২৫০ জন দলিতক একেলগে সামাজিক বৰ্জন, আনকি গেলামালৰ দোকানতো প্ৰৱেশ নিষিদ্ধ
আজিৰ দিনটো হ্ৰাস হোৱা নাই দলিত লোকৰ ওপৰত নিৰ্যাতন। এইবাৰ কৰ্ণাটকৰ যাদগীৰ জিলাত ৫০ টা দলিত পৰিয়ালৰ ২৫০ লোকক একেলগে সামাজিক বৰ্জন। যোৱা এমাহ ধৰি এই পৰিয়াল কেইটা সামাজিক বৰ্জনৰ সন্মুখীন হৈছে, যাৰ বাবে পৰিয়াল কেইটাই দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীও কিনিব পৰা নাই। গেলামালৰ দোকানতো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত নিষিদ্ধ।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি এগৰাকী দলিত কিশোৰীক উচ্চ বৰ্ণৰ এগৰাকী যুৱকে যৌন নিৰ্যাতন চলাইছিল। যাৰ বাবে আৰক্ষীৰ কাষ চাপিছিল দলিত পৰিয়ালটো। পাছত উচ্চ বৰ্ণৰ লোক পৰিয়াটোৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল গোচৰ উঠাই লোৱাৰ বাবে। কিন্তু এই কথাত সন্মতি নহয় দলিত লোক। যাৰ বাবে ৫০ টা পৰিয়ালক সামাজিক বৰ্জন উচ্চ বৰ্ণৰ লোকৰ।
কাৰণ যৌন নিৰ্যাতনৰ অভিযোগ প্ৰত্যাহাৰ নকৰা। দৰাচলতে এগৰাকী ২৩ বছৰীয়া উচ্চ বৰ্ণৰ ল’ৰাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰিছে এগৰাকী নাবালক দলিত ছোৱালীৰ পৰিয়ালে।
আৰক্ষী সূত্ৰই জনোৱা মতে, ১৫ বছৰীয়া কিশোৰীগৰাকীৰ সৈতে ২৩ বছৰীয়া যুৱকৰ সম্পৰ্ক আছিল। যুৱকজনে বিয়াৰ অজুহাতত কিশোৰীক যৌন নিৰ্যাতন চলাই আহিছিল, অৱশেষত কিশোৰীগৰাকী গৰ্ভৱতী হয়। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ছোৱালীজনীয়ে পাঁচ মাহৰ গৰ্ভৱতী হৈ থকাৰ সময়তে গোটেই ঘটনা পিতৃ-মাতৃক কয়।
ছোৱালীজনীৰ পৰিয়ালে যেতিয়া যুৱকক প্ৰতিশ্ৰুতি অনুসৰি বিয়া কৰাবলৈ কয়, তেতিয়া যুৱকজনে এই কথাত অমান্তি হয়। ইয়াৰ পিছতে কিশোৰীৰ পিতৃ-মাতৃয়ে ১২ আগষ্টত POCSO আইনৰ অধীনত যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
অভিযোগৰ পিছতে উচ্চবৰ্ণৰ লোকে কিশোৰীৰ পিতৃ-মাতৃক ফোন কৰি আলোচনাত মিলিত হয়। কিন্তু কিশোৰীৰ পিতৃ-মাতৃয়ে এই বিষয়ত ব্যৱস্থা বিচাৰিছিল। ইয়াৰ পিছতে ১৩ আগষ্টত অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। উচ্চবৰ্ণৰ নেতাসকলে এই কথাত ইমানেই খঙাল হৈ পৰে যে গাঁৱৰ দলিত ৫০ টা পৰিয়ালৰ ২৫০ লোকক বৰ্জন কৰে।
আৰক্ষীয়ে বৰ্তমানে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে এই পৰ্যন্ত দলিত আৰু উচ্চ বৰ্ণৰ লোকৰ মাজত কোনো মতানৈক্য হোৱা নাই। পৰিস্থিতি শান্ত থকা বুলিয়ে আৰক্ষীয়ে প্ৰকাশ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ