পুনৰ আহ্বান বেংক ধৰ্মঘটৰ। এইবাৰ বেংক ইউনিয়নে এদিনৰ বাবে নহয় একেৰাহে তিনিদিনৰ বাবে বেংক ধৰ্মঘটৰ আহ্বান জনাইছে। ইয়াৰ বাবে সমগ্ৰ দেশতে বেংকিং সেৱা ব্যাহত হ’ব পাৰে। সাধাৰণ জনতাই চৰম দুখ-কষ্টৰ সন্মুখীন হ’ব লাগিব।
একেৰাহে তিনিদিন ধৰি বেংকৰ ধৰ্মঘট-
দীৰ্ঘদিন ধৰি ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে সকলো চৰকাৰী আৰু ব্যক্তিগত বেংক কৰ্মচাৰীৰ বাবে পাঁচ দিনীয়া কৰ্ম সপ্তাহৰ দাবী জনাই আহিছে। শনিবাৰ আৰু দেওবাৰক বন্ধৰ দিন হিচাপে দাবী জনাইছে। কিন্তু যিহেতু চৰকাৰে এতিয়াও এই দাবী পূৰণ কৰিব পৰা নাই, সেয়েহে বেংক ইউনিয়নে বাৰে বাৰে ধৰ্মঘটৰ আহ্বান জনাইছে। যোৱা ১১ ছেপ্টেম্বৰত সমগ্ৰ দেশত বেংক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল।এদিনীয়া ধৰ্মঘটৰ অন্তত ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ বেংক ধৰ্মঘটৰ আহ্বান জনোৱা হৈছে।
ইফালে বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ বিত্তীয় সেৱা বিভাগে উচ্চ পৰ্যায়ৰ বৈঠক আহ্বান কৰিছে। এই বৈঠকৰ বাবে সকলো ৰাজহুৱা খণ্ডৰ বেংক, আঞ্চলিক গ্ৰাম্য বেংক, আৰু ইণ্ডিয়ান বেংক এছ’চিয়েচন আৰু নাবাৰ্ডৰ মুৰব্বীক মাতি অনা হৈছে। অহা ২১ ছেপ্টেম্বৰ সোমবাৰে অনুষ্ঠিত হ’বলগীয়া বৈঠকত বেংকৰ ধৰ্মঘটৰ বাবে সেৱাত কি প্ৰভাৱ পৰিব পাৰে সেই বিষয়ে আলোচনা কৰা হৈছে।
পাঁচ দিনৰ বাবে বন্ধ বেংকিং সেৱা
২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ধৰ্মঘটৰ আহ্বান জনোৱা হৈছে।কিন্তু শনিবাৰ আৰু দেওবাৰে ২৬ আৰু ২৭ তাৰিখ পতনৰ বাবে মুঠ পাঁচ দিনলৈকে বেংকিং সেৱা উপলব্ধ নহ’ব। অৱশ্যে এটিএম সেৱা চলি থাকিব। অনলাইন বেংকিঙৰ সুবিধাও উপলব্ধ হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















