অসম লাইভ২৪ঃ ২২ বছৰ আগৰ সেই বিভীষিকাৰ ক্ষতস্থান আজিও কেঁচা হৈয়েই আছে। চকু মুদিলেই সেই ঘটনাৰ সাক্ষী হোৱা বহুজনৰ চকুতেই জ্বলি উঠে ক্ষোভৰ জুই। বিলকিছৰ চকুৰ সন্মুখতে সেইদিনা ১৪ গৰাকী লোকক নৃশংসভাৱে হত্যা কৰা হৈছিল। তিন বছৰীয়া সন্তানটিক শিলৰ ওপৰত থেকেচি থেকেচি হত্যা কৰা হৈছিল। সকলোৰে শেষত ৫মহীয়া অন্তসত্ত্বা বিলকিছক গণধৰ্ষণ। ২০২২ চনৰ ১৫ আগষ্টত আজাদি কা অমৃত মহোৎসৱ পালনৰ দিনাই সেই ১১ টা ধৰ্ষণকাৰীক শাস্তিৰ পৰা ৰেহাই দি মুকলি আকাশৰ তললৈ উলিয়াই অনা হৈছিল। এই মুক্তি এলাপেছা নহয়, সাদৰেৰে কাৰাগাৰৰ পৰা আদৰি উলিয়াই আনি সম্বৰ্ধনা জনোৱা হৈছিল আটাইকেইটা ধৰ্ষণকাৰীক। এই দৃশ্য দেখি সেইদিনা মুখৰ মাত হেৰাই গৈছিল বিলকিছৰ। অস্পষ্ট মাতেৰে তেওঁ ক্ষোভ জাহিৰ কৰি মাথো কৈছিল, ‘এগৰাকী মহিলাৰ প্ৰতি এই দেশৰ ন্যায়ালয়ে এই ৰায় দিব মই ভাৱিব পৰা নাছিলো। এনেকৈয়ে এটা কাহিনী কেনেকৈ শেষ হৈ যাব পাৰে?’ ঠিকেই সেইদিনা ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছিল বিলকিছ বানুৱে।
নিৰাশ সময় ভেদি অকণমান আশাই পোহৰাই তুলিছে বিলকিছক। সোমবাৰে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ে স্বাস্তি দিছে বিলকিছক। কাৰণ সেইদিনা মুক্তিলাভ কৰা ১১ অপৰাধীৰ আকৌ কাৰাগাৰ যাত্ৰাৰ আদেশ দিছে উচ্চতম ন্যায়ালয়ে। ১১ টা অপৰাধীক মুক্তি দিয়াৰ যি সিদ্ধান্ত গুজৰাট চৰকাৰে লৈছিল সেই আদেশ খাৰিজ কৰি দিছে উচ্চতম ন্যায়ালয়ে। অৰ্থাৎ অপৰাধীকেইটা আকৌ কাৰাগাৰলৈ যাবই লাগিব।
২০০২ চনত সেইদিনটোত কি ঘটিছিল?
চন ২০০২। গোধৰাকাণ্ডৰ পৰবৰ্তী পৰ্যায়ত তেতিয়া গুজৰাটৰ চৌদিশে কেৱল হিংসাৰ জুই। সাৱৰমতি এক্সপ্ৰেছৰ অগ্নিকাণ্ডত ৫১ জন কৰসেৱকৰ লগতে কেইবাগৰাকীও তীৰ্থযাত্ৰীৰ মৃত্যুৰ ঘটনাৰ পাছতেই আৰম্ভ হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষ। সেই সময়ত বিলকিছৰ বয়স আছিল মাত্ৰ ২১ বছৰ। দাহোড় জিলাৰ ৰাধিকপুৰ গাওঁত তেওঁৰ ঘৰ। গোধৰাকাণ্ডৰ পূৰ্বে অৱশ্যে সেই গাওঁত আন এক হিংসাৰ জু্ই জ্বলিছিল ঈদৰ সময়ত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি। গোধৰাৰ ঘটনাৰ পাছতেই এই হিংসাত্মক কাৰ্য আৰু তীব্ৰ হৈ উঠিল। আতংকতেই তিনি বছৰীয়া শিশুক সাবটি গাওঁ এৰিছিল বিলকিছে। সেই সময়ত বিলকিছ পাঁচমহীয়া অন্তঃসত্ত্বা। গাওঁ এৰি পলাই আহি ছাপাড়ভাড় জিলাত আশ্ৰয় লৈছিল বিলকিছ আৰু তেওঁৰ পৰিয়ালে। বিলকিছৰ সৈতে আছিল তেওঁৰ মাতৃ ভগ্নী আৰু বহুজন আত্মীয়। সুৰক্ষাৰ বাবেই পলাই আহিও সেইদিনা শেষৰক্ষা নহ’ল বিলকিছৰ পৰিয়ালৰ। লুকাই থকা স্থানতেই তেওঁলোকৰ ওপৰত আক্ৰমণ চলিল। তৰোৱাল, লাঠি, চোকা অস্ত্ৰৰে আক্ৰমণ কৰি বিলকিছৰ পৰিয়ালটোক বিলকিছৰ চকুৰ সন্মুখতেই হত্যা কৰিলে দলটোৱে। ধৰ্ষণ কৰা হয় বিলকিছ আৰু তেওঁৰ মাতৃ-ভগ্নীক। চকুৰ সন্মুখতেই বিলকিছৰ কন্যা সন্তানটিকো হত্যা কৰে উন্মাদৰ দলটোৱে। নিৰ্মম অত্যাচাৰত সেই স্থানতেই সংজ্ঞা হেৰুৱাই পেলাই বিলকিছেও। তাৰপিছতেই ৰাধিকাপুৰ গাওঁৰ পৰা পলাই অহা বিলকিছৰ পৰিয়ালৰ ৮গৰাকীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে। উদ্ধাৰৰ সময়ত একমাত্ৰ জীৱিত অৱস্থাত আছিল বিলকিছ আৰু এটা শিশু। এগৰাকী আদিবাসী মহিলাই বিলকিছক উদ্ধাৰ কৰে। ইয়াৰ পাছতেই এগৰাকী হোমগাৰ্ডৰ সহায়ত থানাত অভিযোগ নামা দাখিল কৰে বিলকিছে। থানাৰ পৰা গোধৰাত গঢ়ি তোলা বিশেষ শৰণাৰ্থী শিবিৰত আৰক্ষীয়ে লৈ যায় বিলকিছক। শিবিৰলৈ নিয়েই মেডিকেল টেষ্টো কৰাই বিলকিছক।
বম্বে উচ্চ ন্য়ায়ালয়ে কি ৰায় দিছিল?
পোনতে জাতীয় মানৱ অধিকাৰ কমিছনে বিলকিছৰ বিষয়টোক লৈ যুঁজ আৰম্ভ কৰে। হস্তক্ষেপ কৰে উচ্চতম ন্যায়ালয়েও। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই বিলকিছ গণধৰ্ষণৰ তদন্তত নামে চি বি আইয়ে। তদন্ত কৰি চিবিআইয়ে জনাই যে, একাংশই এই ঘটনাক গাপ দিয়াৰ পূৰ্ণ চেষ্টা চলাইছিল। এই ঘটনাৰ ভয়াৱহতাক লৈ চমকি উঠিছিল কেন্দ্ৰীয় সংস্থাৰ কৰ্মীসকলো। তেওঁলোকে জনাইছিল যে, বিলকিছৰ আত্মীয়সকলক এনেকৈ হত্যা কৰা হৈছিল যে তেওঁলোকক চিনাক্ত কৰাও কঠিন হৈ পৰিছিল। গোচৰটো প্রথম গুজৰাট আদালতত আছিল। ২০০৪ চনত বিলকিছ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হয়। বিলকিছে অভিযোগ দাখিল কৰিছিল যে, তেঁওক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে।
বিগত দুবছৰত ২০বাৰ ঘৰ এৰিবলৈ বাধ্য কৰোৱা হৈছে তেওঁক। ২০০৪ চনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশতেই মুম্বাইৰ আদালতে বিলকিছৰ গোচৰৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। ১৯ জনৰ বিৰুদ্ধে চাৰ্জো গঠন কৰা হয়। তেওঁলোকৰ মাজত আছিল ৬জন পুলিছ অফিচাৰ আৰু এজন চৰকাৰী চিকিৎসক। ২০০৮ চনৰ ২১ জানুৱাৰীত ১২ জনক দোষী সাব্যস্ত কৰে আদালতে। প্ৰমাণৰ অভাৱত অন্যান্য ৭জনে খালাছ পায়। তাৰপিছতেই শুনানি চলি থকাৰ সময়ত এজন অভিযুক্তৰ মৃত্যুও হয়।
বিলকিছক কোনে বাৰে বাৰে ঘৰ এৰি যাবলৈ ধমকি দিছিল?
শুনানি চলি থকাৰ সময়তে প্ৰত্যেক অভিযুক্তকেই চিনাক্ত কৰিছিল বিলকিছে। জনোৱা অনুসৰি অভিযুক্তসকলৰ আটাইকেইগৰাকীকেই তেওঁ চিনি পায়। বিগত কেইবাবছৰ ধৰি তেওঁ আৰু তেওঁৰ পৰিয়ালৰ পৰা গাখীৰ ক্ৰয় কৰিছিল অপৰাধীয়ে। ২০১৭ চনৰ মে মাহত বম্বে হাইকোৰ্টে ১১ জন ধৰ্ষকৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখে। ২০১৯ চনত গুজৰাট চৰকাৰে বিলকিছৰ হাতত ৫০ লাখ টকাৰ ক্ষতিপূৰণো তুলি দিবৰ বাবে নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। ইয়াৰপাছতেই ২০২২ চনত বিলকিছৰ ধৰ্ষকসকলক মুক্তি দিয়াৰ সিদ্ধান্ত দিয়ে গুজৰাট চৰকাৰে। তেওঁলোকক মালা পিন্ধাই সম্বৰ্ধনা জনাই বাহিৰলৈ আনে গুজৰাট চৰকাৰে। এই বিষয়টোক লৈ গুজৰাট চৰকাৰক বহুতে সমালোচনাও কৰিছিল।
অৱশেষত বিলকিছে ন্য়ায় পাইছে!
গুজৰাট চৰকাৰৰ ৰায় দেখি হতবাক হৈ পৰিছিল বিলকিছো। বিলকিছে অপৰাধী কেইজনক মুকলি আকাশৰ তললৈ অহা দেখি কৈছিল, ‘মই দেশৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখিছিলো, চিষ্টেমৰ ওপৰত বিশ্বাস ৰাখিছিলো, সকলো হেৰুৱালেও ন্যায়ৰ আশাতেই মই জীৱনটো জীয়াম বুলি ভাৱিছিলো। দোষীকেইজনক মুক্তি দি মোৰ শেষ শান্তিকণো চিঙি নিলে। ন্যায়াৰ প্ৰতি মই বিশ্বাস হেৰুৱাই দিলো। মই কেৱল মোৰ কথা কোৱা নাই। দেশৰ প্ৰত্যেকজনী ছোৱালী, যিসকলে আদালতত ন্যায়ৰ বাবে যুঁজি আছে তেওঁলোকে মনোবল হেৰুৱাই পেলাব সেই কথা ভাৱি মই আৰু বেছি কষ্ট পাইছো।’ শেহতীয়াভাৱে বিলকিছৰ জয় হ’ল। আদালতে বিবেচনা কৰি গুজৰাট চৰকাৰে লোৱা সিদ্ধান্ত বাতিল কৰিছে। ১১ গৰাকী অপৰাধীয়েই আকৌ উভতিব লাগিব কাৰাগাৰলৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ