সনাতন ধৰ্মত মৃত্যুৰ পাছত স্বৰ্গ আৰু নৰকৰ অস্তিত্বৰ কথা কোৱা হয়। প্ৰত্যেক মানুহেই জীৱনকালতেই হওক বা মৃত্যুৰ পাছতেই হওক নিজৰ কৰ্মফল ভোগ কৰে। জীৱনকালত ভাল কাম কৰিলে মৃত্যুৰ পাছত স্বৰ্গসুখ লাভ কৰে, আৰু জীৱন কালত বেয়া কাম কৰিলে মৃত্যুৰ পাছত নৰকলৈ যায় বুলি বিশ্বাস। বাচি থাকোতে এজন মানুহে কি কি পূণ্য বা পাপ কৰিলে পাছত নৰকলৈ যায়? শিৱ পুৰাণ, স্কন্দ পুৰাণ আৰু কূৰ্ম পুৰাণত ৫টা মহাপাপৰ কথা উল্লেখ আছে। জীৱনকালত সেই ৫টা পাপ কৰিলে নৰকত চৰম শাস্তি ভোগ কৰে বুলি শাস্ত্ৰত উল্লেখ আছে। কিন্তু এই ৫মহাপাপ কি কি?
ভ্ৰূণহত্যা
মাতৃগৰ্ভত ভ্ৰূণহত্যা কৰা মহাপাপ বুলি হিন্দু শাস্ত্ৰই কয়। সেয়ে ভুলবশতো সেই কাম কৰিব নালাগে। এই পাপৰ শাস্তি অতি ভয়ানক হয়। কেৱল মৃত্যুৰ পাছতেই নৰকলৈ যায় তেনে নহয়, ভ্ৰূণহত্যাৰ শাস্তি হিচাপে জীৱনকালতেই যন্ত্ৰণা ভোগ কৰিব লগা হ’ব পাৰে।
অপৰিচিত ব্যক্তিৰ সৈতে সহবাস
শাস্ত্ৰই কয় যে অপৰিচিত কোনো ব্যক্তিৰ সৈতে সহবাস কৰাটো মহাপাপ। এই কাম যিসকলে কৰে তেওঁলোকে মৃত্যুৰ পাছত নিশ্চিতভাৱে নৰক যন্ত্ৰণা ভোগ কৰে। শাস্ত্ৰ অনুসৰি শৰীৰৰ টানত বা অন্য কোনো প্ৰলোভনত কোনো অপৰিচিক পুৰুষ বা নাৰীৰ সৈতে সহবাস কৰাটো অনুচিত।
সোণ চুৰ কৰা
শাস্ত্ৰ অনুসৰি কাৰোৰে সোন চুৰি কৰাটো মহাপাপ। কাৰণ সোনক লক্ষ্মী হিচাপে ধৰা হয়। এই পাপৰ চৰম শাস্তি অৱশ্যেই নৰকত পায়েই।
ঘৰ ভঙা
কাৰোবাৰ ঘৰ ভঙা অত্যন্ত গৰ্হিত কাম। মৃত্যুৰ পাছত এই পাপৰ শাস্তি সকলোৱে ভোগ কৰে। ইচ্ছা কৰি কাৰোবাৰ ঘৰত কাজিয়া লগোৱা অনুচিত। কাৰোবাৰ ঘৰত অশান্তিৰ পৰিবেশ সৃষ্টি কৰাটো মহাপাপ। কাৰোবাৰ সংসাৰ নষ্ট কৰি দিলে মৃত্যুৰ পাছত নিজৰ কৰ্মফল হিচাপে নৰক যন্ত্ৰণা লাভ কৰিব।
প্ৰতাৰণা
কেতিয়াও ভুলতেও কাকো প্ৰতাৰণা কৰিব নালাগে। আপোনাক বিশ্বাস কৰা কোনো লোকক আপুনি প্ৰতাৰণা কৰিলে তাৰ শাস্তি ভোগ কৰিবই। অৰ্থ, সম্পত্তি বা অন্য কোনো কাৰণত কেতিয়াও কাকো প্ৰতাৰণা কৰা উচিত নহয়। নৰকত এই পাপৰ শাস্তি অতি ভয়ানক বুলি পুৰাণত উল্লেখ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ