‘কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, সোমবাৰে চূড়ান্ত সিদ্ধান্ত’- একনাথ শিন্দে
মহাৰাষ্ট্ৰত পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেই লৈ এতিয়াও ৰাজ্যখনৰ ৰাজনীতিত চাচপেন্স বৰ্তি আছে? মহাযুতিয়ে স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতো মহাৰাষ্ট্ৰৰ বাঘজৰী কোনে ল’ব সেয়া এতিয়ালৈ সিদ্ধান্ত লোৱা সম্ভৱ হৈ উঠা নাই। বিগত শুকুৰবাৰে শিন্দেৰ গাঁৱলৈ যোৱাৰ পাছত ৰাজনৈতিক মহলত গুণগুণনি উঠিছিল যে মুখ্যমন্ত্ৰীৰ আসনৰ বাবে শিন্দেৰ খং উঠিছে , যাৰ বাবে তেঁও গাঁওলৈ গুচি গৈছে।
অৱশ্যে আজি শিন্দে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয় যে মহাযুতিত কোনো মতানৈক্য নাই। মুখ্যমন্ত্ৰী কোন হ’ব সেই সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোডী আৰু অমিত শ্বাহে লব। ইয়াৰ লগতে তেওঁ এই কথাও স্পষ্ট কৰি দিলে যে তেওঁৰ স্বাস্থ্য ভাল নহয় আৰু সেয়েহে তেওঁ গাঁৱলৈ গৈছে।
মহাৰাষ্ট্ৰৰ ৰাজনীতিত হোৱা অস্থিৰতাৰ সন্দৰ্ভত শিন্দে কয় যে মই বৃহস্পতিবাৰে নিজেই মোৰ ভূমিকা স্পষ্ট কৰি দিলোঁ। যিজন মুখ্যমন্ত্ৰী হ’ব মোৰ সমৰ্থন থাকিব। মহাযুতিত কোনো মতভেদ নাই। আমি ডেৰ-দুবছৰত বহুত উন্নয়নমূলক কাম কৰিলোঁ। প্ৰিয় ভগ্নী, প্ৰিয় ভাই আৰু প্ৰিয় কৃষকৰ বাবে কাম কৰিছো। মই সাধাৰণ মানুহৰ দৰে কাম কৰিছিলো। আমাৰ এজেণ্ডা উন্নয়নৰ। বিজেপিৰ এই সিদ্ধান্তক সমৰ্থন কৰিছে শিৱসেনাই।
ইয়াৰ সমান্তৰালকৈ শিন্দে কয় যে ২ ডিচেম্বৰ সোমবাৰে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব আৰু এই সমগ্ৰ প্ৰক্ৰিয়া বিজেপিৰ নেতৃত্বত লোৱা হ’ব। লগতে তেওঁ কয় যে তেওঁৰ চৰকাৰ ৰাইজৰ সমস্যা শুনা আৰু সমাধানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। গতিকে কাইলৈ হে জানিব পৰা যাব বহু বিতৰ্কৰ অন্তত কোন হব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ! বহুতৰে মনত এটাই উত্তৰ দেবেন্দ্ৰ ফাড়নবিচেই অধিস্থিত হ’ব মুখ্যমন্ত্ৰীৰ আসনত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















