হিন্দু ধৰ্মত বিবাহ বা কোনো নৱদম্পত্তিক আশীৰ্বাদ দিয়াৰ সময়ত ৰাম-সীতাৰ প্ৰসংগ টানি আশীৰ্বাদ দিয়া হয়। বহুতেই নৱদম্পত্তি দেখিলেই ৰাম-সীতাৰ যুঁটিৰ সৈতে তুলনা কৰে। বহুতেই ৰাম সীতাৰ দৰে স্বামী-স্ত্ৰী হোৱাৰ বাবেও আশীৰ্বাদ দিয়ে পাত্ৰ-পাত্ৰীক। বাল্মীকিৰ ৰামায়ণত ৰাম আৰু সীতাৰ ভালপোৱাৰ কাহিনীৰ লগতে সীতাৰ বনবাস, পুনৰ ৰাজ্যলৈ উভতি অহা, বিৰহ বিচ্ছেদ প্ৰত্যেকটো কথাই উল্লেখ আছে। ৰাম আৰু সীতাৰ সম্পৰ্কৰ এনে কিছু কথা আছে, যি কথা আমি বহুতেই নাজানো।
ৰাম আৰু সীতাৰ বিবাহৰ সময়ত সীতাৰ বয়স কিমান আছিল? কিমান বছৰ বয়সত ৰামক স্বামীৰূপে বৰণ কৰিছিল সীতাই। বিবাহৰ সময়ত ৰামৰ বয়স কিমান আছিল? কিমান বছৰ বয়সত ৰাম আৰু সীতা বনবাসলৈ গৈছিল? তুলসীদাস আৰু বাল্মীকিৰ ৰামায়ণত এই সকলোবোৰ উত্তৰেই আছে।
বিবাহৰ সময়ত ৰাম সীতাৰ বয়স কিমান আছিল?
বৰ্তমান যুগত ৰাম-সীতাৰ সম্পৰ্কক প্ৰায়েই উদাহৰণ হিচাপে তুলি ধৰা হয়। প্ৰত্যেকজন স্বামী-স্ত্ৰীয়ে এজনে আনজনৰ প্ৰতি ৰাম-সীতাৰ দৰে প্ৰেম আৰু বিশ্বাস বজায় ৰখাৰ বাবেও আশীৰ্বাদ আৰু পৰামৰ্শ দিয়ে। ৰামায়ণ অনুসৰি সীতাৰ স্বয়ম্বৰত শিব ধনু ভাঙি সীতাক নিজৰ কৰি লৈছিল ৰামে। তুলসীদাসৰ ৰামচৰিত মানসত ৰাম আৰু সীতাৰ মাজত বয়সৰ পাৰ্থক্য কিমান আছিল সেই কথাও উল্লেখ আছে। ৰামচৰিত মানসত উল্লেখ থকামতে বিয়াৰ সময়ত সীতা আৰু ৰামৰ বয়সৰ মাজত ৯ বছৰৰ পাৰ্থক্য আছিল।
বাল্মীকিৰ ৰামায়ণ
বাল্মীকিৰ ৰামায়ণ অনুসৰি বিবাহৰ সময়ত ৰামৰ বয়স আছিল ১৩ আৰু সীতাৰ বয়স আছিল ৬বছৰ। ১৮ বছৰ বয়সত সীতাই ৰামৰ সৈতে বনবাসলৈকো গৈছিল। ১৪ বছৰীয়া বনবাসৰ পাছত যেতিয়া সীতা অযোধ্যালৈ উভতি আহে তেতিয়া সীতাৰ বয়স আছিল ৩৩ বছৰ। বাল্মীকিৰ ৰামায়ণৰ মতে বিবাহৰ পাছত ৰাম আৰু সীতাই ইক্ষ্বাকু বংশৰ ৰজা দশৰথৰ প্ৰসাদত ১২ বছৰ আছিল। বনবাসলৈ যোৱাৰ সময়ত সীতাৰ বয়স আছিল ১৮ বছৰ আৰু ৰামৰ বয়স আছিল ২৭ বছৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ