কেতিয়া হ’ব নতুন বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ! ভাৰতৰ পৰা দেখা পোৱা যাবনে ?
২০২৪ৰ অন্ত পৰি নতুন বছৰৰ দিশ আগবাঢ়িছে সকলো। পাছে এই নতুন বছৰত কেতিয়া আৰু কিমানবাৰ সূৰ্যগ্ৰহণ হ’ব সেই বিষয়ে মানুহৰ কৌতুহল বাঢ়িছে।
এনে পৰিস্থিতিত ২০২৫ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ কেতিয়া হ’ব, কিমান দিন থাকিব, সুতক কলৰ সময়সীমা আৰু ভাৰতৰ পৰা এই গ্ৰহণ দৃশ্যমান হ’ব নে নাই সেই বিষয়ে জানিবলৈ সকলো উদগ্ৰীৱ।
২০২৫ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ চত মাহৰ কৃষ্ণপক্ষৰ অমবশ্যাৰ দিন অৰ্থাৎ ২৯ মাৰ্চত সংঘটিত হ’ব। ২৯ মাৰ্চৰ দিনৰ ০২:২০ বজাৰ পৰা আৰম্ভ হ’ব সূৰ্যগ্ৰহণ। সন্ধিয়া ০৬:১৬ বজাত শেষ হব গ্ৰহণৰ সময়।
পাছে ২০২৫ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দেখা পোৱা নাযাব। এনে পৰিস্থিতিত ইয়াত সুতক সময় বৈধ নহ’ব।
ভাৰতৰ বাহিৰে এছিয়াৰ কিছু দেশ, ইউৰোপ, আফ্ৰিকা, দক্ষিণ আমেৰিকা, আৰ্কটিক মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰত দেখা যাব ২০২৫ৰ প্ৰথমটো সূৰ্যগ্ৰহণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ