দেওবাৰ বুলি নদীত গা ধুবলৈ গৈ একে পৰিয়ালৰে ৭ শিশুৰ ৩ নিহত, ২ সংকটজনক, ২ সন্ধানহীন
আজি ৬ অক্টোবৰ তাৰিখ দেওবাৰে এক অতিকে শোকাৱহ ঘটনাৰ খবৰ আহিছে বিহাৰৰ পৰা। দেওবাৰ বুলি নদীত গা ধুবলৈ গৈছিল একে পৰিয়ালৰে ৭ শিশু। কিন্তু ভাগ্যত লিখা আছিল মৃত্যু। ৭ শিশুৰ ৩ শিশু নিহত, ২ শিশুৰ অৱস্থা সংকটজনক। এটি শিশুক উদ্ধাৰৰ বাবে গৈ অন্য শিশুও ডুব যায় নদীৰ পানীত।
বিহাৰৰ ৰোহতাছ জিলাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো। ৰাজ্যখনৰ সোণ নদীত গা ধুবলৈ বুলি গৈছিল ৭টা শিশু। কিন্তু নদীৰ পানীত উটি যায় শিশু কেইটি। যাৰ ফলত ৩ টা শিশুৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে।
আনহাতে আন দুটা শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আন দুটি শিশু এতিয়াও সন্ধানহীন হৈ আছে। তথ্য অনুসৰি মৃত আটাইকেইটা শিশু একেটা পৰিয়ালৰ। টুম্বা গাঁৱৰ পৰা এই ঘটনাৰ খবৰ পোৱা গৈছে।
ঘটনা সন্দৰ্ভত গাঁওবাসীয়ে জনোৱা মতে, আটাইকেইটা শিশুৱে গা ধুবলৈ সোণ নদীত গৈছিল। এই ৭ শিশুৰ এটি শিশু প্ৰথমে নদীত ডুব যায়, তাৰ পিছত বাকী সকলোৱে সেই ডুব যোৱা শিশুটিক বচাবলৈ গভীৰ নদীত সোমাই যায়।
যাৰ ফলত অন্য কেইটি শিশুও ডুব যায়। বৰ্তমান সময়ত গাঁৱৰ ৰাইজৰ সহযোগত শিশুসকলৰ সন্ধান অব্যাহত আছে। ঘটনাৰ পিছতে গাঁওখনত শোকৰ পৰিৱেশ বিৰাজ কৰিছে। এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলকো খবৰ কৰা হৈছে সন্ধানহীন হোৱা শিশুকেইটিৰ উদ্ধাৰৰ বাবে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















