• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫ সিদ্ধান্তই গঢ়িছে নতুন ভাৰত! সংসদীয় ৰাজনীতিক বিদায় সংস্কাৰবাদী অৰ্থনীতিবিদ মনমোহন সিঙৰ

এই ৫ সিদ্ধান্তই গঢ়িছে নতুন ভাৰত! সংসদীয় ৰাজনীতিক বিদায় সংস্কাৰবাদী অৰ্থনীতিবিদ মনমোহন সিঙৰ

2 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

10 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

10 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

11 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

11 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

12 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

13 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

14 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

14 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

15 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

16 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

17 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

এই ৫ সিদ্ধান্তই গঢ়িছে নতুন ভাৰত! সংসদীয় ৰাজনীতিক বিদায় সংস্কাৰবাদী অৰ্থনীতিবিদ মনমোহন সিঙৰ

editor by editor
April 3, 2024
in বাণিজ্য, ভাৰত, ৰাজনীতি, লেখা, শিক্ষা
0
এই ৫ সিদ্ধান্তই গঢ়িছে নতুন ভাৰত! সংসদীয় ৰাজনীতিক বিদায় সংস্কাৰবাদী অৰ্থনীতিবিদ মনমোহন সিঙৰ
0
SHARES
229
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ যুগৰ অৱসান। ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ কৰিলে প্ৰাক্তন প্রধানমন্ত্ৰী মনমোহন সিঙে। ৩৩ বছৰীয়া ৰাজনৈতিক কেৰিয়াৰৰ পৰা অৱসৰ ল’লে মনমোহন সিঙে। মনমোহন সিঙে সংসদীয় ৰাজনীতিক বিদায় দিয়াৰ ক্ষণত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জূন খৰ্গে লিখিছে এখন আৱেগভৰা পোষ্ট। তেওঁ কয়, ‘মনমোহন সিঙৰ অৱসৰৰ সৈতে এটা যুগৰ অৱসান ঘটিল।’ অৱসৰ ল’লেও তেওঁ সকলোৰে দৃষ্টিত চিৰদিন হিৰো হৈ থাকিব বুলিও উল্লেখ কৰিছে মল্লিকাৰ্জূন খৰ্গে।

মনমোহন সিঙলৈ লিখা চিঠিত মল্লিকাৰ্জুন খাৰ্গে উল্লেখ কৰিছে, ‘সক্ৰিয় ৰাজনীতিৰ পৰা আপুনি অৱসৰ লৈছে ঠিকেই কিন্তু মই আশাবাদী আপুনি জ্ঞানৰ শিখা প্ৰজ্জ্বলিত কৰি ৰাখিব। দেশৰ মানুহক নৈতিকতাৰ যি পাঠ আপুনি পঢ়াইছে সেয়া চিৰকাল থাকি যাব। বৰ্তমানৰ নেতাসকলৰ আপোনাৰ দৰে ৰাষ্ট্ৰ চলোৱাৰ ক্ষমতা নাই। আপুনি দেশ আৰু দেশৰ মানুহৰ বাবে যি কৰিছে সেয়া কৰিবলৈ আজিৰ দিনৰ নেতাৰ সাধ্য নাই। আপোনাৰ দৰে ভক্তিভাৱেৰে আজিৰ নেতাই ৰাষ্ট্ৰ চলাব নোৱাৰে। আপুনি দেশৰ মানুহৰ বাবে যি কৰিছে তেওঁক চোৱাৰ সাধ্য কাৰো নাই। মধ্যবিত্ত আৰু যুৱ সম্প্ৰদায়ৰ ওচৰত আপুনি সদায়ে হিৰো হৈ থাকি যাব। উদ্যোগী সকলৰ বাবেও আপুনি অনুপ্ৰেৰণা। দুখীয়া মানুহৰ হিতৰ বাবে আপুনি বহু কাম কৰিছে। আপোনাৰ অৰ্থনৈতিক সিদ্ধান্তৰ কাৰণেই দৰিদ্ৰতা কমিছিল। আপুনি অনা পলিচিসমূহেই উদ্যোগী, সৰু ব্যৱসায়ীসকলৰ উন্নতি সাধিছে। চাকৰীয়াল আৰু দুখীয়া দৰিদ্ৰৰ বাবেও আপুনি বহু কাম কৰিছে। আপোনাৰ সুস্থ, শান্তিপূৰ্ণ জীৱন কামনা কৰিছো।’

মল্লিকাৰ্জূন খাৰ্গেই লগতে কয়, ‘প্ৰধানমন্ত্ৰীৰ দফতৰত যি শান্ত স্বভাৱৰ দৃঢ় মানসিকতাৰ মানুহজনক দেখা গৈছিল সেই মানুহজনক সমগ্ৰ দেশেই মিছ কৰিছিল। এইবাৰ সংসদতো আপোনাক মিছ কৰিম। আপোনাৰ জ্ঞানৰ সম্ভাৰ আৰু অভিজ্ঞতা সদায়ে মনত ৰাখিম। বৰ্তমান সময়ত শুনি থকা মিছা মিছা ভাষণৰ ৰাজনীতিৰ বজাৰত আপোনাৰ দৰে মৃদুভাষী, দৃঢ়মনা আৰু গাম্ভীৰ্যপূৰ্ণ স্বভাৱৰ সাংসদৰ অভাৱবোধ কৰিম। আজি মোৰ মনলৈ আহিছে বিশেষ কেইটামান কথা। বিমুদ্ৰাকৰণৰ সময়ত সংসদত আপুনি দিয়া ভাষণটোলৈ মনত পৰিছে। আপুনি বিমুদ্ৰাকৰণৰ সিদ্ধান্তক মনুমেণ্টেল মেনেজমেণ্ট ফেইলাৰ বুলি উল্লেখ কৰিছিল। আইনসিদ্ধ সংগঠিত লুটপাত বুলিও জনতাক বিমুদ্ৰাকৰণৰ প্রভাৱ সম্পৰ্কে বুজাবলৈ চেষ্টা কৰিছিল। যি পৰবৰ্তীকালত দেশৰ জনতাই ভূগিছে। ব্যক্তিক আক্ৰমণ নকৰাকৈ চৰকাৰৰ সিদ্ধান্তক কাঢ়া সমালোচনা কেনেকৈ কৰিব পাৰি সেই কথাও আপোনাৰ পৰা শিকিবলগীয়া। অতি শীঘ্ৰেই দেশৰ মানুহে আপোনাৰ কথাবোৰৰ মৰ্ম বুজি পাব। আপোনাৰ কেবিনেটৰ সদস্য হৈ থাকি আমি গৰ্বিত। শাৰীৰিক অসুস্থতা সত্ত্বেও আপুনি সৰ্বদা দলৰ বাবে সময় উলিয়াইছে। দল আপোনাৰ ওচৰত চিৰকৃতজ্ঞ।’

এইগৰাকী মনমোহন সিঙক যেতিয়াই তেওঁৰ সফলতাৰ বিষয়ে প্ৰশ্ন কৰা হয় তেতিয়াই তেওঁ উত্তৰ দিয়ে, ‘আজি যদি মই কিবা এটা কৰিব পাৰিছো সেয়া একমাত্ৰ মই পঢ়া-শুনা কৰাৰ বাবেহে সম্ভৱ হৈ উঠিছে৷’ মনমোহন সিঙ এনে স্থানত জন্ম লৈছিল, তেওঁৰ জন্মস্থান গহত নাছিল বিজুলী ব্যৱস্থা, নাছিল বিদ্যালয়, নাছিল হস্পিতাল৷ চাৰিওফালে নাই কেৱল নাই৷ বহু মাইল দূৰ খোজকাঢ়ি সিং স্কুললৈ গৈছিল৷ মাটি চাকি আৰু কেৰাচিন লেম্পৰ পোহৰত পঢ়ি পঢ়ি তেওঁৰ দৃষ্টিশক্তিও দুৰ্বল হৈছিল কিন্তু তেওঁ পঢ়িবলৈ এৰা নাছিল৷ অধ্যয়নৰ প্ৰতি থকা একান্ত ইচ্ছা আৰু অধ্যৱসায়ৰ বাবেই মনমোহন সিঙে ইংলেণ্ডৰ অক্সফ’ৰ্ড ইউনিভাৰ্চিটীৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰে৷ তাৰপাছত তেওঁ প্ৰফেচৰ, মুখ্য অৰ্থনৈতিক উপদেষ্টা, ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, পৰিকল্পনা আয়োগৰ অধ্যক্ষ, কেন্দ্ৰীয় মন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ নিজৰ জীৱন অলংকৃত কৰে৷

প্ৰধানমন্ত্ৰী হোৱাৰ পাছত মনমোহন সিঙে ২০০৫ চনত INDIA-ASEAN সন্মিলনৰ বাবে মালেয়চিয়ালৈ গৈছিল৷ তাত তেওঁৰ পৰিচয় দিয়া হৈছিল পৃথিৱীৰ আটাইতকৈ বেছি শিক্ষিত প্ৰধানমন্ত্ৰী হিচাপে৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে এনে ৫ টা সৰ্বোৎকৃষ্ট কাম কৰি থৈ গৈছে যাৰ বাবে তেওঁৰ ওচৰত ভাৰতবাসী আজীৱন কৃতজ্ঞ হৈ থাকিব৷
দেশক প্ৰগতিৰ পথেৰে আগুৱাই নিবলৈ তেওঁ হাতত লোৱা ৫ টা কামৰ বিষয়ে কিন্তু বহুতেই নাজানে।

১। ১৯৯১ অৰ্থনৈতিক সংস্কাৰঃ

৯০ দশকৰ আৰম্ভণিতে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থা একেবাৰে বেয়া দিশৰ ফালে গতি কৰিছিল৷ সেইসময়ত পেট্ৰ’লিয়ামৰো নাটনি চলি আছিল৷ যেনেতেনে দেশখন চলাই নিবলৈও সেইসময়ত ভাৰতত টকাৰ নাটনি হৈছিল৷ নবনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে সকলোকে আচৰিত কৰি অ-ৰাজনৈতিক ডঃ মনমোহন সিঙক ভাৰতৰ অৰ্থনৈতিক সংকট দূৰ কৰিবৰ বাবে বিত্তমন্ত্ৰী হিচাবে কেবিনেটত মকৰল কৰে। প্ৰতিপক্ষৰ তীব্ৰ বিৰোধিতা সত্বেও পাচৰ কেইবছৰত ডঃ সিঙে ভাৰতৰ অৰ্থনীতিক মুক্ত অৰ্থনীতি হিচাবে গঢ়ি তুলিবলৈ এলানি অৰ্থনৈতিক সংস্কাৰৰ পদক্ষেপ গ্ৰহণ কৰে। একমাত্ৰ মনমোহন সিঙৰ সবল নেতৃত্বত ভাৰতৰ বিত্তীয় সংকট আঁতৰিল আৰু সংস্কাৰবাদী অৰ্থনীতিবিদ হিচাবে গোলকীয়ভাৱে সিঙৰ প্ৰতিষ্ঠা হ’ল৷ আৰ্থিক সংস্কাৰৰ ব্যাপক নীতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা এতিয়াও বিশ্বজুৰি সমাদৃত।

২। RTI আইন ২০০৫

ভাৰতত এনে দুখন আইনৰ প্ৰণয়ন কৰা হৈছে য’ত জনসাধাৰণৰ সুবিধা আটাইতকৈ বেছি৷ সেয়া হ’ল উপভোক্তা আইন আৰু RTI৷ মনমোহন সিং প্ৰধানমন্ত্ৰী হিচাপে ক্ষমতালে অহাৰ পাছতেই এই বিধেয়ক দুখন গৃহীত হৈছিল৷ ইয়াৰ বাবে ভাৰতবাসীয়ে দীৰ্ঘদিন ধৰি যুঁজ দি আছিল৷ এই আৰটিআই আইনৰ বাবেই পৰৱৰ্তী সময়ত বিভিন্ন বিভাগত সংঘটিত অনিয়ম পোহৰলৈ আহিছিল।

৩। মনৰেগা ২০০৬

এয়া এনে এখন আইন যাৰদ্বাৰা চৰকাৰ আৰু জনসাধাৰণৰ সম্পৰ্ক সলনি হৈছিল৷ ইয়াত মহিলাসকলক বিশেষকৈ প্ৰাধান্য দিয়া হৈছিল৷ গাঁৱৰ সকলো মানুহে নিজৰ এলেকাৰ আশেপাশে যাতে কৰ্মসংস্থাপন পায় তাৰবাবে গুৰুত্ব প্ৰদান কৰা হৈছিল৷ গোটেই পৰিয়ালটোকেই মূল লক্ষ্য কৰি লোৱা হৈছিল এই আঁচনিত৷ কৰ্মদক্ষহীন কৰ্মকৰ্তাৰ বাবে পিছলৈ পাছে এই আইন প্ৰসহনত পৰিণত হৈছিল৷

৪। চিভিল নিউক্লিয়েৰ ডীল ২০০৮

ভাৰতৰ প্ৰগতিৰ লগে লগে শক্তিখণ্ডৰো প্ৰয়োজনীয়তা ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছিল। প্ৰতিখন গাঁৱলৈ বিজুলী যোগান ধৰিবৰ বাবে বিজুলী শক্তি উৎপাদনো অৱশ্যাম্ভাৱী হৈ পৰিছিল। ইয়াৰ বাবে নিউক্লিয়েৰ প্লাণ্ট স্থাপন কৰাটোৱেই হৈছে আটাইতকৈ সহজ। কিন্তু ইয়াৰ ফলত দায়ৱদ্ধতা আৰু বিপদো বাঢ়ি যায়। লগতে সেই সময়ত এনে প্ৰচাৰ ব্যাপক হৈ পৰিছিল যে চৰকাৰে আমেৰিকাৰ ওচৰত এইবোৰ কৰি দেশখন বন্ধকত থব বিচাৰিছে। মনমোহন চৰকাৰৰ সহযোগী কমিউনিষ্ট দলে ঘোষণা কৰিছিল নিউক্লিয়েৰ চুক্তি সম্পন্ন হ’লে তেওঁলোকে চৰকাৰৰ পৰা সমৰ্থন উঠাই ল’ব। এইবোৰৰ মাজতে মনমোহন সিঙে এই ঐতিহাসিক চুক্তি সম্পন্ন কৰিছিল। এয়া আছিল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক বৃহৎ কূটনৈতিক জয়।

৫। খাদ্য সুৰক্ষা বিধেয়ক-২০১৩

স্বাধীনতাৰ দিনদিয়েক পূৰ্বে পশ্চিম বংগত দুৰ্ভিক্ষই দেখা দিছিল। সেই দুৰ্ভিক্ষত ৩০ লাখ লোকৰ মৃত্যু হৈছিল। চীনৰ সৈতে যুদ্ধ হোৱাৰ পিচত পুনৰ দুৰ্ভিক্ষই দেখা দিছিল। একে সময়তে পাকিস্তানৰ সৈতেও যুদ্ধ লাগিছিল। সেউজ বিপ্লৱৰ পিছত স্থিতি কিছু সুস্থিৰ হৈ পৰিছিল। কিন্তু ইমানৰ পিছতো দেশৰ কোটি কোটি লোকে পেট পূৰাই খাবলৈ পোৱা নাছিল। এনে সময়তে মনমোহন চৰকাৰে খাদ্য সুৰক্ষা বিধেয়কৰ জৰিয়তে বিশ্বত এক আদৰ্শ দাঙি ধৰিবলৈ সমৰ্থ হৈছিল। খাদ্য সুৰক্ষা আইনখন কিছু পৰিমাণে সমালোচিত হ’লেও এটা পৰ্যায়লৈকে ই দেশৰ কোটি কোটি দৰিদ্ৰ লোকক সকাহ দিবলৈকো সমৰ্থ হয়। সেয়ে খাদ্য সুৰক্ষা আইনখনক সমগ্ৰ বিশ্বতে মনমোহন চৰকাৰৰ দেশবাসীৰ প্ৰতি থকা দায়ৱদ্ধতাৰ নমুনা হিচাপে আজিও গণ্য কৰি অহা হৈছে।

মনমোহন সিঙে লাভ কৰা বঁটা-সন্মান

ডঃ মনমোহন সিঙক তেওঁৰ কঠোৰ পৰিশ্ৰম, কামৰ ক্ষেত্ৰত বৌদ্ধিক দৃষ্টিভংগী আৰু নম্ৰ ব্যৱহাৰৰ বাবে অত্যধিক সন্মান দিয়া হয়। ৰাজহুৱা জীৱনত ড০ সিঙে কেইবাটাও বঁটা আৰু সন্মানেৰে সন্মানিত হৈছে। সেইবোৰৰ ভিতৰত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ(১৯৮৭), ভাৰতী বিজ্ঞান সমাৰোহৰ জৱাহৰলাল নেহৰু জন্ম শতবৰ্ষ বঁটা(১৯৯৫), বৰ্ষশ্ৰেষ্ঠ বিত্ত মন্ত্ৰীৰ বাবে এছিয়া মনি বঁটা(১৯৯৩ আৰু ১৯৯৪), বৰ্ষশ্ৰেষ্ঠ বিত্ত মন্ত্ৰীৰ ইউৰো মনি বঁটা(১৯৯৩), কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ আদাম স্মিথ পুৰষ্কাৰ(১৯৫৬), আৰু কেম্ব্ৰিজত ছেইণ্ট জ’নছ কলেজত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে ৰাইট পুৰষ্কাৰ(১৯৫৫) ইত্যাদি উল্লেখযোগ্য। ডঃ সিঙক জাপানীজ নিহন কেইজাই শ্বিমবুনকে ধৰি কেইবাটাও সংস্থাই সন্মান আগবঢ়াইছে। কেম্ব্ৰিজ আৰু অক্সফৰ্ডকে ধৰি কেইবাখনো বিশ্ববিদ্যালয়ৰ পৰা ডঃ সিঙে সম্মানীয় ডিগ্ৰী লাভ কৰিছে।

ডঃ সিঙে বহু সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু একাধিক আন্তঃৰাষ্ট্ৰীয় সংস্থাত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। তেওঁ চাইপাছ(১৯৯৩)ত কমনৱেল্থ দেশসমূহৰ মুৰব্বীসকলৰ বৈঠকত আৰু ভিয়েনাত ১৯৯৩ত আয়োজিত বিশ্ব মানৱাধিকাৰ সন্মিলনত ভাৰতীয় প্ৰতিনিধিবৰ্গৰ নেতৃত্ব বহন কৰে। নিজৰ ৰাজনৈতিক কেৰিয়াৰত ডঃ সিঙে ১৯৯১চনৰ ভাৰতীয় সংসদৰ উচ্চ সদন(ৰাজ্যসভা)ৰ সদস্য হিচাপে নিৰ্বাচিত হয়, য’ত তেওঁ ১৯৯৮ৰ পৰা ২০০৪লৈ বিৰোধীৰ নেতা হিচাপে আছিল। ডঃ মনমোহন সিঙে ২০০৪ৰ নিৰ্বাচনৰ পাছত ২২ মে’ত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আৰু ২০০৯ৰ ২২ মে’ত দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
৫০তকৈয়ে বেছি আফটাৰশ্ব’ক! ক্ষন্তেক সময়ৰ মূৰে মূৰেই কঁপি আছে টাইৱান, ভূমিকম্পই শেষ কৰি দিলে টাইৱানৰ কেইবাটাও অঞ্চল, জাৰি সতৰ্কতা

৫০তকৈয়ে বেছি আফটাৰশ্ব’ক! ক্ষন্তেক সময়ৰ মূৰে মূৰেই কঁপি আছে টাইৱান, ভূমিকম্পই শেষ কৰি দিলে টাইৱানৰ কেইবাটাও অঞ্চল, জাৰি সতৰ্কতা

প্ৰথমে কংগ্ৰেছৰ লোকসভা প্ৰাৰ্থী, তাৰ পাছতেই মোদী চৰকাৰৰ প্ৰৱল সমালোচক, শেষত সেই বক্সাৰেই এইবাৰ বিজেপিত!

প্ৰথমে কংগ্ৰেছৰ লোকসভা প্ৰাৰ্থী, তাৰ পাছতেই মোদী চৰকাৰৰ প্ৰৱল সমালোচক, শেষত সেই বক্সাৰেই এইবাৰ বিজেপিত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.