প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ৰাশি পৰিবৰ্তন কৰে৷ যাৰ প্ৰভাৱ পৰিব ১২ ৰাশিৰ ওপৰত৷ শনিদেৱক কৰ্মফলদাতা বুলি কোৱা হয়৷ প্ৰতি আঢ়ৈ বছৰৰ অন্তৰে অন্তৰে ৰাশি পৰিবৰ্তন কৰে শনিয়ে৷ আকৌ এটা ৰাশিলৈ পুনৰ ওপৰত আহিবলৈ সময় লাগে ৩০ বছৰ৷ আৰু শনিৰ এই স্থান পৰিবৰ্তনৰ শুভ অশুভ প্ৰভাৱ পৰে বিভিন্ন ৰাশিৰ ওপৰত৷ শীঘ্ৰেই বুধ আৰু শনিয়ে ৰাশি পৰিবৰ্তন কৰি এক অন্য সমকোণত উপস্থিত হয়৷ যাৰ ফলত ৩ৰাশিৰ জীৱনত উপচি পৰিব ধন৷ উন্নতি আৰু সাফল্যৰ শিখৰত কোনো কোন উঠিব জানি থওক সবিশেষ৷
বৃশ্চিক ৰাশি
শীঘ্ৰেই বুধ শনিৰ অৱস্থান পৰিবৰ্তনে বৃশ্চিক ৰাশিৰ মানুহৰ জীৱনলৈ বৃহৎ পৰিবৰ্তন আনিব৷ চাকৰি আৰু ব্যৱসায়ত ব্যাপক উন্নতিৰ সম্ভাৱনা আছে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে নতুন চাকৰি লাভ কৰিব৷ নতুন কোনো কাম আৰম্ভ কৰাৰ বাবে শুভ সময়৷ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ উন্নত হ’ব৷ সমাজত মান সন্মান বাঢ়িব৷
মিথুন ৰাশি
বুধ শনিৰ শুভ মিলনে মিথুন ৰাশিৰ অধিকাৰীসকলৰ জীৱন সুখেৰে ভৰি উঠিব৷ সকলো বাধা কাটি এইবাৰ সাফল্য আহিবই৷ কেৰিয়াৰত উন্নতিৰ সুযোগ পাব৷ কৰ্মস্থলত কামৰ প্ৰশংসা পাব৷ চাকৰিত পদোন্নতি হ’ব পাৰে৷ ব্যৱসায়ীসকলে লাভৰ মুখ দেখিব পাৰে৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷
মকৰ ৰাশি
বুধ শনি মুখামুখি হোৱাৰ ফলত বিৰাট উন্নতি হ’ব মকৰ ৰাশিৰ৷ অৰ্থ মান যশেৰে ভৰি উঠিব জীৱন৷ বহু দিন ধৰি ৰৈ থকা কাম শেষ কৰিব পাৰিব৷ চাকৰিৰ দৰমহা বাঢ়িব পাৰে৷ ব্যৱসায়ীসকলে বৃহৎ কোনো বিনিয়োগ কৰিব পাৰে৷ অবিবাহিতাসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















