কাইলৈৰ পৰা কোটি কোটি মুছলমান জনতাই পালন কৰিব ৰমজান মাহ৷
‘ৰমজান মাহ মুছলমানৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ’৷
‘ৰমজান মাহতে প্ৰতিজন মুছলমানৰ সকলো গুণাহ মাফ হয়’৷
‘ৰোজা ৰখা, তাৰাবীহ পঢ়িলেও গুণাহ মাফ হয়’৷
‘ৰমজান মাহৰ ৰোজা ৰাখিলে পূৰ্ব পুৰুষৰ গুণাহো মাফ হয়’৷
‘ৰমজান মাহত তাৰাবীহ নামাজ পঢ়িলে আল্লাহে মনোবাঞ্চা পূৰণ কৰি দিয়ে’৷
‘ৰমজান মাহৰ প্ৰতিটো নিশাই আটাইতকৈ পবিত্ৰ বুলি গণ্য কৰা হয়’৷
‘এটাও ৰোজা অথলে যাব নিদিয়াটো মংগল মুছলমানৰ বাবে৷
‘সামান্য কথাতে যাতে কোনো মুছলমানে ৰোজা নষ্ট নকৰে সেইদিশত গুৰুত্ব দিব লাগে৷
তাৰাবীহ নামাজো প্ৰতিগৰাকী মুছলমানে পঢ়াটো জৰুৰী৷
কি কি কৰিলে ৰমজান মাহৰ ৰোজা ভংগ হ’ব পাৰে?
ইচ্ছাকৃতভাৱে ৰোজা ৰখাৰ সময়ত যদি আহাৰ গ্ৰহণ কৰে ভংগ হ’ব ৰোজা৷
স্ত্ৰীৰ সৈতে সম্পৰ্ক স্থাপন কৰিলেও ভংগ হ’ব ৰোজা৷
উজু কৰাৰ সময়ত খাদ্য নলীলৈ পানী সোমালেও ভংগ হ’ব ৰোজা৷
মহিলাসকলৰ ঋতুস্ৰাৱ হ’লেও ভংগ হ’ব ৰোজা৷
পৱিত্ৰ ৰমজান মাহতে নাজিল কৰা হৈছে কোৰাণ শ্বৰীফ৷
ৰমজান মাহৰ আন এটা ইবাদত তাৰাবীহ নামাজ৷
পবিত্ৰ ৰমজান মাহ হ’ল ৰহমত আৰু বৰকতৰ মাহ৷
ৰমজান মাহতে গুণাহ মুক্ত কৰে আল্লাহতালাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















