মুছলমান সংখ্যাগৰিষ্ঠ দেশ হোৱাৰ দিশে ভাৰত, কেৱল ৰাহুল গান্ধীয়েহে কৰিব পাৰিব সহায়-মুখ্যমন্ত্ৰী
মোৰ কথা নুশুনে মুছলমান ৰাইজে, ৰাহুল গান্ধীৰ কথা শুনে, ৰাহুল গান্ধীক ব্ৰেণ্ড এম্বেছেদৰ পাতিলেহে মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ হ’ব । নহলে অসম অহা কেইবছৰ মানৰ ভিতৰতে মুছলমান প্ৰধান ৰাজ্য হৈ পৰিব। আজি এক সংবাদমেল যোগে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সংবাদমেল খনত মুখ্যমন্ত্ৰীয়ে মুছলমানৰ জনসংখ্যাৰ ওপৰত মন্তব্য দাঙি ধৰি কয় যে, ২০৪১ৰ ভিতৰত অসমত মুছলমান লোক সংখ্যাগৰিষ্ঠ হৈ পৰিব। কেৱল অসমৰ ক্ষেত্ৰতে নহয় ভাৰতৰ ক্ষেত্ৰতো একে ধৰণৰ দৃশ্য দেখা যাব । হিন্দু প্ৰধান ভাৰতবৰ্ষত হিন্দু-মুছলমান সমান হৈ পৰিব।
ইয়াৰ লগতে ইয়াকো কয় যে, মুছলমানে আজি পৰ্যন্ত মোৰ কথা শুনা নাই। তেঁওলোকে মোৰ কথা নুশুনে। কেৱল কংগ্ৰেছ আৰু কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ কথাহে শুনে। মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ হ’লে ইয়াৰ এটাই সমাধান আছে। সেয়া হৈছে ৰাহুল গান্ধী। তেখেতক এই ক্ষেত্ৰত ব্ৰেণ্ড এম্বেছেদৰ বনালেহে মুছলমান সকলে তেঁওৰ কথা শুনিব। তেহে জন্ম নিয়ন্ত্ৰণ হব দেশত।
চৰকাৰী তথ্য সন্দৰ্ভত মুক্যমন্ত্ৰীয়ে কয় যে, অসমত প্ৰতি ১০ বছৰৰ মূৰে মূৰে মুছলমান জনসংখ্যা ২৯/৩০ শতাংশকৈ বৃদ্ধি পাই আছে। সংখ্যা হিচাপত প্ৰতি ১০ বছৰত ২২ লাখকৈ বৃদ্ধি পাই আছে। ইণ্ডিয়ান চেনচাচত প্ৰকাশিত ডাটা বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ