সপোনত টকা দেখাটো কিমান শুভ বা অশুভ, কি কয় স্পপ্ন শাস্ত্ৰই
সপোনৰ জগতখন এতিয়াও আমাৰ বাবে ৰহস্যৰে আবৃত। অৱশ্যে জ্যোতিষশাস্ত্ৰত সপোনৰ নিৰ্দিষ্ট ব্যাখ্যা আছে। জ্যোতিষীসকলে কয় যে আপুনি যি সপোন দেখে আৰু কেতিয়া দেখে সেয়া আপোনাৰ ভৱিষ্যত জীৱনত কি হ’ব তাৰ লগত জড়িত।
সপোনত দেখা বহু কথা বাস্তৱ জীৱনত প্ৰভাৱ পেলায়। কেতিয়াবা ভাৱিছেনে সপোনত দেখা টকাৰ কি অৰ্থ হ’ব পাৰে!
মুদ্ৰাৰ সপোন দেখা
যদি আপুনি সপোনত দেখিছে যে আপোনাৰ চাৰিওফালে বহুতো মুদ্ৰা আছে, তেন্তে এই সপোন ভাল নহয়। জ্যোতিষীসকলে কয় যে মুদ্ৰাৰ সপোন দেখাৰ অৰ্থ হ’ল আপোনাৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটিবলৈ গৈ আছে। আপুনি আৰ্থিক লোকচানৰ সন্মুখীন হ’ব পাৰে। এনে সপোন দেখিলে কোনো দুখীয়া মানুহক বা মন্দিৰলৈ ধন দান কৰক।
সপোনত টকা লোৱা
বহু সময়ত আমি নিজকে সপোনত আন কাৰোবাৰ পৰা টকা লোৱা দেখিবলৈ পাওঁ। এনে সপোন স্বপ্ন শাস্ত্ৰৰ মতে শুভ। তাৰমানে হঠাতে বহুত টকা উপাৰ্জন কৰিবলৈ ওলাইছে। এই সপোনটোৱে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিব, আপুনি আৰ্থিক সংকটৰ পৰা মুক্তি পাব।
সপোনত ফটা পুৰণি নোট দেখা
সপোনৰ ব্যাখ্যাত কোৱা হৈছে যে সপোনত ফটা পুৰণি নোট দেখাটো অত্যন্ত অশুভ। ইয়াৰ অৰ্থ হ’ল আপোনাৰ জীৱনত অতি বেয়া সময় আহিব। কেৰিয়াৰত কেইবাটাও সমস্যাৰ সন্মুখীন হ’ব লাগিব। এনে সপোন দেখিলে আৰ্তজনক কিবা এটা দিয়ক।
টকা চুৰি
কোনোবাই আপোনাৰ টকা চুৰি কৰি পলাই যোৱাৰ সপোন? বেয়া যেন লাগিলেও ভাল সপোন। ইয়াৰ অৰ্থ হ’ল আপুনি অতি সোনকালে বহুত টকা উপাৰ্জন কৰিবলৈ ওলাইছে। লগতে আপোনাৰ আবদ্ধ কাম এতিয়াই সম্পূৰ্ণ কৰিব পাৰিব। কিন্তু এনে সপোন দেখিলে কাকো নকব। ৰাতিপুৱা সাৰ পাই মন্দিৰ দৰ্শন কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















