নিৰ্বাচনৰ পাছতে ৰাইজক মাধমাৰ, ফলাফল ঘোষণাৰ পূৰ্বেই টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেই ৰাইজক পুনৰ মাধমাৰ। আজিৰে পৰা ব্যয়বহুল হ’ল যাত্ৰা। টোল কৰ বৃদ্ধি। কালি মাজনিশাৰ পৰা বৃদ্ধি পাইছে টোল টেক্স। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত৷ নিশা ১২ বজাৰ পৰাই প্ৰযোজ্য হৈছে এই নতুন টোল কৰ।
আজি সোমবাৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰা কৰিলেই ভৰিব লাগিব অধিক টোল কৰ তথা টেক্স। সোমবাৰৰ পৰা সমগ্ৰ দেশতে টোল গেট চাৰ্জ ৩ৰ পৰা ৫% বৃদ্ধি পাব।
এপ্ৰিলতে মাহতে টোল কৰ বৃদ্ধিৰ পৰিকল্পনা আছিল ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ । যাৰ ফলতে কালি নিশাৰ পৰা এই সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়াৰ পৰা ৩-৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাব টোল কৰ।
নিৰ্বাচনৰ বাবে স্থগিত ৰাখিছিল এপ্ৰিলত বৃদ্ধি হ’বলগীয়া বাৰ্ষিক কৰ। সেয়ে ভোটদান পৰ্ব শেষ হোৱাৰ লগে লগে ফলাফল ঘোষণা নৌহওঁতেই কৰ বৃদ্ধি।
আজিৰে পৰা দেশৰ ১১০০ খন টোলগেটত ভৰিব লাগিব নতুন কৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















