নেপালৰ নদীত পৰিছে এখন যাত্ৰীবাহী বাছ৷ বাছত বহি যি ৪০ জন যাত্ৰী আছিলস তেওঁলোকৰ প্ৰত্যেকেই ভাৰতীয় বুলি জনা গৈছে৷ এই ঘটনাত ইতিমধ্যেই ১৪ জনৰ মৃত্যু হৈছে৷ আহত হৈছে ১৬ জন লোক৷ সংবাদসংস্থা ANIৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি নেপাল আৰক্ষীক উদ্ধৃতি দি কয়, ‘শুক্ৰৰবাৰে বিয়লি নেপালৰ তনহুঁ জিলাৰ মাৰশিয়াংড়ি নদীত বাছখন পৰি যায়৷ এই বাছখন কেনেকৈ দুৰ্ঘটনাত পৰিল সেই কথা এতিয়াও স্পষ্ট নহয়৷ আৰক্ষীৰ তৰফৰ পৰা জনা গৈছে যে বাছখনত থকা ভাৰতীয় যাত্ৰীসকলক লৈ পোখৰাৰ পৰা নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ উদ্দেশ্যে গৈছিল৷
নেপাল আৰক্ষীৰ তৰফৰ পৰা তনহুঁ জিলাত ডিএছপি দীপকুমাৰ ৰায়াই জনোৱা অনুসৰি বাছখন উত্তৰপ্ৰদেশৰ পৰা নেপাল গৈছিল৷ বাছখনৰ নম্বৰপ্লেটত ইউ পি লিখা আছে৷ উত্তৰপ্ৰদেশৰ এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে যে বাহনখনৰ ৰেজিষ্ট্ৰেছন নম্বৰৰ পৰা বাহনখনৰ মালিকৰ নাম আৰু ৰাজ্যৰ কোনো কোন বাসিন্দা দূৰ্ঘটনাৰ কবলত পৰিছে সেয়া জানিব পৰা হোৱা নাই৷
স্থানীয় সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এই বাছৰ ভাৰতীয় যাত্ৰীসকল পোখৰা চহৰৰ এখন ৰিজৰ্টত আছিল৷ শুকুৰবাৰে পুৱা তেওঁলোকে বাছখন লৈ কাঠমাণ্ডুৰ উদ্দেশ্যে ৰাওনা হৈছিল৷ ৰাস্তাতেই ঘটে দুৰ্ঘটনা৷ প্ৰসংগত বিগত জুলাই মাহত নেপালৰ ত্ৰিশূলী নদীত ভাহি গৈছিল দুখন বাছ৷ দুখন বাছত মুঠ যাত্ৰী আছিল ৬৫ জন যাত্ৰী৷ বিগত কেইবাদিন ধৰি ভাৰী বৃষ্টি হৈছে নেপালত৷ চলিত বৰ্ষৰ বাৰিষা কালত নেপালত বৰ্তমান পৰ্যন্ত ৬২ জনৰ মৃত্যু হৈছে৷ আহত হৈছে ৯০ জন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















