১৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ২৬/১১ৰ মূল অভিযুক্ত তাহাউৰ ৰানা কাইলৈ পাব ভাৰত
২০০৮ চনৰ ২৬ নৱেম্বৰৰৰ ঘটনাত বহু লোকৰ আপোন জনক হেৰুওৱা বেদনা হয়তো আজিয়ো মচ যোৱা নাই। সেই সকলো ভুক্তভোগী লোকে হয়তো ১৭ বছৰে এটাই কামনা কৰি আহি আছিল , কিদৰে ভাৰতবাসীৰ অপৰাধী তাহাউৰ ৰানাক ভাৰতলৈ আনিব পাৰি।
পাছে সেই সকলো লোকৰে ১৭ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ২৬/১১ৰ মূল অভিযুক্ত তাহাউৰ ৰানা কাইলৈ ১০ এপ্ৰিল তাৰিখে উপস্থিত হব ভাৰতত। আজি ৯ এপ্ৰিল তাৰিখে নিয়াৰ ৭ জনীয়া এটা দলে আমেৰিকাৰ পৰা লৈ আহি আছে তাহাউৰক।
সূত্ৰ অনুসৰি কাইলৈ ১০ এপ্ৰিল তাৰিখে পুৱালৈকে ৰাণা দিল্লীত উপস্থিত হ’ব পাৰে। এই প্ৰত্যাৰ্পণ অভিযানত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ (NIA) সাতজনীয়া এটা দল জড়িত হৈ আছে, যাৰ নেতৃত্বত আছে এজন জ্যেষ্ঠ এডিজি ৰেংক বিষয়া।
ৰাণা ভাৰত পোৱাৰ পিছত প্ৰথমে দিল্লীস্থিত নিয়া(NIA)ৰ মুখ্য কাৰ্যালয়লৈ নিয়া হ’ব, য’ত প্ৰথমে জেৰা কৰা হ’ব। সূত্ৰৰ পৰা জানিব পৰা মতে, NIA-ই ৰাণাক জেৰা কৰিবলৈ ৭ জনীয়া এটা বিশেষ দল গঠন কৰিছে, যিয়ে ৰাণাক ২৬/১১ আক্ৰমণৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰত জেৰা কৰিব। ইয়াৰ উপৰিও আন নিৰাপত্তা সংস্থাসমূহেও তেওঁক পৃথকে পৃথকে জেৰা কৰিব।
প্ৰথমে তাহাউৰ ৰানাক দিল্লী আদালতত হাজিৰ কৰা হ’ব আৰু পিছত মুম্বাইলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে। তাহাউৰ ৰানাক কিছুদিন হয়তো দিল্লীত জিম্মাত ৰখা হ’ব যাতে তদন্তকাৰী সংস্থাই প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব পাৰে। ইয়াৰ পিছত তেওঁক মুম্বাইলৈ প্ৰেৰণ কৰা হ’ব পাৰে, য’ত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে।
মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ সূত্ৰ অনুসৰি ২০০৯ চনত দিল্লীৰ এন আই এয়ে ২৬/১১ৰ আক্ৰমণৰ ষড়যন্ত্ৰৰ সৈতে জড়িত ৰানাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। একেটা গোচৰতে ৰানাক ভাৰতলৈ অনা হৈছে আৰু দিল্লী আদালতত হাজিৰ হ’ব।
উল্লেখ্য যে, ২০০৮ চনৰ ২৬ নৱেম্বৰ (২৬/১১) আক্ৰমণৰ অন্যতম মূল ষড়যন্ত্ৰকাৰী পাকিস্তানী-আমেৰিকান সন্ত্ৰাসবাদী ডেভিদ কলমেন হেডলীৰ সৈতে তাহাউৰ ৰানাৰ সম্পৰ্ক আছে বুলি ধাৰণা কৰা হৈছে। ২০০৮ চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ৬ জন আমেৰিকানসহ মুঠ ১৬৬ জন লোক নিহত হৈছিল। এই আক্ৰমণসমূহ ১০টা পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















