিষভোজী আছিল, তেওঁ বনবাসত থকাৰ সময়ত মাংস খাইছিল বুলি দাবী কৰিছে বিধায়ক জীতেন্দ্ৰই৷ এনচিপি নেতাৰ মন্তব্যক লৈ সৰৱ হৈছে বিজেপি৷
বুধবাৰে মহাৰাষ্ট্ৰৰ শাৰদ পাৱাৰ পন্থী এনচিপিয়ে এখন সভাৰ আয়োজন কৰা হৈছিল৷ তাতেই বক্তব্য ৰখাৰ সময়ত ৰামমন্দিৰ আৰু ৰামৰ প্ৰসংগ টানি আনে জীতেন্দ্ৰই৷ তেওঁ কয় যে ৰাজনীতি কৰাৰ বাবে আমি ইতিহাস নপঢ়ো৷ তেওঁৰ মতে ৰাম এজন তেনেই সাধাৰণ মানুহ আছিল৷ ১৪ বছৰ বনবাসত আছিল ৰাম৷ সেই সময়ত তেওঁ কেৱল নিৰামিষ খাই থকা নাছিল৷ ৰাম কাহানিও নিৰামিষভোজী নাছিল৷ বনবাসত থাকোতে চিকাৰ কৰি খাইছিল ৰামেও৷ এই দাবী পূৰ্বেও কেইবাজনো দলিত ৰজাই কৰিছিল৷
অযোধ্যাৰ ৰামমন্দিৰ উদ্বোধনৰ দিনা মদ আৰু আমিষ নাখাবৰ বাবে আহ্বান জনাইছে বিজেপি দলে৷ মহাৰাষ্ট্ৰতো সেই দিনটোত আমিষ আৰু মদ একেবাৰেই বৰ্জনৰ বাবে চৰকাৰী নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰৰ শাসক দলে৷ বিজেপিৰ এই দাবীৰ বিৰুদ্ধে সৰৱ হৈয়েই ৰামৰ প্ৰসংগ টানি আনিছে এনচিপি নেতাই৷ এন চি পি নেতাই এই মন্তব্য কৰাৰ পাছতেই এতিয়া বিতৰ্কৰ সূত্ৰপাতো হৈছে৷ একাংশৰ মতে ধৰ্মীয় অনুভূতিত আঘাত দিয়াৰ চেষ্টাৰেই এই মন্তব্য কৰিছে এনচিপি নেতাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ