প্ৰতি বছৰে হাজাৰ হাজাৰ মানুহে জম্মু কাশ্মীৰত অৱস্থিত বৈষ্ণুদেৱী মন্দিৰলৈ দৰ্শনৰ বাবে যায়৷ খোজকাঢ়ি বা ঘোঁৰাত উঠিয়েই অধিকাংশ তীৰ্থযাত্ৰীয়ে বৈষ্ণদেৱী দৰ্শন কৰে৷ এইবাৰ জম্মুৰ পৰা কোনো অসুবিধা নোহোৱাকৈ আকাশীপথেৰেই আপুনি বৈষ্ণদেৱীলৈ যাব পাৰিব৷ তীৰ্থযাত্ৰীয়ে বিচাৰিলে এদিনতেই দৰ্শন কৰি জম্মুলৈ উভতিও যাব পাৰিব৷ তীৰ্থযাত্ৰীৰ সুবিধাৰ বাবে এই নতুন হেলিকপ্টাৰ পৰিসেৱা আৰম্ভ কৰা হৈছে৷ ৰিয়াছি জিলাৰ ত্ৰিকুট পাহাৰত অৱস্থিত বৈষ্ণদেৱী মন্দিৰ দৰ্শনত যোৱা তীৰ্থযাত্ৰীসকলে বেছকেম্প কাটৰাত প্ৰথমে উপস্থিত হ’ব লাগিব৷ কাটৰাৰ পৰা মন্দিৰৰ ওচৰত থকা ছাঙ্কি ছট পৰ্যন্ত হেলিকপ্টাৰ সেৱা পূৰ্বৰে পৰাই আছিল৷
এই যাত্ৰাৰ বাবে পূৰ্বতে জনেপ্ৰতি ভাড়া আছিল ২১০০ টকা৷ জম্মুৰ পৰা নতুন হেলিকপ্টাৰ পৰিসেৱাৰ বাবে তীৰ্থযাত্ৰীয়ে ৱেবচাইট https://online.maavaishnodevi.org/ৰ মাধ্যমেৰে বুকিং কৰিব লাগিব৷ হেলিকপ্টাৰ পৰিসেৱাৰ বাবে অফিচিয়েল ৱেবচাইটত গৈ লগ ইন কৰি সকলো বিৱৰণ দি অনলাইন টিকেট কাটিব লাগিব৷ ইমেইলৰ মাধ্যমেৰে আপোনালৈ টিকট পঠিয়াব ৱেবটাইটটোৱে৷ প্ৰতিদিনে চাৰিখনকৈ হেলিকপ্টাৰ উৰিব৷ দিনটোৰ বেলেগ বেলেগ সময়ত উৰা মাৰিব হেলিকপ্টাৰকেইখনে৷
বৈষ্ণদেৱী তীৰ্থক্ষেত্ৰ বৰ্ডৰ মুখপাত্ৰই জনাইছে যে এই পৰিসেৱাৰ বাবে তীৰ্থযাত্ৰীয়ে পূৰ্বতকৈ বেছি আৰামদায়কভাৱে বৈষ্ণদেৱী মন্দিৰ দৰ্শন কৰিব পাৰিব৷ ইয়াৰোপৰি জৰুৰীকালীন সেৱাৰ বাবেও এই ব্যৱস্থা সুবিধাজনক হ’ব৷ এই পৰিসেৱাৰ বাবে মন্দিৰৰ ৱেবচাইটত গৈ টিকট বুকিং কৰিব লাগিব ভক্তসকলে৷ এই যাত্ৰাৰ বাবে দুইধৰণৰ পেকেজৰ ব্যৱস্থা কৰা হৈছে৷ এদিনতে গৈ উভতি অহা আৰু নিশা যাপন কৰি পিছদিনা উভতি অহাৰ বাবেও পূৰ্বেই টিকট বুকিং কৰিব লাগিব৷ অন্যহাতে দুদিনীয়া যাত্ৰাৰ বাবে হেলিকপ্টাৰৰ ভাড়া হৈছে ৫০হাজাৰ টকা৷ এদিনৰ পেকেজ নিৰ্বাচন কৰা যাত্ৰীয়ে পাঞ্চি হেলিপেডৰ পৰা বেটেৰিচালিত বাহনত নিৰ্দিষ্ট স্থানলৈ লৈ যোৱা হ’ব যাত্ৰীক৷ বিশেষভাৱে দৰ্শন কৰাই ভৈৰো মন্দিৰলৈ যোৱাৰ বাবে টিকট আৰু তাৰপাছত হেলিকপ্টাৰেৰে আকৌ জম্মু বিমানবন্দৰলৈ লৈ যোৱা হ’ব৷ এই ৫০ হাজাৰ পেকেজৰ ভিতৰতেই এই সুবিধা লাভ কৰিব যাত্ৰীয়ে৷ এই যাত্ৰাত তিনিবাৰ খাদ্য যোগানৰো ব্যৱস্থা থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ