সৰ্থেবাৰীত ঘৃণনীয় কাণ্ড, ১৫ বছৰীয়া কন্যাৰ সমুখতে লম্পটে মাতৃক….
মানসিকতা কোন দিশে অগ্ৰসৰ হৈছে একাংশ লোকৰ। ধিঙৰ দুটাকৈ ঘটনাই বৰ্তমানেও ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে সৰ্থেবাৰীৰ পৰা আহিছে মানৱসমাজৰ লজ্জানত কৰা ঘটনা।
গাভৰু কন্যাৰ সমুখতে মাতৃৰ সৈতে পাশৱিকতা। এক পাষণ্ডই মহিলাগৰাকীৰ স্বামীৰ অনুপস্থিতিৰ সুযোগ লৈ ১৫ বছৰীয়া কন্যাক গতা মাৰি কন্যাৰ সমুখতে মাতৃক ধৰ্ষণ কৰে।
বৰপেটাৰ সৰ্থেবাৰীত সংঘটিত হোৱা এই ঘটনাৰ পাছতে ভুক্তভোগী মহিলাই আৰক্ষীৰ ওচৰত গোচৰ তৰিছে। আৰক্ষীৰ ওচৰত দাখিল কৰা গোচৰ অনুসৰি পাষণ্ডৰ নাম ছহিদুল খান।
মাতৃ-কন্যাক প্ৰাণে মৰাৰ ভয়-ভাবুকীৰে এই দুষ্কাৰ্য সংঘটিত কৰে পাষণ্ড ছহিদুলে। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ভুক্তভোগী মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে প্ৰায়ে ঘৰৰ পৰা আঁতৰত থাকে।
তাৰেই সুবিধা লৈ পাষণ্ড ছহিদুলে বহুদিনৰ পৰা প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল মহিলাগৰাকীক। কিন্তু বাৰে বাৰে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল মহিলাগৰাকীয়ে। যাৰ বাবে শেষত প্ৰতিশোধৰ আশাৰে ধৰ্ষণৰ পৰিকল্পনা কৰে পাষণ্ডই।
সেই অনুসৰি ঘটনাৰ দিনা ঘৰত স্বামী নথকা বুলি স্বামীৰ পৰাই কথাই কথাই জানি লৈ নিশা ঘৰৰ গৰু চোৰ হোৱা বুলি খবৰ কৰে। লগে লগে ঘৰৰ পৰা বাহিৰত থকা স্বামীয়ে পত্নীক খবৰ কৰে।
পত্নীয়ে কন্যাক লগত লৈ ঘৰৰ পৰা বাহিৰ ওলাই আহি গৰু চোৰ ধৰা পেলাবলৈ বুলি আহে। কিন্তু পূৰ্বৰে পৰা খাপ পিটি থকা পাষণ্ডই লগে লগে জপটিয়াই ধৰে। কন্যাই মাতৃক ৰক্ষা কৰিবলৈ অহাত কন্যাক গতা মাৰি পেলাই দি লগত থকা অস্ত্ৰৰে প্ৰাণে মৰাৰ ভাবুকি দিয়ে। যি কাৰ্যত সামান্য আঘাতো পায় কন্যাই।
পাছত কন্যাৰ সমুখতে মাতৃক ধৰ্ষণ কৰি সেই স্থানৰ পৰা পলায়ন কৰে পাষণ্ড ছহিদুল খানে। স্বামী অহাত আৰক্ষীৰো কাষ চাপে ন্যায়ৰ বাবে । কিন্তু ঘটনাৰ দুমাহ ওকলি যোৱাৰ পাছতো দোষীক গ্ৰেপ্তাৰৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















