• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আঁৰত ৰাজনীতি নেকি? ইছৰোৰ মুখ্য কাৰ্যালয় দিল্লী-মুম্বাইত স্থাপন নকৰি কিয় বাংগালুৰুত স্থাপন কৰিছিল ইন্দিৰা গান্ধীয়ে?

আঁৰত ৰাজনীতি নেকি? ইছৰোৰ মুখ্য কাৰ্যালয় দিল্লী-মুম্বাইত স্থাপন নকৰি কিয় বাংগালুৰুত স্থাপন কৰিছিল ইন্দিৰা গান্ধীয়ে?

2 years ago
এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

এই ৩টা ৰাশিৰ ওপৰত সূৰ্যদেৱৰ থাকে বিশেষ কৃপা

5 minutes ago
নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

নৰৱেই বিদায় ললেও পেৰুত ৫৫৯টি হালাণ্ডৰ আগমন

19 minutes ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

1 hour ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

2 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

6 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

6 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

7 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

7 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

8 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

9 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

20 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

আঁৰত ৰাজনীতি নেকি? ইছৰোৰ মুখ্য কাৰ্যালয় দিল্লী-মুম্বাইত স্থাপন নকৰি কিয় বাংগালুৰুত স্থাপন কৰিছিল ইন্দিৰা গান্ধীয়ে?

editor by editor
February 15, 2024
in প্ৰযুক্তি, বিজ্ঞান, ভাৰত, ৰাজনীতি
0
আঁৰত ৰাজনীতি নেকি? ইছৰোৰ মুখ্য কাৰ্যালয় দিল্লী-মুম্বাইত স্থাপন নকৰি কিয় বাংগালুৰুত স্থাপন কৰিছিল ইন্দিৰা গান্ধীয়ে?
0
SHARES
544
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাৰ্কিন যুক্তৰাষ্ট্ৰ, ছোভিয়েট ইউনিয়ন, চীনৰ পাছক চন্দ্ৰত অভিযান চলোৱা ভাৰত চতুৰ্থখন দেশ। ভাৰতীয় মহাকাশ সংস্থা ইছৰোৰ এয়া সকলোতকৈ ডাঙৰ সাফল্য বুলিও বহুতেই দাবী কৰিছে। ইয়াৰ পূৰ্বে ইছৰোৰ তিনিটা প্ৰধান উপগ্ৰহ নিৰ্মাণ, ৰকেট তৈয়াৰ কৰিছে ভাৰতে। ভাৰতীয় মহাকাশ সংস্থা ইছৰোৰ প্ৰধান কাৰ্যালয় বাংগালুৰুত কিয় স্থাপন কৰা হ’ল সেই সম্পৰ্কে বহুতেই জানিবলৈ আগ্ৰহী।

মহাকাশ গৱেষণাৰ পৰিধি দিনকদিনে বৃদ্ধি পাইছে। পূৰ্বেও ভাৰতে যেতিয়া মহাকাশ গৱেষণাৰ কামকাজ চলাবলৈ আৰম্ভ কৰিছিল তেতিয়া এটা কাৰ্যালয়ৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিল বিজ্ঞানীয়ে। বিক্ৰম ছাৰাভাইয়ে সেই সময়ত উপলব্ধি কৰিছিল যে ভাৰতক এটা মহাকাশ গৱেষণা সংস্থাৰ প্ৰয়োজন। ১৯৬২ চনত সেই চিন্তাভাৱনা আৰম্ভ হয়। আৰু এই সপোন বাস্তৱায়িত হয় ১৯৬৯ চনত। ভাৰতীয় মহাকাশ সংস্থাৰ মুখ্য কাৰ্যালয় নিৰ্মাণ হয়। ইছৰোৰ মুখ্য কাৰ্যালয় স্থাপন হয় বাংগালুৰুত। ইছৰোৰ এই কাৰ্যালয় নিৰ্মাণ কৰাৰ আঁৰত নিৰলস পৰিশ্ৰম কৰা মানুহজনেই হৈছে সতীশ ধাৱান। তেওঁৰ নামেৰেই শ্ৰী হৰিকোটাৰ স্পেছ ছেণ্টাৰ প্ৰতিষ্ঠা হয়।

সতীশ ধাৱান কোন?
শ্ৰী নগৰত জন্ম সতীশ ধাৱান ভাৰতীয় মহাকাশ গৱেষণাৰ সৈতে জড়িত হৈ থকা অন্য এজন বিশেষ ব্যক্তি। তেওঁৰ শিক্ষাজীৱন পাৰ হয় লাহোৰত। ১৯৫১ চনত তেওঁ ভাৰতলৈ উভতি আহে। তাৰপিছতেই তেওঁ বাংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চায়েন্সত ছিনিয়ৰ ছায়েন্টিফিক অফিচাৰ হিচাপে যোগদান কৰে। এক দশক পাছত অৰ্থাৎ ৪২ বছৰ বয়সত সতীশ ধাৱান IIScৰ সকলোতকৈ কনিষ্ঠ ডাইৰেক্টৰ হিচাপে মনোনীত হয়। সেই পদত তেওঁ ১৭ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰে। প্ৰফেচাৰ ধাৱানে সকলো সময়তে গৱেষণা বিষয়ক কথাবোৰক লৈ ব্যক্ত হৈ আছিল। মহাকাশ সম্বন্ধীয় গৱেষণা দেশত আগুৱাই নিবলৈ চেষ্টা চলাইছিল। তেওঁৰ কাৰ্যকালতে IISc ৰ বিস্তাৰ কৰিবলৈ যত্ন কৰিছিল। সতীশ ধাৱানে ASTRA(Cell for Application of Science and Technology to Rural Areas) আৰু CES (Centre For Ecological Sciences) প্ৰতিষ্ঠা কৰে।

বিজ্ঞান আৰু গৱেষণাৰ কাম আগুৱাই নিবলৈ এটাৰ পাছত আনটো পদক্ষেপ সেই সময়তে হাতত লৈছিল সতীশ ধাৱানে। সমগ্ৰ বিশ্বতে তেওঁ মহাকাশ বিষয়ক লৈ আগ্ৰহী, কৌতুহলী বিজ্ঞানী বিচাৰিবলৈ আৰম্ভ কৰে। উদ্দেশ্য এটাই, মহাকাশ গৱেষণাক দেশত আগুৱাই নিয়া। কিন্তু এই সকলোবোৰৰ মাজত ছন্দপতন! ভাৰতীয় মহাকাশ বিজ্ঞানৰ আৰম্ভণিৰ সময়তে হৃদক্ৰিয়া বন্ধ হৈ বিক্ৰম ছাৰাভাইৰ মৃত্যু হয়। ১৯৭১ চনৰ ৩০ ডিচেম্বৰত হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ মাত্ৰ ৫২ বছৰ বয়সতেই প্ৰাণ হেৰুৱাই ইছৰোৰ প্ৰাণপুৰুষ বিক্ৰম ছাৰাভাইয়ে। তেওঁ প্ৰতিষ্ঠা কৰা বিশেষ সংস্থা ইছৰো পিতৃহাৰা হয়। সতীশ ধাৱানে গৱেষণাৰ কাম কাজ আগুৱাই নিবলৈ কাৰ সৈতে কথা পাতিব? কোনে আকৌ দায়িত্ব ল’ব এইসমূহ কথাই সতীশক হতাশ কৰে।

তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ওচৰত সতীশ ধাৱানে দিছিল এটা ঐতিহাসিক প্ৰস্তাৱ
বিক্ৰম ছাৰাভাইৰ প্ৰয়াণৰ পাছত তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে প্ৰফেচাৰ ধাৱানক ইছৰোৰ মুখ্য বিজ্ঞানীৰ দায়িত্ব অৰ্পণ কৰে। ইছৰো প্রধানৰ দায়িত্বভাৱ ইন্দিৰা গান্ধীয়ে ধাৱানৰ কান্ধত দিয়ে। এই দায়িত্বভাৰ লাভ কৰাৰ পাছতেই সতীশ ধাৱানে ইন্দিৰা গান্দীক দুটা বিশেষ প্ৰস্তাৱ দিয়ে। তাৰেই প্ৰথমটো প্রস্তাৱ আছিল, ইছৰোৰ প্ৰধান কাৰ্যালয় বাংগালুৰুত প্ৰতিষ্ঠা হওক। দ্বিতীয়তে তেওঁৰ পূৰ্বৰ যি IISc-ৰ ডাইৰেক্টৰ পদ সেই পদ বাহাল ৰখা। সতীশ ধাৱানৰ এই প্ৰস্তাৱক লগে লগেই মানি লয় ইন্দিৰা গান্ধীয়ে। তাৰপিছতেই তেওঁ ইছৰোৰ মুখ্য কাৰ্যালয় স্থায়ীভাৱে বাংগালুৰুত নিৰ্মাণ কৰে।

কিয় বাংগালুৰুত ইছৰোৰ মুখ্য কাৰ্যালয় নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছিল?
বাংগালুৰুত ইছৰোৰ সদৰ কাৰ্যালয় নিৰ্মাণক লৈ ইছৰো প্রধান সতীশ ধাৱানে দিছিল বিশেষ যুক্তি। তেওঁ কৈছিল যে, বাংগালুৰুৰ মহাকাশ যান পঠিওৱা, গৱেষণা চলোৱাৰ বাবে উত্তম প্ৰাণকেন্দ্ৰ। বাংগালুৰুত অফিচ থাকিলে সকলো ফালেৰেই সুবিধা হয়। ১৯৪০ চনত প্ৰতিষ্ঠা হোৱা হিন্দুস্তান এয়াৰক্ৰাফ্ট লিমিটেডৰ মুখ্য কাৰ্যালয়, ১৯৪২ চনত প্ৰতিষ্ঠা হোৱা IIScৰ কাৰ্যালয়ো বাংগালুৰুতেই আছে। ১৯৮১ চনত IIScৰ পৰা অৱসৰ গ্ৰহণ কৰে সতীশ ধাৱানে। ১৯৮৪ চনত তেওঁ ইছৰোৰ পৰাও অৱসৰ লয়। আমৃত্যু পৰ্যন্ত তেওঁ ইণ্ডিয়ান স্পেছ ৰিচাৰ্ছ কমিছনৰ চেয়াৰমেন পদত থাকে। ২০০২ চনত এই মহান বিজ্ঞানীগৰাকীৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পাছতেই তেওঁৰ স্মৃতিত ভাৰতে মহাকাশলৈ যান পঠিওৱা এটা চেণ্টাৰৰ নাম সতীশ ধাৱান স্পেছ চেণ্টাৰ ৰখা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?
বিনোদন

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

July 14, 2026
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?
বিনোদন

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

July 13, 2026
Next Post
২৪ ঘণ্টাৰ পৰিবৰ্তে ২৫ ঘণ্টাত এদিন হ’ব! এই পৰিবৰ্তন হ’লে কি হ’ব? মানুহৰ ওপৰত কি প্ৰভাৱ পৰিব?

২৪ ঘণ্টাৰ পৰিবৰ্তে ২৫ ঘণ্টাত এদিন হ’ব! এই পৰিবৰ্তন হ’লে কি হ’ব? মানুহৰ ওপৰত কি প্ৰভাৱ পৰিব?

পৰিশ্ৰমৰ ফল লাভ কৰিব ৰাহুলে, লোকসভা নিৰ্বাচনত কোনে মাৰিব বিজয়ৰ হাঁহি? কি ক’লে জ্যোতিষ শাস্ত্ৰই?

পৰিশ্ৰমৰ ফল লাভ কৰিব ৰাহুলে, লোকসভা নিৰ্বাচনত কোনে মাৰিব বিজয়ৰ হাঁহি? কি ক’লে জ্যোতিষ শাস্ত্ৰই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.