• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপি শাসিত গুজৰাটত ফুলৰ মালাৰে ১১ অপৰাধীক আদৰি অনাই মোক হতাশ কৰিছিল কিন্তু… সেই শিঁয়ৰি উঠা নিশাটোত বিলকিছৰ সৈতে কি ঘটিছিল?

বিজেপি শাসিত গুজৰাটত ফুলৰ মালাৰে ১১ অপৰাধীক আদৰি অনাই মোক হতাশ কৰিছিল কিন্তু… সেই শিঁয়ৰি উঠা নিশাটোত বিলকিছৰ সৈতে কি ঘটিছিল?

3 years ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

2 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

3 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

4 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

4 hours ago
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

5 hours ago
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

6 hours ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

6 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

7 hours ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

8 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

9 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিজেপি শাসিত গুজৰাটত ফুলৰ মালাৰে ১১ অপৰাধীক আদৰি অনাই মোক হতাশ কৰিছিল কিন্তু… সেই শিঁয়ৰি উঠা নিশাটোত বিলকিছৰ সৈতে কি ঘটিছিল?

editor by editor
January 8, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
বিজেপি শাসিত গুজৰাটত ফুলৰ মালাৰে ১১ অপৰাধীক আদৰি অনাই মোক হতাশ কৰিছিল কিন্তু… সেই শিঁয়ৰি উঠা নিশাটোত বিলকিছৰ সৈতে কি ঘটিছিল?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২২ বছৰ আগৰ সেই বিভীষিকাৰ ক্ষতস্থান আজিও কেঁচা হৈয়েই আছে। চকু মুদিলেই সেই ঘটনাৰ সাক্ষী হোৱা বহুজনৰ চকুতেই জ্বলি উঠে ক্ষোভৰ জুই। বিলকিছৰ চকুৰ সন্মুখতে সেইদিনা ১৪ গৰাকী লোকক নৃশংসভাৱে হত্যা কৰা হৈছিল। তিন বছৰীয়া সন্তানটিক শিলৰ ওপৰত থেকেচি থেকেচি হত্যা কৰা হৈছিল। সকলোৰে শেষত ৫মহীয়া অন্তসত্ত্বা বিলকিছক গণধৰ্ষণ। ২০২২ চনৰ ১৫ আগষ্টত আজাদি কা অমৃত মহোৎসৱ পালনৰ দিনাই সেই ১১ টা ধৰ্ষণকাৰীক শাস্তিৰ পৰা ৰেহাই দি মুকলি আকাশৰ তললৈ উলিয়াই অনা হৈছিল। এই মুক্তি এলাপেছা নহয়, সাদৰেৰে কাৰাগাৰৰ পৰা আদৰি উলিয়াই আনি সম্বৰ্ধনা জনোৱা হৈছিল আটাইকেইটা ধৰ্ষণকাৰীক। এই দৃশ্য দেখি সেইদিনা মুখৰ মাত হেৰাই গৈছিল বিলকিছৰ। অস্পষ্ট মাতেৰে তেওঁ ক্ষোভ জাহিৰ কৰি মাথো কৈছিল, ‘এগৰাকী মহিলাৰ প্ৰতি এই দেশৰ ন্যায়ালয়ে এই ৰায় দিব মই ভাৱিব পৰা নাছিলো। এনেকৈয়ে এটা কাহিনী কেনেকৈ শেষ হৈ যাব পাৰে?’ ঠিকেই সেইদিনা ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছিল বিলকিছ বানুৱে।

নিৰাশ সময় ভেদি অকণমান আশাই পোহৰাই তুলিছে বিলকিছক। সোমবাৰে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ে স্বাস্তি দিছে বিলকিছক। কাৰণ সেইদিনা মুক্তিলাভ কৰা ১১ অপৰাধীৰ আকৌ কাৰাগাৰ যাত্ৰাৰ আদেশ দিছে উচ্চতম ন্যায়ালয়ে। ১১ টা অপৰাধীক মুক্তি দিয়াৰ যি সিদ্ধান্ত গুজৰাট চৰকাৰে লৈছিল সেই আদেশ খাৰিজ কৰি দিছে উচ্চতম ন্যায়ালয়ে। অৰ্থাৎ অপৰাধীকেইটা আকৌ কাৰাগাৰলৈ যাবই লাগিব।

২০০২ চনত সেইদিনটোত কি ঘটিছিল?

চন ২০০২। গোধৰাকাণ্ডৰ পৰবৰ্তী পৰ্যায়ত তেতিয়া গুজৰাটৰ চৌদিশে কেৱল হিংসাৰ জুই। সাৱৰমতি এক্সপ্ৰেছৰ অগ্নিকাণ্ডত ৫১ জন কৰসেৱকৰ লগতে কেইবাগৰাকীও তীৰ্থযাত্ৰীৰ মৃত্যুৰ ঘটনাৰ পাছতেই আৰম্ভ হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষ। সেই সময়ত বিলকিছৰ বয়স আছিল মাত্ৰ ২১ বছৰ। দাহোড় জিলাৰ ৰাধিকপুৰ গাওঁত তেওঁৰ ঘৰ। গোধৰাকাণ্ডৰ পূৰ্বে অৱশ্যে সেই গাওঁত আন এক হিংসাৰ জু্ই জ্বলিছিল ঈদৰ সময়ত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি। গোধৰাৰ ঘটনাৰ পাছতেই এই হিংসাত্মক কাৰ্য আৰু তীব্ৰ হৈ উঠিল। আতংকতেই তিনি বছৰীয়া শিশুক সাবটি গাওঁ এৰিছিল বিলকিছে। সেই সময়ত বিলকিছ পাঁচমহীয়া অন্তঃসত্ত্বা। গাওঁ এৰি পলাই আহি ছাপাড়ভাড় জিলাত আশ্ৰয় লৈছিল বিলকিছ আৰু তেওঁৰ পৰিয়ালে। বিলকিছৰ সৈতে আছিল তেওঁৰ মাতৃ ভগ্নী আৰু বহুজন আত্মীয়। সুৰক্ষাৰ বাবেই পলাই আহিও সেইদিনা শেষৰক্ষা নহ’ল বিলকিছৰ পৰিয়ালৰ। লুকাই থকা স্থানতেই তেওঁলোকৰ ওপৰত আক্ৰমণ চলিল। তৰোৱাল, লাঠি, চোকা অস্ত্ৰৰে আক্ৰমণ কৰি বিলকিছৰ পৰিয়ালটোক বিলকিছৰ চকুৰ সন্মুখতেই হত্যা কৰিলে দলটোৱে। ধৰ্ষণ কৰা হয় বিলকিছ আৰু তেওঁৰ মাতৃ-ভগ্নীক। চকুৰ সন্মুখতেই বিলকিছৰ কন্যা সন্তানটিকো হত্যা কৰে উন্মাদৰ দলটোৱে। নিৰ্মম অত্যাচাৰত সেই স্থানতেই সংজ্ঞা হেৰুৱাই পেলাই বিলকিছেও। তাৰপিছতেই ৰাধিকাপুৰ গাওঁৰ পৰা পলাই অহা বিলকিছৰ পৰিয়ালৰ ৮গৰাকীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰে। উদ্ধাৰৰ সময়ত একমাত্ৰ জীৱিত অৱস্থাত আছিল বিলকিছ আৰু এটা শিশু। এগৰাকী আদিবাসী মহিলাই বিলকিছক উদ্ধাৰ কৰে। ইয়াৰ পাছতেই এগৰাকী হোমগাৰ্ডৰ সহায়ত থানাত অভিযোগ নামা দাখিল কৰে বিলকিছে। থানাৰ পৰা গোধৰাত গঢ়ি তোলা বিশেষ শৰণাৰ্থী শিবিৰত আৰক্ষীয়ে লৈ যায় বিলকিছক। শিবিৰলৈ নিয়েই মেডিকেল টেষ্টো কৰাই বিলকিছক।

বম্বে উচ্চ ন্য়ায়ালয়ে কি ৰায় দিছিল?

পোনতে জাতীয় মানৱ অধিকাৰ কমিছনে বিলকিছৰ বিষয়টোক লৈ যুঁজ আৰম্ভ কৰে। হস্তক্ষেপ কৰে উচ্চতম ন্যায়ালয়েও। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতেই বিলকিছ গণধৰ্ষণৰ তদন্তত নামে চি বি আইয়ে। তদন্ত কৰি চিবিআইয়ে জনাই যে, একাংশই এই ঘটনাক গাপ দিয়াৰ পূৰ্ণ চেষ্টা চলাইছিল। এই ঘটনাৰ ভয়াৱহতাক লৈ চমকি উঠিছিল কেন্দ্ৰীয় সংস্থাৰ কৰ্মীসকলো। তেওঁলোকে জনাইছিল যে, বিলকিছৰ আত্মীয়সকলক এনেকৈ হত্যা কৰা হৈছিল যে তেওঁলোকক চিনাক্ত কৰাও কঠিন হৈ পৰিছিল। গোচৰটো প্রথম গুজৰাট আদালতত আছিল। ২০০৪ চনত বিলকিছ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হয়। বিলকিছে অভিযোগ দাখিল কৰিছিল যে, তেঁওক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে।

বিগত দুবছৰত ২০বাৰ ঘৰ এৰিবলৈ বাধ্য কৰোৱা হৈছে তেওঁক। ২০০৪ চনত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশতেই মুম্বাইৰ আদালতে বিলকিছৰ গোচৰৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। ১৯ জনৰ বিৰুদ্ধে চাৰ্জো গঠন কৰা হয়। তেওঁলোকৰ মাজত আছিল ৬জন পুলিছ অফিচাৰ আৰু এজন চৰকাৰী চিকিৎসক। ২০০৮ চনৰ ২১ জানুৱাৰীত ১২ জনক দোষী সাব্যস্ত কৰে আদালতে। প্ৰমাণৰ অভাৱত অন্যান্য ৭জনে খালাছ পায়। তাৰপিছতেই শুনানি চলি থকাৰ সময়ত এজন অভিযুক্তৰ মৃত্যুও হয়।

বিলকিছক কোনে বাৰে বাৰে ঘৰ এৰি যাবলৈ ধমকি দিছিল?

শুনানি চলি থকাৰ সময়তে প্ৰত্যেক অভিযুক্তকেই চিনাক্ত কৰিছিল বিলকিছে। জনোৱা অনুসৰি অভিযুক্তসকলৰ আটাইকেইগৰাকীকেই তেওঁ চিনি পায়। বিগত কেইবাবছৰ ধৰি তেওঁ আৰু তেওঁৰ পৰিয়ালৰ পৰা গাখীৰ ক্ৰয় কৰিছিল অপৰাধীয়ে। ২০১৭ চনৰ মে মাহত বম্বে হাইকোৰ্টে ১১ জন ধৰ্ষকৰ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বাহাল ৰাখে। ২০১৯ চনত গুজৰাট চৰকাৰে বিলকিছৰ হাতত ৫০ লাখ টকাৰ ক্ষতিপূৰণো তুলি দিবৰ বাবে নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে। ইয়াৰপাছতেই ২০২২ চনত বিলকিছৰ ধৰ্ষকসকলক মুক্তি দিয়াৰ সিদ্ধান্ত দিয়ে গুজৰাট চৰকাৰে। তেওঁলোকক মালা পিন্ধাই সম্বৰ্ধনা জনাই বাহিৰলৈ আনে গুজৰাট চৰকাৰে। এই বিষয়টোক লৈ গুজৰাট চৰকাৰক বহুতে সমালোচনাও কৰিছিল।

অৱশেষত বিলকিছে ন্য়ায় পাইছে!

গুজৰাট চৰকাৰৰ ৰায় দেখি হতবাক হৈ পৰিছিল বিলকিছো। বিলকিছে অপৰাধী কেইজনক মুকলি আকাশৰ তললৈ অহা দেখি কৈছিল, ‘মই দেশৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখিছিলো, চিষ্টেমৰ ওপৰত বিশ্বাস ৰাখিছিলো, সকলো হেৰুৱালেও ন্যায়ৰ আশাতেই মই জীৱনটো জীয়াম বুলি ভাৱিছিলো। দোষীকেইজনক মুক্তি দি মোৰ শেষ শান্তিকণো চিঙি নিলে। ন্যায়াৰ প্ৰতি মই বিশ্বাস হেৰুৱাই দিলো। মই কেৱল মোৰ কথা কোৱা নাই। দেশৰ প্ৰত্যেকজনী ছোৱালী, যিসকলে আদালতত ন্যায়ৰ বাবে যুঁজি আছে তেওঁলোকে মনোবল হেৰুৱাই পেলাব সেই কথা ভাৱি মই আৰু বেছি কষ্ট পাইছো।’ শেহতীয়াভাৱে বিলকিছৰ জয় হ’ল। আদালতে বিবেচনা কৰি গুজৰাট চৰকাৰে লোৱা সিদ্ধান্ত বাতিল কৰিছে। ১১ গৰাকী অপৰাধীয়েই আকৌ উভতিব লাগিব কাৰাগাৰলৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?
জীৱনশৈলী

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

September 18, 2026
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!
জীৱনশৈলী

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

September 18, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

September 18, 2026
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?
নিয়োগ

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

September 18, 2026
Next Post
ফিংগাৰপ্ৰিণ্ট, চকুৰ স্কেন নকৰাকৈয়ে লাভ কৰিব আধাৰ কাৰ্ড! জানি থওক এপ্লাই কৰাৰ সঠিক নিয়ম

ফিংগাৰপ্ৰিণ্ট, চকুৰ স্কেন নকৰাকৈয়ে লাভ কৰিব আধাৰ কাৰ্ড! জানি থওক এপ্লাই কৰাৰ সঠিক নিয়ম

গম পালেনে…মনে মনেই অসম এৰি গ’লগৈ IPS আনন্দ মিশ্ৰ!

গম পালেনে...মনে মনেই অসম এৰি গ’লগৈ IPS আনন্দ মিশ্ৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.