ভাইদুজ উদযাপন কৰি উভতি আহি থাকোতেই প্ৰাণ হেৰুৱালে দুয়ো পিতা-পুত্ৰই, অন্ত পৰিল বংশৰ
আজিৰ পবিত্ৰ ভাইদুজৰ দিনটোতে সংঘটিত হৈছে এক অতিকে শোকাৱহ ঘটনা। একেলগে প্ৰাণ হেৰুৱালে দুই পিতা-পুত্ৰই। ভাইদুজ উদযাপন কৰি উভতি আহি থাকোতেই প্ৰাণ হেৰুৱালে দুয়ো পিতা-পুত্ৰই।
এই শোকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ৰাজ্য খনৰ বিনাউলীৰ দৰকাৱাড়া তিৰাহেৰ সমীপত ভগ্নীৰ ঘৰত ভাইদুজ উদযাপন কৰি উভতি আহি থকা টুধি গাঁৱৰ বাইক আৰোহী পিতা-পুত্ৰক এখন ট্ৰাকে খুন্দা মাৰে।
যাৰ ফলত দুয়ো পিতা-পুত্ৰ গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাটোৰ পিছতে ট্ৰাক চালকে নিজেই আহত দুয়ো পিতা-পুত্ৰকে ততাতৈয়াকৈ বিনাউলি হাস্পতাললৈ লৈ যায়। কিন্তু চিকিৎসকে হাস্পতালত দুয়ো পিতা-পুত্ৰকে মৃত ঘোষণা কৰে।
তেয়োধি গাঁৱৰ নিবাসী সঞ্জীৱ (৪০) পুত্ৰ চিৰাগ (১০)ৰ সৈতে বিনাউলীৰ সমীপৰ পঞ্চলি খুৰ্ডত থকা ভগ্নীৰ ঘৰত ভায়দুজ উদযাপন কৰিবলৈ গৈছিল। দেওবাৰে বিয়লি উভতি আহোঁতে বিনাউলী গাঁৱৰ দৰকাভাদা ছেক্সন পোৱাৰ লগে লগে সন্মুখৰ পৰা অহা এখন ট্ৰাকে বাইকখন খুন্দা মাৰি দুয়োকে চেপি ধৰে।
জানিব পৰা মতে, মৃত সঞ্জীৱ তেওঁৰ পৰিয়ালৰ একমাত্ৰ পুত্ৰ আছিল। লগতে সঞ্জীৱৰ পৰিয়ালত দুগৰাকী কন্যা আৰু পুত্ৰ চিৰাগ একমাত্ৰ পুত্ৰ আছিল। যাৰফলত এতিয়া সম্পূৰ্ণ বংশই শেষ হৈ যোৱা বুলি পৰিয়ালৰ লগতে নিকট লোকে শোক কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















