পত্নীৰ মৃত্যু শোক সহিব নোৱাৰি মৃত্যুৱে শ্ৰেয় বুলি ছাৰ্ভিছ পিষ্টলেৰে নিজকে শেষ কৰিলে সুদক্ষ আইপিএছ বিষয়া শিলাদিত্য চেতিয়াই৷ পত্নীক বিদায় জনোৱাৰ মাত্ৰ ২০ মিনিট পাছতেই নিথৰ হৈ পত্নীৰ কাষত শুই পৰিল অসম চৰকাৰৰ গৃহ সচিব শিলাদিত্য চেতিয়াই। মঙলবাৰে মহানগৰীৰ নেমকেয়াৰ হাস্পতালৰ আইচিইউ কক্ষত পত্নীৰ নিথৰ দেহৰ ওচৰত ৰৈ নিজৰ ছাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে আইপিএছ বিষয়াগৰাকীয়ে।
২০০৯ চনত আই পি এছ বিষয়া হৈ ওলাই অহা শিলাদিত্য চেতিয়াৰ কেইটামান বছৰ পূৰ্বে পিতৃ-মাতৃৰ বিয়োগ ঘটাৰ পিছত নিজৰ বুলিবলৈ কাষত আছিল কেৱল জীৱনসংগী পত্নী আগমণি বৰবৰুৱা। সন্তানহীন দম্পতিহালৰ এজনেই আনজনৰ ভৰসাও আছিল৷ কিন্তু কৰ্কট নামৰ মাৰণৰোগে শেষ কৰি দিলে দুয়োৰে জীৱন৷ পত্নী আগমণি বৰবৰুৱা কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পিছতে ক্ৰমান্বয়ে আইপিএছ শিলাদিত্য চেতিয়াৰ জীৱন হতাশাৰে ভৰি পৰে।
হাতীগাঁৱৰ নিৱাসী শিলাদিত্য চেতিয়াই প্ৰায় ৪ মাহ পূৰ্বে চিকিৎসাৰ বাবে পত্নীক ভৰ্তি কৰাইছিল মহানগৰীৰ নেমকেয়াৰ নাৰ্চিং হোমত। তাৰ পিছত বিগত সময়খিনি হাস্পতালেই ঘৰ হৈ পৰে আই পি এছ বিষয়াগৰাকী আৰু তেওঁৰ অসুস্থ পত্নীৰ।পত্নীৰ চিকিৎসাৰ বাবে বিগত চাৰিমাহ বিধিগতভাৱে কৰ্তব্যৰ পৰা ছুটিত আছিল শিলাদিত্য চেতিয়া। আইপিএছ শিলাদিত্য চেতিয়াই অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে নলবাৰী, তিনিচুকীয়া, শোণিতপুৰ আদি জিলাৰ আৰক্ষী অধীক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। জীৱনৰ শেষ মুহূৰ্তলৈকে এগৰাকী দক্ষ আৰু নিষ্ঠাবান প্ৰশাসনিক বিষয়া হিচাপে খ্যাতি অৰ্জন কৰি গৈছে শিলাদিত্য চেতিয়াই।
শেহতীয়াভাৱে বুধবাৰে নেমকেয়াৰ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ হিতেশ বৰুৱাই সংবাদমেলযোগে জনাইছে যে, আগন্তুক শুক্ৰবাৰলৈকে শিলাদিত্য আৰু পত্নী আগমণিৰ মৃতদেহ নেমকেয়াৰৰ মৰ্গতেই থাকিব৷ শুকুৰবাৰে বিদেশত থকা তেওঁৰ পৰিয়ালৰ লোক আহিলেহে মৃতদেহ চমজাই দিয়া হ’ব৷ চিকিৎসক হিতেশ বৰুৱাই লগতে জনাই যে দুয়োৰে সৎকাৰো গুৱাহাটীৰ কোনো শ্মশানতেই হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ