অভিনেত্ৰীৰ হাতত থুৱাই দিছিল আমিৰে, তালিকাত নাম আছে বহু কেইগৰাকীৰ
বলীউডৰ মিষ্টাৰ পাৰফেক্টনিষ্ট আমিৰ খানৰ আজৱ কাণ্ড। কাণ্ডৰ কথা শুনি হাঁহিত ফাটি পৰিছে ছলমান খান। কাৰণ আমিৰে কামেই কৰিছে একেবাৰে আজৱ।
চিনেমাত একেলগে কাম কৰা বহু কেইগৰাকী অভিনেত্ৰীৰ হাতত থুৱাই দিছিল আমিৰে। এই কথা আমিৰে নিজেই সদৰি কৰিছে এক ৰাষ্ট্ৰীয় চেনেল যোগে সম্প্ৰচাৰিত অনুষ্ঠানত।
ছলমান খান আৰু ইমৰান খানৰ উপস্থিতিত এই ভাষ্য কৰে মিষ্টাৰ পাৰফেক্টনিষ্টে। আমিৰে কয়- তেওঁ অভিনেত্ৰী সকলৰ হাত চোৱাৰ বুদ্ধিৰে তেনে নিকৃষ্ট কাম কৰিছিল। অৱশ্যে সেই সকলো এক ধেমালিৰ অংশহে আছিল।
অভিনেত্ৰী সকলৰ হাত চাই আমিৰে কথা কৈ থকাৰ মাজতে হঠাতে ইয়াতে তোমাৰ ঘৰ আছে, ইয়াতে তোমাৰ বাগান আৰু ইয়াতে তোমাৰ চুইমিংপুল বুলি হাতৰ সেই ঠাইতে থুৱাই দিছিল।
ধেমালি বুলি কৰা এনে কাম আমিৰে তাকো কোনো এলাপেচা অভিনেত্ৰীৰ সৈতে নহয়, মাধুৰী , জুহি আদিৰ সৈতে কৰিছিল এই থুৱাই দিয়া কাম।
ভাইজান ছলমানৰ আগত এই কথা সদৰি কৰাৰ লগে লগে মাধুৰি-জুহি হতে আমিৰৰ লগত কি কৰিছিল সেই বিষয়ে সোধাতো কোনো লুক ঢাক নকৰাকৈ সকলো কৈ দিয়ে আমিৰে।
মাধুৰি দিক্ষিতৰ সৈতে এনে কাম কৰোতে আমিৰৰ পিছে পিছে হকী ষ্টিক লৈ মাৰিবৰ বাবে দৌৰিছিল । জুহি চাওলাই খঙৰ কোবতে বহু দিনলৈ নমতাকৈ আছিল। অন্য সকলেও কৰিছিল তেনেধৰণে খঙৰ বহিঃ প্ৰকাশ।
লগতে আমিৰে ইয়াকো কয় যে, যি কেইগৰাকী অভিনেত্ৰীৰ সৈতে আমিৰে এনে থু পেলাই দিয়া ধেমালি কৰিছিল সেই প্ৰত্যেকগৰাকীয়েই একো একোগৰাকী জনপ্ৰিয় অভিনেত্ৰী হ’বলৈ সক্ষম হৈছে পাছলৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ