শহুৰৰ বিপুল অৰ্থ৷ তেওঁ জীয়াই থাকিলে সেই সম্পত্তিৰ ভাগ পোৱা নাযাব৷ জীয়াই থাকোতে হস্তগত কৰা অসম্ভৱ বাবেই বোৱাৰীয়েকে ৰচিলে অদ্ভুত প্লেন৷ মাষ্টাৰ প্লেন তৈয়াৰ কৰি হত্যা কৰিলে নিজ শহুৰেকক৷ শহুৰেকৰ মৃত্যুৰ পাছতেই ৩০০ কোটি সম্পত্তিৰ মালিক হ’ল বোৱাৰীয়েক৷
পৰিকল্পিতভাৱেই এক দূৰ্ঘটনাৰ ৰূপ দি নিজ শহুৰেকক হত্যা কৰিলে বোৱাৰীয়েকে৷ মহাৰাষ্ট্ৰৰ নাগপুৰৰ বাসিন্দা পুৰুষোত্তম পুত্তেৱাৰৰ ৩০০ কোটিৰ সম্পত্তি আছিল৷ হঠাৎ এক পথ দূৰ্ঘটনাক পুৰুষোত্তমৰ মৃত্যু হয়৷ এই দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনা অসুস্ত পত্নীক চাবৰ বাবে হাস্পতাললৈ ৰাওনা হৈছিল পুৰুষোত্তম৷ হাস্পতালত পত্নীক লগ কৰি উভতি অহাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনা৷ ৰাস্তা পাৰ হৈ নিজ বাহনৰ দিশে আগবাঢ়োতেই এখন বাহনে তেওঁক পিছফালৰ পৰা খুন্দিয়াই থৈ যায়৷ ঘটনাস্থলীতে লগে লগে মৃত্যুক সাবটে পুৰুষোত্তমে৷
প্ৰাথমিকভাৱে সেই ঘটনাৰ গোচৰ ৰুজু কৰে আৰক্ষীয়ে৷ তদন্ত চলাৰ সময়ত পুৰুষোত্তমৰ পুত্ৰবধূৰ গতিবিধি অস্বাভাৱিক দেখা পাই আৰক্ষীয়ে৷ তাৰপিছতেই পুৰুষোত্তমৰ পুত্ৰবধূক তদন্তৰ আওঁতালৈ অনা হয়৷ পুৰুষোত্তমৰ বোৱাৰীয়ে অৰ্চনাৰ গতিবিধি নিৰীক্ষণ কৰি আৰক্ষীয়ে জেৰা আৰম্ভ কৰে অৰ্চনাক৷ জেৰাতেই ওলাই পৰে ক’ত কেনেকৈ ৰচা হৈছিল পুৰুষোত্তমৰ হত্যাৰ ষড়যন্ত্ৰ৷
আৰক্ষীয়ে সংবাদসংস্থা পিটিআইক দিয়া সাক্ষাৎকাৰত জনাইছে যে, সমগ্ৰ ঘটনাৰ পৰিকল্পনা কৰিছিল পুৰুষোত্তমৰ বোৱাৰীয়েক অৰ্চনাই৷ শহুৰক হত্যা কৰাৰ বাবে এটা ভাৰাতীয়া হত্যাকাৰীও ভাড়ালৈ আনিছিল৷ সেই হত্যাকাৰীক এক কোটী টকা দিয়াৰ বাবেও অংগীকাৰবদ্ধ হৈছিল অৰ্চনা৷ হত্যাকাৰীজনক এখন পুৰণা বাহন ক্ৰয় কৰাৰ বাবে বুদ্ধি দিছিল অৰ্চনাই৷ সেই বাহনেৰেই চেপি হত্যা কৰা হৈছিল পুৰুষোত্তমক৷
আৰক্ষীৰ জেৰাত নিজেই সেই কথা প্ৰকাশ কৰিছে অৰ্চনাই৷ দুৰ্ঘটনাৰ গোচৰ এৰি আৰক্ষীয়ে ধৰে হত্যাৰ গোচৰত৷ অৰ্চনাসহ বৰ্তমানলৈ চাৰিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷ অৰ্চনা ৰাজনৈতিকভাৱেই প্ৰভাৱশালী এগৰাকী মহিলা৷ যাৰ বাবে এই গোচৰৰ তদন্ত কৰাত সমস্যাতো পৰিছে আৰক্ষী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















