SBI-এ সলনি কৰিলে ATMৰ পৰা টকা উলিওৱা নিয়ম, এতিয়া ভৰিব লাগিব টকা
এটিএমৰ পৰা টকা উলিওৱাৰ সীমাত বৃহৎ পৰিৱৰ্তন কৰিলে ভাৰতীয় ষ্টেট বেংকে। এছ বি আই আৰু অন্যান্য বেংকৰ এ টি এমত বিত্তীয় আৰু অবিত্তীয় দুয়োটা লেনদেনত প্ৰভাৱ পেলাব পৰাকৈ এ টি এম চাৰ্জৰ গাঁথনি সৰল কৰি ডিজিটেল বেংকিংক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে এই পৰিৱৰ্তন সাধন কৰিছে ৰাজহুৱা খণ্ডৰ বেংকটোৱে। এই নিয়ম ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হব বুলি বুলি সদৰি কৰিছে।
এছ বি আইৰ এ টি এম আৰু আন বেংকৰ এ টি এমৰ পৰা ধন উলিওৱাৰ সীমা সলনি কৰিছে। ইয়াৰ উপৰিও একাউণ্টত মাহিলী গড় ধন ৰখাৰ ক্ষেত্ৰত উলিওৱাৰ সীমা নীতিতো পৰিৱৰ্তন কৰা হৈছে।
এই নিয়ম সকলো SBI গ্ৰাহকৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। এতিয়া গ্ৰাহকে SBI ATM ৰ পৰা প্ৰতিমাহে মাত্ৰ ৫ টা বিনামূলীয়া লেনদেন আৰু অন্য বেংকৰ ATM ৰ পৰা প্ৰতিমাহে ১০ টা বিনামূলীয়া লেনদেন লাভ কৰিব পাৰিব।
যদি চেভিং একাউণ্ট ধাৰীয়ে ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ টকাৰ ভিতৰত গড় মাহিলী বেলেঞ্চ ৰাখে, তেন্তে তেওঁ আন বেংকৰ এটিএমৰ পৰা ৫টা বিনামূলীয়া লেনদেনৰ সীমাৰ সুবিধা লাভ কৰিব। যদি কোনোবাই ১০০০০০০ টকা পৰ্যন্ত বেলেঞ্চ ৰাখে, তেতিয়া তেওঁ এছ বি আই আৰু অন্যান্য বেংকৰ এ টি এমৰ পৰা সীমাহীন বিনামূলীয়া লেনদেনৰ সুবিধা পাব।
বিনামূলীয়া এটিএম লেনদেনৰ মাহিলী সীমা অতিক্ৰম কৰাৰ পিছত এছবিআইয়ে স্থান নিৰ্বিশেষে এটিএমত প্ৰতিটো লেনদেনৰ বাবে ১৫ টকা + জিএছটি লব। অন্য বেংকৰ এটিএমত লেনদেনৰ বাবে মাচুল ২১ টকা + জিএছটি প্ৰতি লেনদেনত, যিটো মেট্ৰ’ চহৰকে ধৰি দেশৰ অন্যান্য স্থানত প্ৰযোজ্য হ’ব।
এছবিআইৰ এটিএমত বেলেঞ্চ ইনকুৱাৰী আৰু মিনি ষ্টেটমেণ্টৰ বাবে কোনো ধৰণৰ চাৰ্জ লোৱা নহ’ব। অৱশ্যে অন্য বেংকৰ এটিএমত ১০ টকা যোগ কৰি জিএছটিৰ চাৰ্জ প্ৰযোজ্য হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ