নিশাৰ আহাৰ ৰন্ধা নাছিল পত্নীয়ে, ক্ষোভতে স্বামীয়ে প্ৰথমে কাটিলে, পাছত ছাল এৰুৱাই মাংস…
এইখন ভাৰততে সংঘটিত হোৱা এক লোমহৰ্ষক ঘটনা। পত্নীয়ে খাদ্য ৰন্ধা নাছিল বাবেই স্বামীয়ে হত্যা কৰি দিয়ে পত্নীৰ। কেৱল সিমানেই নহয় হত্যাৰ পাছত আৰক্ষীয়ে যেতিয়া সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰে, গাৰ নোম এডাল এডাল হৈ পৰে সকলোৰে।
কৰ্ণাটকৰ টুমকুৰ জিলাৰ পৰা পোহৰলৈ আহিছে গাৰ নোম শিয়ৰি উটা এক গোচৰ। এজন লোকে পত্নীক হত্যা কৰি টুকুৰা টুকুৰ কৰি পেলাই। ইয়াৰ পিছত তেওঁ সেই টুকুৰাবোৰৰ পৰা ছালখন আঁতৰাই দিলে আৰু মাংসবোৰো পৃথক কৰিলে। জিলাখনৰ হোস্পেট গাঁৱত সংঘটিত হৈছে এই ঘটনা।
মৃত মহিলাগৰাকীৰ নাম পুষ্পা (৩২) আৰু হত্যাকাৰী স্বামীৰ নাম শিৱৰাম। তথ্য অনুসৰি ৯ বছৰ পূৰ্বে দুয়োৰে আন্তঃজাতীয় প্ৰেমৰ বিবাহ হৈছিল। দুয়োৰে এটি ৮ বছৰীয়া পুত্ৰ সন্তানো আছে। বৰ্তমানে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি সোমবাৰে শিৱৰাম আৰু পুষ্পাৰ মাজত কাজিয়া হৈছিল। ইয়াৰ পিছত পুষ্পাই ৰাতি খাদ্য ৰন্ধা নাছিল। সেই কথাত ক্ষুব্ধ হৈ শিৱৰামে নিশা প্ৰাণে মাৰি পেলাই পত্নীক। খবৰ অনুসৰি শিৱৰামে প্ৰথমে ডিঙি কাটে তাৰ পিছত মৃতদেহটো পাকঘৰলৈ লৈ যায় আৰু কেইবাটাও টুকুৰা কাটি পেলায়।
পুত্ৰ জন্মৰ পিছৰে পৰা খৰছ বাঢ়িছিল পৰিয়ালটোৰ, কিন্তু সেই অনুপাতে উপাৰ্জন ভাল নাছিল। বহুবাৰ এই সন্দৰ্ভতে দুয়োৰে মাজত বিবাদ হৈছিল। সোমবাৰেও একেটা বিষয়তে দুয়োৰে মাজত তৰ্ক হৈছিল।
সেই নিশাই শিৱৰামে পত্নী পুষ্পাক হত্যা কৰে। প্ৰমাণ নোহোৱা কৰিবলৈ পুষ্পাৰ শৰীৰটো কেইবাটাও টুকুৰা কাটি তাৰ পৰা ছাল আৰু মাংসও আঁতৰাই পেলাই যাতে সেইবোৰ চিনাক্ত কৰিব পৰা নাযায়। গোটেই নিশাতো এই কামটো কৰিয়েই কটাই শিৱৰামে।
কিন্তু, পিছদিনা ৰাতিপুৱা যেতিয়া কোঠাৰ পৰা কোনো ওলাই নাহে, তেতিয়া ঘৰৰ মালিকৰ সন্দেহ হ’য়। খিৰিকীৰে কোঠাটোৰ ভিতৰলৈ ভুমুকিয়াই মাৰি চাই অৱস্থাটো দেখি সি তভধ খাই। লগে লগে তেওঁ এই বিষয়ে আৰক্ষীক অৱগত কৰে। খবৰ লাভৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ শিৱৰামক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ মতে, শিৱৰামে নিজৰ অপৰাধ স্বীকাৰ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















