নিৰ্লজ পৰাজয়ৰ পাছতে ৰোহিত শৰ্মাৰ অষ্ট্ৰেলিয়া টেষ্ট সন্দৰ্ভত ডাঙৰ মন্তব্য…
ঘৰুৱা মাটিত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা ৩ মেচৰ টেষ্ট শৃংখলাত ৩-০ত অপমানজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতীয় দলটোৱে। এই ছিৰিজত নিউজিলেণ্ডে উজ্জ্বল খেল প্ৰদৰ্শন কৰি বহু অভিলেখ ভংগ কৰে। খেলৰ অন্তত অধিনায়ক ৰোহিত শৰ্মাইও পৰাজয়ৰ বিষয়ে আলোচনা কৰা দেখা যায়।
পৰাজয়ৰ পাছত অধিনায়ক ৰোহিত শৰ্মাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫খন মেচৰ টেষ্ট শৃংখলাৰ বিষয়ে মন্তব্য কৰে। কিন্তু এই সময়ছোৱাত ৰোহিতে এটা ডাঙৰ মন্তব্য প্ৰকাশ কৰে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন খেলৰ পৰা বাহিৰ হ’বলৈ গৈ আছে ৰোহিত।
পাৰ্থত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্ট মেচত খেলাৰ ক্ষেত্ৰত এতিয়াও নিশ্চিত নহয় বুলি ৰোহিতে কয়। এতিয়া হিটমেনৰ বক্তব্যৰ পৰা প্ৰায় স্পষ্ট হৈ পৰিছে যে পাৰ্থত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনৰ পৰা তেওঁ প্ৰায় বাহিৰত।
আচলতে ৰোহিত শৰ্মা আৰু তেওঁৰ পত্নী ৰীতিকাৰ ঘৰলৈ আগমণ হবলৈ গৈ আছে এক নতুন আলহীৰ। দ্বিতীয় সন্তান জন্ম দিবলৈ ওলাইছে ঋতিকা সাজদেৱে।
এতিয়া ৰোহিতৰ দলৰ পৰা বাহিৰ হোৱাৰ পিছত টিম ইণ্ডিয়াত বহু ডাঙৰ পৰিৱৰ্তন আহিব। ৰোহিতৰ অনুপস্থিতিত শুভমান গিলে অ’পেনিং বেটছমেন হিচাপে দায়িত্ব লোৱাৰ সম্ভাৱনা আছে। আনহাতে কে এল ৰাহুলক মিডল অৰ্ডাৰ বেটছমেন হিচাপে প্লেইং ইলেভেনত অন্তৰ্ভুক্ত কৰিব পাৰি।
এইবাৰ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী। ২২ নৱেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ পাৰ্থত অনুষ্ঠিত হ’ব প্ৰথমখন খেল। দ্বিতীয়খন খেল ৬ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব। তৃতীয়খন মেচ ১৪ৰ পৰা ১৮ ডিচেম্বৰলৈ, চতুৰ্থখন মেচ ৩ৰ পৰা ৭ জানুৱাৰীলৈ।
আনহাতে শেষৰখন খেল ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত হ’ব। এই ছিৰিজখন দুয়োখন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে ভাৰতীয় দলটোৱে কমেও ৪ খন মেচত জয়লাভ কৰিব লাগিব। একে সময়তে অষ্ট্ৰেলিয়াইও এই শৃংখলাত জয়লাভ কৰিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ