• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

3 weeks ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

8 minutes ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

2 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

3 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

15 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

15 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

17 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

17 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

17 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

18 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

19 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

19 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

বীৰ লাচিত সেনাৰ লগতে অসমৰ জনগণে প্ৰতিবাদ কৰিব বুলি হুংকাৰ।

editor by editor
September 20, 2026
in অসম, বিবিধ, লেখা
0
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ
0
SHARES
349
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত মধ্য গুৱাহাটী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে বিজয় কুমাৰ গুপ্তা নিৰ্বাচিত হৈছিল। ইয়াৰ পিছতে ইটোৰ পিছত সিটো বিতৰ্কমূলক মন্তব্য কৰি চৰ্চাত থাকে। এইবাৰ বিধায়কজনে জুবিন গাৰ্গকলৈ এনে এক মন্তব্য কৰিছে, যিয়ে সকলোকে আচৰিত কৰি তুলিছে।

জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীত শিল্পীগৰাকীক সোঁৱৰি ক’লে, ‘জুবিন গাৰ্গৰ ভাৰতৰ ৪০টা ভাষাত ৩,০০০ৰো অধিক গীত গাইছিল। তেওঁ সংগীতৰ জগতত আলোড়নৰ সৃষ্টি কৰিছিল।’ ইয়াৰোপৰি জুবিন গাৰ্গৰ গানক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰা বিধায়ক বিজয় গুপ্তাই ‘মিছন চাইনা’ৰ সলনি চাইনা মিছন নামৰ এখন চিনেমাও বনাইছিল বুলি আজৱ মন্তব্য কৰে। ইয়াৰ পিছতে চৌদিশে মাথোঁ বিজয় গুপ্তাক ক্ষমা খোজাৰ দাবী উত্থাপন কৰে।

বিজেপিৰ বিধায়কজনৰ বিৰুদ্ধে বহুতো দল-সংগঠনে জাঙুৰ খাই উঠিছে। সকলোৱে কৈছে বিজয় গুপ্তাক ক্ষমা খুজিবলৈ। এই বিতৰ্কৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই দিছে হুংকাৰ। শৃংখল চলিহাই দাবী উত্থাপন কৰে যে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক। এইদৰে জুবিন দাক লৈ তুচ্চ-তাচ্ছিল্য মন্তব্য গ্ৰহণ কৰা নহ’ব। মুখ্যমন্ত্ৰীয়ে বিজয় গুপ্তাক এৰেষ্ট কৰি এটা নজিৰ দেখুৱাওক।

বিজয় গুপ্তাক গ্ৰেপ্তাৰৰ দাবী জনাই পুনৰ কয় যে,  বিজয় গুপ্তাৰ দৰে অনা অসমীয়াৰ আমাৰ ভাষা-সংস্কৃতিৰ প্ৰতি সন্মান নাই। বিজেপি-কংগ্ৰেছে অনা অসমীয়াক টিকট নিদিব। গুপ্তাৰ বিৰুদ্ধে তদন্ত কৰক,ক্ষমা নুখুজিলে ভয়ংকৰ প্ৰতিবাদ হ’ব।
বীৰ লাচিত সেনাৰ লগতে অসমৰ জনগণে কৰিব প্ৰতিবাদ।

উল্লেখ্য যে, বহু বিতৰ্কৰ পিছত বিধায়ক বিজয় গুপ্তাই সামাজিক মাধ্যমত ক্ষমা খোজে। তেওঁ সামাজিক মাধ্যমত লিখিছে যে, “জুবিন অসমৰ আত্মা। জুবিন অসমৰ হৃদস্পন্দন আৰু কোটি কোটি অসমীয়াৰ হৃদয়ৰ স্পন্দন। মোৰ ভুলৰ বাবে মই আন্তৰিকভাৱে ক্ষমা বিচাৰিছোঁ। অনিচ্ছাকৃতভাৱে মুখ ফচকি ৩০,০০০ৰ পৰিৱৰ্তে ৩,০০০ বুলি কৈ পেলাইছিলোঁ। এইটো সম্পূৰ্ণৰূপে অনিচ্ছাকৃত ভুল আছিল। মোৰ কথাত জুবিন দাৰ অগণন অনুৰাগীৰ মনত যি আঘাত লাগিছে, তাৰ বাবে মই গভীৰভাৱে দুঃখিত আৰু ক্ষমাপ্ৰাৰ্থী। তেওঁৰ ব্যক্তিত্বৰ সন্মুখত ৩০,০০০টা গীতেই হওক বা ৩ লাখ গীতেই হওক, সেয়া সূৰ্যৰ আগত চাকি দেখুওৱাৰ দৰে। তথাপিও , নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচৰা মোৰ চকুত বহু সন্মানৰ ! মই সদায় মোৰ প্ৰিয় ভাই জুবিনক গভীৰ সন্মান আৰু মৰমেৰে হৃদয়ত স্থান দি আহিছোঁ। অসমৰ লগতে অসমৰ বাহিৰতো জুবিন দাৰ প্ৰতি মানুহৰ কিমান গভীৰ ভালপোৱা আছে, সেই কথা মই বুজোঁ। সেয়েহে মোৰ অনিচ্ছাকৃত কথাই যদি আপোনালোকৰ অনুভূতিত আঘাত কৰিছে, তাৰ বাবে পুনৰ আন্তৰিকভাৱে ক্ষমা বিচাৰিছোঁ। মই প্ৰতিগৰাকী জুবিন অনুৰাগীক আশ্বাস দিব বিচাৰোঁ যে জুবিন দাৰ প্ৰতি মোৰ সন্মান আৰু ভালপোৱা সদায় আন্তৰিক। ময়ো জুবিনৰ সংগীতৰ এজন অনুৰাগী, আৰু তেওঁৰ অসাধাৰণ সৃষ্টিশীল উত্তৰাধিকাৰক সন্মান জনাই এনে কাম কৰিব বিচাৰোঁ, যিয়ে লাখ লাখ জুবিন অনুৰাগী আৰু আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰিব। জুবিন দাৰ বিশাল সংগীত-সম্ভাৰ সঠিকভাৱে সংৰক্ষণ, নথিভুক্ত আৰু আগন্তুক প্ৰজন্মৰ বাবে সহজলভ্য কৰি ৰখাটো আমাৰ দায়িত্ব বুলি মই বিশ্বাস কৰোঁ। এই দিশত মই কাম কৰিব বিচাৰোঁ যাতে তেওঁৰ সংগীতৰ সঠিক ডিজিটেল সংৰক্ষণ আৰু Spotify তথা অন্যান্য আধুনিক ষ্ট্ৰীমিং প্লেটফৰ্মত উপযুক্ত স্থান নিশ্চিত হয়। লগতে, তেওঁৰ পৰিয়ালে তেওঁৰ সংগীত, ঐতিহ্য আৰু সামাজিক কাম-কাজ আগুৱাই নিয়াত উপযুক্ত ভূমিকা লাভ কৰাটোও গুৰুত্বপূৰ্ণ। জুবিন দা কেৱল এজন ব্যক্তি নহয় – তেওঁ লাখ লাখ মানুহৰ হৃদয়ত বাস কৰে। তেওঁৰ সংগীত, মূল্যবোধ আৰু ঐতিহ্য প্ৰজন্মৰ পিছত প্ৰজন্ম জীয়াই থাকক – এয়াই মোৰ আন্তৰিক কামনা। জুবিন দা আৰু তেওঁৰ প্ৰতিগৰাকী অনুৰাগীৰ প্ৰতি গভীৰ সন্মান, মৰম আৰু আন্তৰিক শুভেচ্ছা।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!
জীৱনশৈলী

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

October 13, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

October 13, 2026
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

October 13, 2026
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
Next Post
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ'ব সাৱধান?

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.