অসম লাইভ২৪ঃ ঐশ্বৰ্য ৰায়ৰ সৌন্দৰ্যই আজিও মুগ্ধ কৰে তেওঁৰ অনুৰাগীসকলক৷ প্ৰাক্তন বিশ্বসুন্দৰী ঐশ্বৰ্যক ৰেড কাৰ্পেট লুক চাবৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে বহুজনেই৷ বিশেষকৈ কাঁ চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ উপস্থিতি সেইবাবেই আশা কৰে বহুজন অনুৰাগীয়ে৷ ৰেড কাৰ্পেটত ঐশ্বৰ্যই খোজ দিয়াৰ লগে লগেই এইবাৰো ঐশ্বৰ্যৰ বহু ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷
অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছিল ঐশ্বৰ্যলৈ৷ এইবাৰ ঐশ্বৰ্য্যই কি পিন্ধিব সেই বিষয়টোক লৈয়ো বহুজনেই উৎসাহীও হৈ আছিল৷ এইবাৰ ব্লেক এণ্ড ৰেড গাউনেৰে ৰেড কাৰ্পেটত খোজ পেলাইছে ঐশ্বৰ্যই৷ আন্তৰ্জাতিক তাৰকাৰ ভীৰত এইবাৰো জিলিকি উঠিছে ঐশ্বৰ্য৷ কাঢ়ি লৈছে সকলোৰে লাইমলাইট৷ হাতত আঘাত লৈয়ে ৰেড কাৰ্পেটত খোজ দিছে ঐশ্বৰ্যই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















