অসম লাইভ২৪ঃ ২০২৪ চনৰ বাজেট উত্থাপন কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। প্ৰতি বছৰৰ দৰে এই বছৰো ১ ফেব্ৰুৱাৰীত বাজেট উত্থাপন কৰা হ’ব। চলিত বছৰৰ অন্তবৰ্তী বাজেট উত্থাপন কৰিব নিৰ্মলা সীতাৰমণে? সংসদত বাজেট উত্থাপন কৰাৰ সময়ত বিত্তমন্ত্ৰীয়ে দাঙি ধৰিব বিগত এবছৰৰ অৰ্থনৈতিক হিচাপ। আগন্তুক বছৰটোৰ বাবে কোনটো কামত কিমান ধন অনুমোদন দিয়া হ’ব ইত্যাদি বিষয়।
১ ফেব্ৰুৱাৰী ২০২৪ত সংসদত বাজেট উত্থাপন কৰা হ’ব। ইয়াৰ পূৰ্বে অৰ্থাৎ ৩১ জানুৱাৰীত উত্থাপন কৰা হ’ব দেশৰ অৰ্থনৈতিক সমীক্ষা। বিত্ত মন্ত্ৰণালয়ৰ তৰফৰ পৰা এই অৰ্থনৈতিক সমীক্ষা উত্থাপন কৰা হ’ব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে জনোৱা অনুসৰি আসন্ন বাজেটত কেইবাটাও ডাঙৰ চমক দিব পাৰে নিৰ্মলা সীতাৰমনে। মোদী চৰকাৰৰ দ্বিতীয় ম্যাদ শেষ হোৱাৰ মাত্ৰ কেইমাহ মান আগত এই বাজেটৰ বিশেষ গুৰুত্ব আছে। চলিত বছৰতেই লোকসভা নিৰ্বাচন সেয়ে এই বাজেটৰ বিশেষ গুৰুত্ব থাকিবই। ইয়াৰোপৰি এই বৰ্ষত দুটাকৈ বাজেট উত্থাপন হ’ব কাৰণ নিৰ্বাচনৰ পূৰ্বে এখন বাজেট আৰু নিৰ্বাচনৰ পাছত আনখন বাজেট উত্থাপন কৰা হ’ব।
২০২৪ ৰ বাজেটত কি থাকিব সেই লৈ প্ৰত্যাশাৰ অন্ত নাই। সাধাৰণ মানুহৰ মাজত বাজেটক লৈ বহু আশা থাকে। পি এম কিষাণ যোজনাৰ ধন বৃদ্ধিৰ আশা কৰিছে কৃষকসকলেও। এই ক্ষেত্ৰত এক সূত্ৰই দাবী কৰিছে যে মহিলা কৃষকসকলৰ বাবেও বিশেষ আঁচনি আনিব পাৰে মোদী চৰকাৰে। ইয়াৰোপৰি হোমলোনৰ ক্ষেত্ৰতো আমূল পৰিবৰ্তন আনিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ২০২৩ চনৰ ১৫ আগষ্টত হোম লোনত স্বাস্তি দিয়াৰ কথা ঘোষণা কৰিছিল। এইবাৰ বাজেটত সেই প্ৰত্যাশাও কৰিছে বহুজনে।
উল্লেখ্য যে সাধাৰণতে দেশত নিৰ্বাচনী বছৰত অন্তবৰ্তীকালীন বাজেট উত্থাপন কৰা হয়। ভোটৰ ফলাফলৰ পাছত নতুন চৰকাৰ গঠন হোৱা পৰ্যন্ত দেশ চলোৱাত যিমান ধন ব্যয় হয় সেয়া বাজেটত উত্থাপন কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















