দেশৰ অন্যতম ভৰসাৰ বেংক হিচাপে সাধাৰণ মানুহৰ মনত বিশ্বাস জন্মাবলৈ সক্ষম হৈছে SBI, দেশৰ বেছিভাগ মানুহেই ইয়াত নিজৰ ফিক্সড ডিপজিটৰ টকা ৰাখিবলৈ পছন্দ কৰে৷ ছিনিয়ৰ ছিটিজেনৰ পৰা আৰম্ভ কৰি জেনেৰেল ছিটিজেন সকলোৰে বাবেই বিশেষ অফাৰ থাকে SBIৰ হাতত৷
ইয়াত আছে ৪৪৪ দিনৰ অমৃত বৃষ্টি স্কিম৷ তাতেই জেনেৰেল ছিটিজেনে পাব ৭.২৫ শতাংশ সুদ৷ ১ বছৰৰ ফিক্সড ডিপজিটত পাব ৬.৮০ শতাংশ হাৰত সুদ৷ ৩ বছৰৰ বাবে ফিক্সড ডিপজিটত পাব ৬.৭৫শতাংশ হাৰত সুদ৷ ৫ বছৰৰ বাবে ফিক্সড ডিপজিটত পাব ৬.৫০ শতাংশ হাৰত সুদ৷
ছিনিয়ৰ চিটিজেনৰ ক্ষেত্ৰত ৪৪৪ দিনৰ অমৃত বৃষ্টি স্কিমত আছে ৭.৭৫ শতাংশ হাৰত সুদ৷ ১ বছৰৰ বাবে ফিক্সড ডিপজিটত সুদৰ হাৰ পাব ৭.৩০শতাংশ৷ ৩ বছৰৰ বাবে সুদৰ হাৰ আছে ৭.২৫ শতাংশ৷ ৫বছৰৰ বাবে সুদৰ হাৰ থাকিব ৭.৫০শতাংশ৷ এছ বি আই দেশৰ ভৰসাৰ অন্যতম এটা বেংক৷
ফিক্সড ডিপজিটৰ ক্ষেত্ৰত তেওঁলোকে যি অফাৰসমূহ দিয়ে সেইসমূহে অলপ সময়ত মাজতেই ভাল ৰিটাৰ্ণ দিয়ে৷ অন্য বেংকসমূহে তেওঁলোকৰ সুদৰ হাৰ নিয়মিত পৰিবৰ্তন কৰিলেও এছবিআইয়ে সেয়া খুব এটা পৰিবৰ্তন কৰি নাথাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ