জাপানক পিছ পেলাই তৃতীয় মহাশক্তিৰ দেশ ভাৰত, শীৰ্ষ দুই স্থানত কোন
ভাৰতৰ শক্তি দিনে দিনে বৃদ্ধি পোৱাৰ কথা কেৱল ইংগিত হিচাপে পোৱা গৈছিল, পাছে আজি ২৫ তাৰিখে প্ৰকাশ পোৱা এক তথ্যত এইটো ওলাই পৰে- জাপানক পিছ পেলাই মহাশক্তিৰ দেশ হিচাপে পৰিগণিত হয় ভাৰত।
আজি ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগে সদৰি কৰে এই বিষয়ে। এছিয়া পাৱাৰ ইণ্ডেক্সত প্ৰকাশিত এই তথ্য। মন্ত্ৰালয়ে কয় যে ভাৰতৰ দ্রুত অর্থনৈতিক বৃদ্ধি, তৰুণ জনসংখ্যা আৰু অর্থনীতিৰ সম্প্ৰসাৰণৰ বাবেই ভাৰতৰ পৰিস্থিতি উন্নত হৈছে৷ একে সময়তে ই বিশ্বত ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বাসযোগ্যতাও দেখুৱাইছে।
মন্ত্ৰালয়ে বিবৃতিটোত কয় যে ‘এটা বৃহৎ পৰিৱৰ্তনত ভাৰতে জাপানক অতিক্ৰম কৰি এছিয়া পাৱাৰ ইনডেক্সত তৃতীয় শক্তিশালী দেশৰ মৰ্যাদা লাভ কৰিছে। ইয়াৰ পৰা সমগ্ৰ বিশ্বতে ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বাসযোগ্যতা দেখা যায়। ২০১৮ চনত ল’ৱি ইনষ্টিটিউটে এছিয়া পাৱাৰ ইনডেক্স আৰম্ভ কৰিছিল। ইয়াত বছৰেকীয়া ভিত্তিত এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শক্তিশালী দেশসমূহৰ তালিকা প্ৰস্তুত কৰা হয়। ইয়াত এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ২৭খন দেশৰ পৰিস্থিতিৰ মূল্যায়ন কৰা হয়।
এই তালিকাৰ শীৰ্ষত আছে ৮১.৭ পইণ্টেৰে আমেৰিকা আৰু দ্বিতীয়ত আছে ৭২.৭ পইণ্টেৰে চীন। ৩৯.১ পইণ্টেৰে তৃতীয়ত ভাৰত, ৩৮.৯ পইণ্টেৰে চতুৰ্থত জাপান। পঞ্চমত ৩১.৯ ৰে অষ্ট্ৰেলিয়া আৰু ষষ্ঠত ৩১.১ ৰে ৰাছিয়া।
মন্ত্ৰালয়ে কয় যে এছিয়া শক্তি সূচকাংকৰ পৰা প্ৰকাশ পাইছে যে আঞ্চলিক শক্তিসমূহৰ তালিকাত ভাৰতৰ স্থান ক্ৰমাগতভাৱে উন্নত হৈছে আৰু ভাৰতৰ প্ৰভাৱো বৃদ্ধি পাইছে। ভাৰতৰ উত্থানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হ’ল ইয়াৰ অৰ্থনৈতিক বিকাশ।
মন্ত্ৰালয়ে কয় যে কৰ’না মহামাৰীৰ পিছত ভাৰতে এক প্ৰচণ্ড অৰ্থনৈতিক উন্নতি সাধন কৰে, যাৰ বাবে ভাৰতৰ অৰ্থনৈতিক সামৰ্থ্য ৪.২ পইণ্ট বৃদ্ধি পঞ্জীয়ন কৰে। ইয়াৰ বৃহৎ জনসংখ্যাই দেশৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু শক্তিশালী অৰ্থনৈতিক বৃদ্ধিৰ হাৰৰ বাবে ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত আগবাঢ়িছে।
চীন আৰু জাপানৰ তুলনাত জনগাঁথনিগত সুবিধাও আছে। চীন আৰু জাপানে নিজৰ বৃদ্ধ জনসংখ্যাৰ সৈতে যুঁজি থকাৰ সময়তে ভাৰতত যুৱ জনসংখ্যাৰ বৃহৎ সংখ্যা আছে যিয়ে অনাগত দশকবোৰত ইয়াৰ অৰ্থনৈতিক বিকাশক শক্তি প্ৰদান কৰি যাব। কোৱাড আৰু বিভিন্ন বিশ্ব সংস্থাত ভাৰতৰ উপস্থিতিয়েও কূটনীতিৰ জগতখনত ভাৰতৰ প্ৰভাৱ বৃদ্ধি কৰিছে। এছিয়া শক্তি সূচকাংকত যিকোনো দেশৰ অৰ্থনৈতিক সম্ভাৱনা, সামৰিক সামৰ্থ্য, ভৱিষ্যতৰ সম্পদ, অৰ্থনৈতিক অংশীদাৰিত্ব, প্ৰতিৰক্ষা নেটৱৰ্ক, কূটনৈতিক প্ৰভাৱ আৰু সাংস্কৃতিক প্ৰভাৱৰ ভিত্তিত শক্তিৰ মূল্যায়ন কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ