৫০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য, ৮ এপ্ৰিলৰ পৰা কাৰ্যকৰী
কাইলৈ ৮ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৰন্ধন গেছৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পাব ৫০ টকাকৈ। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সদৰি কৰিছে এই জাননী।
আজি ৭ এপ্ৰিল তাৰিখে এই বৃদ্ধিৰ কথা ঘোষণা কৰি কয় যে, আজি নিশা ১২ বজাৰ পৰাই এই বৰ্ধিত নিৰিখ কাৰ্যকৰী হব। যাৰ অৰ্থ কাইলৈ ৮ এপ্ৰিলৰ পৰা এই বৰ্ধিত মূল্যৰে ক্ৰয় কৰিব লাগিব ৰন্ধন গেছ।
এই বৰ্ধিত মূল্য এল পি জি আৰু প্ৰধানমন্ত্ৰী উজ্জলা গেছ তথা সাধাৰণ গেছ উভয়ৰে বাবে হব।
নিয়মীয়া গ্ৰাহকে কাইলৈৰ পৰা ১৪.২ কেজিৰ এল পি জি চিলিণ্ডাৰৰ মূল্য ৮০৩ টকাৰ পৰা বৃদ্ধি পাই ৮৫৩ টকাকৈ আৰু উজ্জলা ব্যৱহাৰকাৰীৰ বাবে ৫০৩ টকাৰ পৰা ৫৫৩ টকাকৈ ভৰিব লাগিব গেছৰ মূল্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















