শৰীৰত ভিটামিন ডিৰ অভাৱ নেকি ! খাওক এই ৫ ছুপাৰ ফুড দূৰ হ’ব সমস্যা
শৰীৰত সকলো ধৰণৰ ভিটামিন আৰু পুষ্টিকৰ উপাদানৰ প্ৰয়োজন। ভিটামিন ডি এনেকুৱা এটা গুৰুত্বপূৰ্ণ উপাদান যাৰ অভাৱে শৰীৰ দুৰ্বল কৰি অসুস্থ কৰি তুলিব পাৰে। সাধাৰণতে ৰ’দৰ পৰহা ভিটামিন ডি আহৰণ কৰিব পাৰি, কিন্তু আজিকালিৰ ব্যস্থতা ভৰা দিনত সকলো নিজৰ কামক লৈয়ে ব্যস্ত। যাৰ বাবে সূৰ্যৰ পোহৰ শৰীৰত নপৰে আৰু শৰীৰত ভিটামিন ডিৰ অভাৱ হৈ মানুহ অসুস্থ হৈ পৰে।
ভিটামিন ডিৰ অভাৱত ভুগি থকা লোকৰ সংখ্যা যোৱা কেইবছৰমানৰ পৰা বৃদ্ধি পোৱাৰ বাবে আজিকালি স্বাস্থ্য জগতত ভিটামিন ডি চিন্তনীয় বিষয় হৈ পৰিছে। ভিটামিন ডিৰ অভাৱত শৰীৰৰ পেশী আৰু হাড় দুৰ্বল হৈ পৰে। ইয়াৰ অভাৱৰ বাবে গাঁঠিৰ বিষো স্থায়ী হৈ থাকে। ভিটামিন ডিৰ অভাৱত এজন ব্যক্তি সোনকালে ভাগৰুৱা হ’বলৈ আৰম্ভ কৰে। ভিটামিন ডিৰ অভাৱত ভুগি থকা লোকসকল সদায় হৰম’নৰ ভাৰসাম্যহীনতাত থাকে।
কিন্তু কিদৰে দূৰ কৰিব এউই সমস্যা ! যদিও কেৱল ৰ’দত বহিলে ভিটামিন ডিৰ বাবে যথেষ্ট, কিন্তু যদি আপুনি ৰ’দত বহিব নিবিচাৰে তেন্তে আপুনি এই খাদ্যসমূহ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।
কণী
কণীক প্ৰটিনৰ ভাল উৎস বুলি গণ্য কৰা হয় যদিও ইয়াৰ কুহুমত প্ৰচুৰ পৰিমাণে ভিটামিন ডি থাকে। ইয়াৰ কুহুমত সংপৃক্ত চৰ্বি থাকে, যিবোৰ খাব পাৰি। সেয়েহে কণী নিয়মিতভাৱে খাব পাৰি।
চৰ্বিযুক্ত মাছ
কিছুমান মাছত ভিটামিন ডি প্ৰচুৰ পৰিমাণে পোৱা যায়। এই চৰ্বিযুক্ত মাছক ভিটামিন ডিৰ বাবে উত্তম খাদ্য বুলি গণ্য কৰা হয়।
কল
কলত মেগনেছিয়াম থাকে যিয়ে ভিটামিন ডি সক্ৰিয় কৰে। দৈনিক ২টাকৈ কল খালে ভিটামিন ডিৰ অভাৱ দূৰ কৰিব পাৰি।
কাঠফুলা
ভিটামিন-ডি আৰু ভিটামিন-ডি ৩ দুয়োটাই কাঠফুলাত পোৱা যায়। নিৰামিষভোজীয়ে ইয়াক ভিটামিন ডিৰ বাবে সৰ্বোত্তম বিকল্প হিচাবে গণ্য কৰিব পাৰে।
দৈ
দৈক এক উৎকৃষ্ট ফৰ্টিফাইড খাদ্য বুলি গণ্য কৰা হয়, ভিটামিন ডিৰ অভাৱত ডাক্তৰক ফৰ্টিফাইড খাদ্য খাবলৈ পৰামৰ্শ দিয়া হয়। দৈত ভাল বেক্টেৰিয়া থাকে যিবোৰ ভিটামিন ডিৰ উৎসও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ