হঠাতে সিদ্ধান্ত, অভিনয় কেৰিয়াৰৰ শীৰ্ষত থকাৰ সময়তে অভিনয়ক বিদায় বিক্ৰান্ত মেছীৰ, কিয়?
সুদক্ষ অভিনেতা হিচাপে নাম কৰিছিল হে। চিনেমাৰ ক্ষেত্ৰখনত অভিনয়ৰ লোহা গৰম কৰিছিলহে। সকলোফালে অভিনয়ৰ বাবে নাম গঢ়িছিলহে। বলীউডক সফল ছবি উপহাৰ দিবলৈ আৰম্ভ কৰিছিল হে , তেনেহে আহে এক খবৰ। অভিনয়ক বিদায় জনালে বিক্ৰান্ত মেছীয়ে।
হয় , ঠিকেই ধৰিছে ১২ফেইল ছবিৰে সমগ্ৰ দেশৰে বোলছবি অনুৰাগীৰ মনত স্থান বনোৱা বিক্ৰান্তে হঠাতে লয় এই সিদ্ধান্ত। মাথো ৩৭ বছৰ বয়সতে লোৱা এই সিদ্ধান্তই এতিয়া আচৰিত কৰি তুলিছে ভাৰতীয় চিনেমা জগত।
ভাৰতীয় টেলিভিছন জগতত সৰু চৰিত্ৰৰে অভিনয় কেৰিয়াৰ আৰম্ভ কৰা বিক্ৰান্তে নিজৰ অভিনয় দক্ষতাৰে লাহে লাহে টেলিভিছন জগতত খোপনি পুতি পাছত বলীউডলৈ হাত মেলে। কিন্তু অন্য তাৰকাৰ দৰে এখন দুখন কৰিয়ে নোহোৱা হৈ নাযায় বিক্ৰান্ত।
বলীউডক লাহে লাহে দি যায় এখনৰ পাছত সিখন সফল ছবি। তাৰে ভিতৰত বিশেষ বাৱে উল্লেখ যোগ্য- দীপিকা পাডুকনৰ সৈতে ‘ছপাক’ (২০২০), তাপচি পান্নুৰ সতে ‘হচীনা দিলৰুবা’ (২০২১), ‘লিপষ্টিক আণ্ডাৰ মাই বোৰ্খা’ (২০১৬), ‘লাভ হোষ্টেল’ (২০২২), ‘ফৰেনচিক’ (২০২২), ‘১২ ফেইল’ (২০২৩), ‘ছেক্টৰ ৩৬’ (২০২৪) , ছাবৰমতী এক্সপ্ৰেছ (২০২৪) আদি।
পাছে বহু কম সময়তে ইমানবোৰ সফল ছবি দিয়ো কিয় হঠাতে অভিনয়ৰ পৰা বিদায় ল’লে বিক্ৰান্তে। এই ক্ষেত্ৰত বিক্ৰান্তে দিয়া মন্তব্য অনুসৰি- তেওঁ এতিয়া এজন ভাল স্বামী, পিতৃ আৰু পুত্ৰ হোৱাৰ ওপৰত গুৰুত্ব দিব। অভিনেতাগৰাকীয়ে ২০২৫ চনত শেষবাৰৰ বাবে লগ হ’ব বুলি জানিবলৈ দিয়ে।
বিক্ৰান্তই তেওঁৰ পোষ্টত লিখিছে- নমস্কাৰ, যোৱা কেইবছৰমান বহুত ভাল হৈছে। আপোনালোক সকলোকে আপোনালোকৰ অসাধাৰণ সহায়ৰ বাবে ধন্যবাদ জনাইছো। কিন্তু আগবাঢ়ি যোৱাৰ লগে লগে মই উপলব্ধি কৰিছো যে মোৰ বাবে নিজকে টানি ঘৰলৈ উভতি অহাৰ সময় আহি পৰিছে। স্বামী, পিতৃ-পুত্ৰ হিচাপে… আৰু অভিনেতা হিচাপেও।
লগতে ইয়াকো লিখিছে যে- আগন্তুক ২০২৫ চনত মই অভিনেতা হিচাপে আপোনালোকক শেষবাৰৰ বাবে লগ পাম, যেতিয়ালৈকে সময় সঠিক নহয়। যোৱা ২ খন ছবি আৰু বহু বছৰৰ স্মৃতি। ইয়াৰ মাজত ঘটা সকলোবোৰ আৰু সকলো কথাৰ বাবে আপোনালোক সকলোকে আকৌ এবাৰ ধন্যবাদ। তাৰ বাবে মই আপোনাৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ