এইবাৰৰ মীট গালাত কোন কোন ভাৰতীয়ই দেখুৱালে অদ্ভুত সাজ, কোনে গৌৰৱাম্বিত কৰিলে ভাৰতক
বিশ্বৰ সবাতোকৈ ডাঙৰ ফেশ্বন অনুষ্ঠান মীট গালাক লৈ বৰ্তমানে ফেশ্বন ইণ্ডাষ্ট্ৰিত হৈ চৈ। কোনে কিমান সুন্দৰ তথা আচৰিত সাজ পৰিধান কৰিব পাৰে তাকে লৈ এক প্ৰতিযোগিতা। এই অনুষ্ঠানখনত পিছ পৰি ৰোৱা নাই ভাৰতৰো বিশেষ সুন্দৰী সকল লগতে বলীউডৰ অভিনেত্ৰী আৰু ডিজাইনাৰ।
এইবাৰ মীট গালাত কেইবাগৰাকী ভাৰতীয়ই নিজৰ সুন্দৰ সাজেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। এইবাৰৰ তালিকাত আছে বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্ট, দেশৰ অন্যতম ধনাঢ্য মুকেশ আম্বানীৰ কন্যা ইশা আম্বানী, ফেশ্বন ডিজাইনাৰ সব্যসাচী, ফেশ্বন ইণ্টাৰপ্ৰোনাৰ মোনা পেটেল, ব্যৱসায়ী নতাশা পুনাৱালা আদিয়ে।
এইবাৰৰ মীট গালাৰ থীম আছিল গাৰ্ডেন। যাৰ বাবে এইবাৰ ৰেড কাৰ্পেটো পৰা নহয় মীট গালাৰ অনুষ্ঠানত। গাৰ্ডেনৰ আৰ্হিৰে সজোৱা হয় সকলো। অতিথি সকলৰো বহুতেই এই থীম অনুসাৰেই সাজপাৰ পৰিধান কৰে।
আলিয়া ভাটে মীট গালা ২০২৪ৰ বাবে কাষ্টম ডিজাইন কৰা, মীণ্ট সেউজীয়া ৰঙৰ সব্যসাচীয়ে ডিজাইন কৰা ফুলাম শাৰী পিন্ধিছিল। যাৰ আঁচন খন খুবেই দীঘল আছিল।
মুকেশ আম্বানীৰ কন্যা ইশা আম্বানীয়েও শাৰী আৰপ গাউনৰ ফিউজন কৰাই এক সাজ পৰিধান কৰে। যাৰ আঁচলটোৰ বহুতো ফুলৰ সমাহাৰ আছিল।
সব্যসাচী নিজেও এইবাৰৰ গালাত উপস্থিত থাকে। নিজেই ডিজাইন কৰা বগা চ্যুত পৰিধান কৰে। সেই সাজৰ লগত ফিউজন কৰে ভাৰতীয় সংস্কৃতিৰ আ-অলংকাৰ।
২০২৪ চনৰ মীট গালাৰ বাবে নাতাশা পুনাৱালাই ডিজাইনাৰ জন গালিয়ানোৱে ডিজাইন কৰা কাষ্টম মাৰ্জিলাত সাজ পৰিধান কৰি উপস্থিত হয়।
ফৰ্বছ নেক্সট ১০০০ সন্মানীয় ব্যক্তিৰ চিইঅ’ মোনা পেটেলে ২০২৪ চনৰ মেট গালাত অফ-শ্বোল্ডাৰ, বডি হাগিং, আইৰিছ ভ্যান হাৰ্পেন গাউন পিন্ধি বহু প্ৰত্যাশিত অভিষেক ঘটায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ