আৰ জি কাৰ হাস্পতালৰ মহিলা চিকিৎসকৰ সৈতে হোৱা জঘন্য ঘটনাৰ ৰায়দান- যাৱজ্জীৱন শাস্তি
অৱশেষত আহিল সেই বিশেষ ৰায়দান, যাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছিল সেই দুৰ্ভগীয়া পৰিয়ালটোৰ লগতে সমগ্ৰ দেশ। কলিকতাৰ আৰ জি কাৰ হাস্পতালৰ মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান।
দোষী সাব্যস্ত কৰি সঞ্জয় ৰায়ক যাৱজ্জীৱন কাৰাবাসৰ শাস্তি। লগতে ৫০ হাজাৰ টকাৰ জৰিমনাও বিহে আদালতে।
বিগত বৰ্ষৰ ৯ আগষ্টৰ সংঘিটত হোৱা ঘটনাই সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি কৰা আৰু দীৰ্ঘদিন ধৰি প্ৰতিবাদ অব্যাহত থকা সেই মহিলা চিকিৎসকৰ সৈতে সংঘটিত হোৱা জঘন্য অপৰাধৰ আজি ২০ জানুৱাৰী তাৰিখে ঐতিহাসিক ৰায়দান।
ছিয়ালডাহ আদালতৰ অতিৰিক্ত জিলা আৰু অধিবেশন ন্যায়াধীশ অনিৰ্বান দাসে শনিবাৰে সঞ্জয় ৰায়ক ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰিছিল, আৰু আজি যাৱজ্জীৱন কাৰাবাসৰ শাস্তি প্ৰদান কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















