বলীউডৰ অভিনেতা অমিতাভ বচ্চনৰ স্বাস্থ্য সন্দৰ্ভত ডাঙৰ তথ্য পোহৰলৈ আহিছে। বিভিন্ন বাতৰিত প্ৰকাশ পাইছে যে বিগ বিৰ অসুস্থতাৰ বাবে শ্ব’টোৰ শ্বুটিং সাময়িকভাৱে স্থগিত ৰখা হৈছে। অৱশ্যে তেওঁৰ স্বাস্থ্য সন্দৰ্ভত প্ৰযোজক বা অমিতাভ বচ্চনৰ কোনো আনুষ্ঠানিক বক্তব্য দিয়া হোৱা নাই।
সংবাদ সংস্থা AIN’Sক এক সূত্ৰই জনোৱা মতে, অমিতাভ বচ্চনৰ অসুস্থতাৰ বাবে শ্ব’টোৰ শ্বুটিং বন্ধ কৰা হৈছে আৰু বৰ্তমান নতুন খণ্ডৰ প্ৰচাৰ স্থগিত ৰখা হৈছে। দীপাৱলী বিশেষ সপ্তাহৰ অংশ হিচাপে বিগত সপ্তাহৰ কিছুমান তাৰকাৰে ভৰা খণ্ড পুনৰ প্ৰচাৰ কৰা হৈছে। সূত্ৰটোৰ মতে, “কেবিচিৰ বাবে শ্বুটিং হ’বলগীয়া শেষৰটো ডাঙৰ চেলিব্ৰিটি এপিচ’ড হৈছে ৰণবীৰ কাপুৰৰ। ছাই পল্লৱী আৰু ৰবি ডুবেয়ে তেওঁলোকৰ আগন্তুক ছবি ‘ৰামায়ণ’ৰ প্ৰচাৰৰ বাবে শ্ব’টোত উপস্থিত হৈছিল।”
সূত্ৰৰ পৰা জানিব পৰা মতে, ‘ৰামায়ণ’ৰ তাৰকাক লৈ থকা এই খণ্ডটো প্ৰথমে ছবিখন মুক্তিৰ সময়ত প্ৰচাৰ কৰাৰ পৰিকল্পনা আছিল যদিও বিগ বিৰ অসুস্থতাৰ বাবে পৰিকল্পনা সলনি কৰিবলৈ বাধ্য হয়। পিছুৱাই দিয়াৰ পৰিৱৰ্তে মেকাৰসকলে যোৱা সপ্তাহত বিশেষ ‘ৰামায়ণ’ খণ্ডৰে দীপাৱলী সপ্তাহৰ আৰম্ভণি কৰিছিল।
জানিব পৰা মতে, অমিতাভ বচ্চনৰ স্বাস্থ্যৰ উন্নতি হ’লে অহা সপ্তাহত শ্ব’টোৰ শ্বুটিং পুনৰ আৰম্ভ হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















