আগন্তুক সোমবাৰ ১০ মাৰ্চৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হ’ব সেই সপ্তাহত মীন ৰাশিত মালব্য ৰাজযোগ থাকিব৷ মাৰ্চ মাহৰ এই দ্বিতীয় সপ্তাহত মীন ৰাশিত গোচৰ কৰিব শুক্ৰই৷ এই ৰাশিত থাকি শক্তি বাঢ়িব প্ৰেম, সুখ আৰু সৌভাগ্যৰ কাৰক গ্ৰহ শুক্ৰৰ৷ মীন ৰাশিত শুক্ৰৰ অৱস্থানৰ ফলত গঠিত হ’ব মালব্য ৰাজযোগ৷ জ্যোতিষ গণনা অনুসৰি মালব্য যোগৰ প্ৰভাৱত কেইটামান ৰাশিৰ সৌভাগ্য উজলি উঠিব৷ এই শুভ যোগত সম্পদ আহিব হাতলৈ৷ ইয়াৰোপৰি নতুন সপ্তাহতেই হ’ব এই বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ৷ জানি থওক জ্যোতিষ গণনা অনুসৰি মাৰ্চৰ দ্বিতীয় সপ্তাহত মালব্য যোগৰ প্ৰভাৱত দুৰ্দান্ত উন্নতি কৰাৰ সুযোগ পাব কেইটামান ৰাশিৰ জাতকে৷ জানি থওক ১০ মাৰ্চৰ পৰা ১৬ মাৰ্চৰ মাজত এই সপ্তাহত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?
মেষ ৰাশি
মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহ নানান দিশৰ পৰা লাভজনক হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ মালব্য ৰাজযোগৰ প্ৰভাৱত সপ্তাহৰ আৰম্ভণিৰে পৰাই আপুনি কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷ নিজৰ এনাৰ্জিক ভাল কামত ব্যৱহাৰ কৰিব পাৰিব৷ কাংখিত সাফল্য লাভ কৰাৰ সুযোগ পাব৷ অফিচৰ বচ আৰু সহকৰ্মীসকলৰ সমৰ্থন আপোনাৰ সৈতে থাকিব৷
সিংহ ৰাশি
১০ মাৰ্চৰ পৰা আৰম্ভ হোৱা সপ্তাহত সাফল্য লাভৰ যোগ আছে সিংহ ৰাশিৰ জাতকৰো৷ যি কামত আপুনি বহু দিন চেষ্টা অব্যাহত ৰাখিছে সেই কাম এই সপ্তাহতেই সম্পূৰ্ণ কৰিব পাৰিব৷ মনৰ মানুহৰ সৈতে আপোনাৰ সম্পৰ্ক আগন্তুক সপ্তাহত মধুৰ হ’ব৷ ইয়াৰোপৰি নিজৰ প্ৰেমৰ সম্পৰ্কক দাম্পত্যত পৰিণত কৰিব পাৰিব৷ পৰিয়ালৰো সন্মতি পাব৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকে নতুন সপ্তাহত নানান কামত ব্যস্ত থাকিব৷ সকলো কামতে সফলতা পাব৷ কোনো ঘনিষ্ঠ বন্ধু বা প্ৰভাৱশালী ব্যক্তিৰ সহায় পাব৷ বহু দিন ধৰি ৰৈ থকা কাম এইবাৰ সম্পূৰ্ণ কৰিব পাৰিব৷ অফিচত গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব পাব পাৰে৷ নিজৰ মনৰ কথা প্ৰিয় মানুহক কোৱাৰ উপযুক্ত সময়৷ কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷
কুম্ভ ৰাশি
আগন্তুক সপ্তাহত মালব্য ৰাজযোগৰ প্ৰভাৱত শৰীৰ স্বাস্থ্য বেছ ভালে থাকিব কুম্ভ ৰাশিৰ জাতকৰ৷ কোনো অসুখত দীৰ্ঘদিন ধৰি ভূগিলে তাৰ পৰা এইবাৰ মুক্তি পাব৷ সন্তান সংক্ৰান্তিয় কোনো সুখবৰ পাব পাৰে৷ ইয়াৰ ফলত আপোনাৰ মনত আনন্দ থাকিব৷ চিনিয়ৰ অফিচাৰৰ সহায়ত উন্নতিৰ ডাঙৰ সুযোগ পাব৷ সংসাৰত সুখ শান্তিৰ পৰিবেশ থাকিব৷
মীন ৰাশি
আগন্তুক সপ্তাহত ডাঙৰ সিদ্ধান্ত ল’ব পাৰে মীন ৰাশিৰ জাতকে৷ কোনো শুভাকাংক্ষীয়ে জৰুৰী বিষয়ত আপোনাক সহায় কৰিব৷ ব্যৱসায়ত ডাঙৰ আৰ্থিক লাভ হ’ব পাৰে৷ চাকৰিয়ালে নতুন সপ্তাহত অতিৰিক্ত আয়ৰ সুযোগ পাব৷ ব্যক্তিগত জীৱনত সুখ থাকিব৷ কাৰো সৈতে মতৰ অমিল থাকিলে এই সময়ত মিটমাট হৈ যাব৷ প্ৰেম জীৱন পূৰ্বতকৈ উন্নত হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















