• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভিৰৰ মাজতো নিজৰ বুলিবলৈ কোনো নাই! শুকুৰবাৰলৈকে নেমকেয়াৰৰ মৰ্গেই ঠিকনা শিলাদিত্য-আগমণিৰ

ভিৰৰ মাজতো নিজৰ বুলিবলৈ কোনো নাই! শুকুৰবাৰলৈকে নেমকেয়াৰৰ মৰ্গেই ঠিকনা শিলাদিত্য-আগমণিৰ

2 years ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

4 minutes ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

45 minutes ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

2 hours ago
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

2 hours ago
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

3 hours ago
শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

শ্ৰীদেৱীৰ প্ৰেমত মতলীয়া আছিল এইজন ছুপাৰষ্টাৰ

3 hours ago
উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

উদ্বেগজনক! যান-বাহনৰ প্ৰদূষণে ভাৰতত বছৰি প্ৰাণ কাঢ়িছে ৯০ হাজাৰ লোকৰ

5 hours ago
কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

কেনেকৈ দুৰ্গতসকলৰ সাহস হৈ পৰিল হুছেইন মনছুৰী?

5 hours ago
সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

সন্তানক কিমান দিনলৈ স্ত*নপান কৰাব? স্ত*নপানৰ কেইটামান প্ৰচলিত ভুল ধাৰণা

6 hours ago
বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

বিশেষ সূচাংক! আমেৰিকাৰ বিপৰ্যয়ৰ বিপৰীতে ভাৰতৰ অগ্ৰগতি

7 hours ago
ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাসকলৰ বাবে সুখবৰ!

8 hours ago
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ভিৰৰ মাজতো নিজৰ বুলিবলৈ কোনো নাই! শুকুৰবাৰলৈকে নেমকেয়াৰৰ মৰ্গেই ঠিকনা শিলাদিত্য-আগমণিৰ

ভিৰৰ মাজতো নিজৰ বুলিবলৈ কোনো নাই! শুকুৰবাৰলৈকে নেমকেয়াৰৰ মৰ্গেই ঠিকনা শিলাদিত্য-আগমণিৰ

editor by editor
June 19, 2024
in অসম, জীৱনশৈলী, লেখা
0
ভিৰৰ মাজতো নিজৰ বুলিবলৈ কোনো নাই! শুকুৰবাৰলৈকে নেমকেয়াৰৰ মৰ্গেই ঠিকনা শিলাদিত্য-আগমণিৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পত্নীৰ মৃত্যু শোক সহিব নোৱাৰি মৃত্যুৱে শ্ৰেয় বুলি ছাৰ্ভিছ পিষ্টলেৰে নিজকে শেষ কৰিলে সুদক্ষ আইপিএছ বিষয়া শিলাদিত্য চেতিয়াই৷  পত্নীক বিদায় জনোৱাৰ মাত্ৰ ২০ মিনিট পাছতেই নিথৰ হৈ পত্নীৰ কাষত শুই পৰিল অসম চৰকাৰৰ গৃহ সচিব শিলাদিত্য চেতিয়াই। মঙলবাৰে মহানগৰীৰ নেমকেয়াৰ হাস্পতালৰ আইচিইউ কক্ষত পত্নীৰ নিথৰ দেহৰ ওচৰত ৰৈ নিজৰ ছাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে আইপিএছ বিষয়াগৰাকীয়ে।

২০০৯ চনত আই পি এছ বিষয়া হৈ ওলাই অহা শিলাদিত্য চেতিয়াৰ কেইটামান বছৰ পূৰ্বে পিতৃ-মাতৃৰ বিয়োগ ঘটাৰ পিছত নিজৰ বুলিবলৈ কাষত আছিল কেৱল জীৱনসংগী পত্নী আগমণি বৰবৰুৱা। সন্তানহীন দম্পতিহালৰ এজনেই আনজনৰ ভৰসাও আছিল৷ কিন্তু কৰ্কট নামৰ মাৰণৰোগে শেষ কৰি দিলে দুয়োৰে জীৱন৷  পত্নী আগমণি বৰবৰুৱা কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পিছতে ক্ৰমান্বয়ে আইপিএছ শিলাদিত্য চেতিয়াৰ জীৱন হতাশাৰে ভৰি পৰে।

হাতীগাঁৱৰ নিৱাসী শিলাদিত্য চেতিয়াই প্ৰায় ৪ মাহ পূৰ্বে চিকিৎসাৰ বাবে পত্নীক ভৰ্তি কৰাইছিল মহানগৰীৰ নেমকেয়াৰ নাৰ্চিং হোমত। তাৰ পিছত বিগত সময়খিনি হাস্পতালেই ঘৰ হৈ পৰে আই পি এছ বিষয়াগৰাকী আৰু তেওঁৰ অসুস্থ পত্নীৰ।পত্নীৰ চিকিৎসাৰ বাবে বিগত চাৰিমাহ বিধিগতভাৱে কৰ্তব্যৰ পৰা ছুটিত আছিল শিলাদিত্য চেতিয়া। আইপিএছ শিলাদিত্য চেতিয়াই অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে নলবাৰী, তিনিচুকীয়া, শোণিতপুৰ আদি জিলাৰ আৰক্ষী অধীক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। জীৱনৰ শেষ মুহূৰ্তলৈকে এগৰাকী দক্ষ আৰু নিষ্ঠাবান প্ৰশাসনিক বিষয়া হিচাপে খ্যাতি অৰ্জন কৰি গৈছে শিলাদিত্য চেতিয়াই।

পত্নীৰ অসুস্থতা অধিক জটিল হৈ পৰা বাবে কেইদিনমান পূৰ্বে নেমকেয়াৰৰ দ্বিতীয় মহলাৰ আই চি ইউ কক্ষত ভৰ্তি কৰোৱা হৈছিল। মঙলবাৰে পুৱা তাতেই শেষ নিশ্বাস ত্যাগ কৰে মৰমৰ পত্নীয়ে। হাস্পতাল কৰ্তৃপক্ষই শিলাদিত্য চেতিয়াক সেই খবৰ প্ৰদান কৰাৰ পিছতে আই চি ইউত প্ৰৱেশ কৰি পত্নীৰ সৈতে অন্তিম কেইমুহূৰ্তমান অকলে পাৰ কৰাৰ ইচ্ছা ব্যক্ত কৰে চেতিয়াই। আইপিএছ বিষয়াগৰাকীৰ অনুৰোধমৰ্মে হাস্পতালৰ চিকিৎসক আৰু আন চিকিৎসাকৰ্মীসকলে কোঠাৰ পৰা বাহিৰলৈ ওলাই অহাৰ পিছতে পত্নীৰ নশ্বৰ দেহৰ কাষত থিয় হৈ নিজৰ ছাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহনন কৰে ৰাজ্যৰ গৃহ সচিবগৰাকীয়েও। ইফালে আই চি ইউৰ পৰা গুলীৰ শব্দ শুনি চিকিৎসালয়খনৰ কৰ্মচাৰীসকলে দৌৰি সেই স্থানত উপস্থিত হৈ বিষয়াগৰাকীৰ নিথৰ দেহ কোঠাৰ মজিয়াত পৰি থকা প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।

শেহতীয়াভাৱে বুধবাৰে নেমকেয়াৰ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ হিতেশ বৰুৱাই সংবাদমেলযোগে জনাইছে যে, আগন্তুক শুক্ৰবাৰলৈকে শিলাদিত্য আৰু পত্নী আগমণিৰ মৃতদেহ নেমকেয়াৰৰ মৰ্গতেই থাকিব৷ শুকুৰবাৰে বিদেশত থকা তেওঁৰ পৰিয়ালৰ লোক আহিলেহে মৃতদেহ চমজাই দিয়া হ’ব৷ চিকিৎসক হিতেশ বৰুৱাই লগতে জনাই যে দুয়োৰে সৎকাৰো গুৱাহাটীৰ কোনো শ্মশানতেই হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!
জীৱনশৈলী

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

August 1, 2026
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন
বিনোদন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

August 1, 2026
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?
বাণিজ্য

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

August 1, 2026
পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ
বাণিজ্য

পুনৰ সৰ্বসাধাৰণৰ মূৰত বহুজাতিক কোম্পানীৰ দামবৃদ্ধিৰ মাধমাৰ

August 1, 2026
Next Post
ৰাহুল গান্ধীৰ ওপজা দিন, ওপজা দিনতেই জানি থওক ৰাহুলৰ এই ১০টা অজানা কথা

ৰাহুল গান্ধীৰ ওপজা দিন, ওপজা দিনতেই জানি থওক ৰাহুলৰ এই ১০টা অজানা কথা

কিমৰ দেশত পুটিন… ২৪ বছৰৰ পাছত হঠাৎ কিয় উত্তৰ কোৰিয়ালৈ কিয় আহিছে পুটিন?

কিমৰ দেশত পুটিন... ২৪ বছৰৰ পাছত হঠাৎ কিয় উত্তৰ কোৰিয়ালৈ কিয় আহিছে পুটিন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.