মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৈতে তীব্ৰ অৰ্থনৈতিক শুল্ক যুঁজ অব্যাহত আছে চীনৰ৷ ইয়াৰ মাজতেই ভাৰতীয়ত ভিছা দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বেইজিঙে৷ ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ৯ এপ্ৰিলৰ ভিতৰত মুঠ ৮৫ হাজাৰ ভাৰতীয়ক ভিছা প্ৰদান কৰিছে চীনে৷ এক কথাত ক’বলৈ গ’লে এয়া অভূতপূৰ্ব৷ কেৱল ভিছা দিয়াই নহয়, ভাৰতত বাস কৰা চীনা ৰাষ্ট্ৰদূত ছু ফেইহঙে এক্স হেণ্ডেলত এটা প’ষ্ট শ্বেয়াৰ কৰি বাৰ্তা দিছে, ‘আমি বিচাৰো আৰু বেছি ভাৰতীয় চীনলৈ যাওক৷ চীনৰ মুক্ত, নিৰাপদ, প্ৰাণবন্ত সংস্কৃতিৰ সৈতে পৰিচিত হওক৷ ’ এই প’ষ্ট দেখাৰ পিছতেই বিশ্লেষকসকলৰ মন্তব্য যে বেইজিঙে ভাৰতক বন্ধুত্বৰেই বাৰ্তা দিছে৷
ৰয়টাৰ্ছে জনোৱা অনুসৰি বেছি ভাৰতীয় যাতে চীনলৈ যাব পাৰে তাৰবাবে কিছু ৰেহাইয়ো দিছে সেই দেশৰ প্ৰশাসনে৷ চীনৰ দূতবাসৰ পৰা জনোৱা হৈছে যে ভিছা প্ৰক্ৰিয়াৰ সময় পূৰ্বতকৈ কমাই দিয়া হৈছে৷ বিজনেছ আৰু পৰ্যটন দুই ক্ষেত্ৰতেই বহু কম সময়ত ভিছা দিয়াৰ প্ৰক্ৰিয়া চলি আছে৷ উল্লেখ কৰা প্ৰয়োজন যে বিগত কেইবাবছৰ ধৰি দুই দেশৰ সম্পৰ্কই ক্ৰমশ বেয়াৰ ফালেই গতি কৰিছিল৷ লাডাখৰ গালৱান যুঁজৰ পাছত দুই দেশৰ সম্পৰ্ক শত্ৰু দেশলৈকে পৰিণত হৈছিল৷ কভিডৰ পৰবৰ্তী সময়ত দুই দেশৰ সম্পৰ্ক অৱশ্যে কিছু স্বাভাৱিক হৈছে৷
BBCৰ এক প্ৰতিবেদনে প্ৰকাশ কৰা অনুসৰি বাণিজ্যৰ বাবে চীনে দক্ষিণ পূৰ্ব এছিয়াৰ বিভিন্ন দেশলৈ গৈ এতিয়া ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলাৰ বাবে প্ৰস্তাৱ দি আছে৷ মঙলবাৰে সন্ধিয়া মালয়েচিয়ালৈ গৈছে চীনৰ ৰাষ্ট্ৰপতি চি জিনপিং৷ ২০১৩ চনৰ পাছত এই প্ৰথম তেওঁ বিদেশ ভ্ৰমণ কৰিছে৷ ইয়াৰ পূৰ্বে ভিয়েটনামলৈ গৈ কিছু সহযোগিতা চুক্তিত তেওঁ ছহী কৰিছিল৷ কৃত্ৰিম বুদ্ধিমত্তাৰে ৰে’ল যোগাযোগ উন্নত কৰাৰ দৰে বিভিন্ন বিষয়ত সহযোগিতাৰ হাতো বঢ়াইছিল চি জিনপিঙে৷
মালয়েচিয়াৰ কুয়ালালামপুৰলৈ গৈ শেহতীয়াকৈ জিনপিঙে কৈছে যে চীন আৰু মালয়েছিয়াৰ মাজত গভীৰ কৌশলগত সহযোগিতাই দুই দেশৰ স্বাৰ্থৰ বাবেই ভাল৷ ই বিশ্ব শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ বাবেও ভাল৷ ডোনাল্ড ট্ৰাম্পে সম্প্ৰতি বিশ্বৰ বিভিন্ন দেশৰ ওপৰত যি শুল্ক আৰোপ কৰিছে তাত চীনৰ পাছতেই সকলোতকৈ বেছি শাস্তি পাইছে এছিয়ানভুক্ত দেশসমূহে৷ ট্ৰাম্পৰ কঠোৰ আচৰণত স্বাভাৱিকভাৱেই ভিয়েটনাম, কম্বোডিয়া, থাইলেণ্ডৰ দৰে দেশসমূহ অসন্তুষ্ট হৈ আছে৷ এই পৰিস্থিতিত জিনপিঙৰ এই ভ্ৰমণে বহণ কৰিছে বিশেষ তাৎপৰ্য৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















