৮ ঘণ্টাতে কাঢ়ি নিয়ে প্ৰাণ, কৰ পৰা আহিল এই নতুন বেক্টেৰিয়া, ইয়াৰ লক্ষণ কি কি
কৰণা ভাইৰাছৰ পাছত এই আন এক আতংকই দেখা দিছে। এইবাৰ ভাইৰাছ নহয়, এক বেক্টেৰিয়াহে আতংক হৈ আহিছে। এই বিৰল ৰোগৰ সৈতে যুঁজি আছে জাপানে। এই ৰোগক ষ্ট্ৰেপ্ট’ক’কেল টক্সিক শ্বক চিণ্ড্ৰম (STSS) নাম দিয়া হৈছে। এই ৰোগৰ কাৰণ হৈছে মাংস খোৱা বেক্টেৰিয়া। ই ইমানেই বিপজ্জনক যে ৪৮ ঘণ্টাৰ ভিতৰতে মানুহৰ মৃত্যু হয়। জাপানৰ নেচনেল ইনষ্টিটিউট অৱ ইনফেকচিয়েছ ডিজিজৰ তথ্য অনুসৰি এই পৰ্যন্ত প্ৰায় ১০০০ গৰাকী এই বেক্টেৰিয়াত ধৰা পৰিছে।
এই বেক্টেৰিয়াই সঁচাকৈয়ে মাংস খায় নেকি?-
গ্ৰুপ-এ ষ্ট্ৰেপ্ট’ক’কাছ (GAS) বেক্টেৰিয়াই সঁচাকৈয়ে মানুহৰ মাংস খায়নে? আচলতে ই পোনপটীয়াকৈ মাংস নাখায়। বৰঞ্চ ই মানুহৰ কলাক হত্যা কৰে। সেইবাবেই ইয়াক মাংস খোৱা বুলি কোৱা হয়। যেতিয়া গ্ৰুপ-এ ষ্ট্ৰেপ্ট’ক’কাছে (GAS) কলাক হত্যা কৰে তেতিয়া এই অৱস্থাটোক নেক্ৰ’টাইজিং ফেচিয়াটিছ বুলি কোৱা হয়। “নেক্ৰ’টাইজিং” মানে কলাৰ মৃত্যু আৰু “ফেচিয়াটিছ” মানে প্ৰদাহ।
গ্ৰুপ-এ ষ্ট্ৰেপ্ট’ক’কাছ (GAS) বেক্টেৰিয়া ঘা বা মুকলি ঘা থকা লোকৰ ক্ষেত্ৰত দ্ৰুতগতিত বিয়পে। সংক্ৰমণৰ পিছত এই বেক্টেৰিয়াই ঘাঁত এক প্ৰকাৰৰ বিষাক্ত পদাৰ্থ নিৰ্গত কৰে যেতিয়া বিষাক্ত পদাৰ্থ নিৰ্গত হয় তেতিয়া ই পেশী, ৰক্তবাহী নলী আৰু স্নায়ু ধ্বংস কৰিবলৈ আৰম্ভ কৰে। এই বিষাক্ত পদাৰ্থ ইমানেই বিপজ্জনক যে ঘাঁ বা সংক্ৰমিত অংশ পচিবলৈ আৰম্ভ কৰে।
এই ৰোগৰ লক্ষণসমূহ হৈছ-
জ্বৰ, চৰ্দি, কাহ, চৰ্দি, হৃদস্পন্দন বৃদ্ধি, উশাহ-নিশাহৰ হাৰ বৃদ্ধি, পক্ষাঘাত।
ভাৰতৰ ক্ষেত্ৰত সাধাৰণতে ৫ৰ পৰা ১৫ বছৰৰ ভিতৰৰ শিশু গ্ৰুপ-এ ষ্ট্ৰেপ্ট’ক’কাছ (GAS)ৰ দ্বাৰা আক্ৰান্ত হয়। কিন্তু ই ইমান গুৰুতৰ নহয় যে ই ষ্ট্ৰেপ্ট’ক’কেল টক্সিক শ্বক চিনড্ৰম (STSS)ৰ ৰূপ লয়। কিছুমান দেশত তাৰ বতৰৰ বাবে এই বেক্টেৰিয়া দ্ৰুতগতিত বিয়পি আছে। বিশেষকৈ আমেৰিকা বা জাপানৰ দৰে ঠাইত অধিক বিয়পি আছে এই ৰোগ।
ভাৰতত বৰ্তমানলৈ ইয়াৰ কোনো ৰোগী ধৰা পৰা নাই। ভাৰতত বৰ বিশেষ চিন্তাৰ কাৰণ নাই। তথাপি সাধাৰণ জনতাক সাৱধানে থকাৰ বাবে আহ্বান জনাইছে স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ