প্ৰবাদ আছে, ‘এভৰিথিং ইজ ফেয়াৰ ইন লাভ এণ্ড ৱাৰ’৷ সেয়ে এইবাৰ যুদ্ধৰ বাবে টকা যোগান হ’ব পৰ্ণগ্ৰাফীৰ পৰা৷ সেই পথেৰেই যাত্ৰা আৰম্ভ কৰিছে এতিয়া ইউক্ৰেইনে৷ ২০২২ চনৰ ফেব্ৰুৱাৰীৰ পৰা ৰুছ আগ্ৰাসনৰ মোকাবিলাত লাগি আছে ভোলোডিমিৰ জেলেনস্কিৰ দেশ৷ তেওঁলোকৰ প্ৰতিৰক্ষাৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে৷ বাঢ়িছে অৰ্থনৈতিক চাপ৷ এই অৱস্থাত সেই দেশৰ সাংসদসকলৰ একাংশই কৈছে যে প্ৰাপ্তবয়স্কৰ বিষয়বস্তুৰ ওপৰত মোটা কৰ আৰোপ কৰিলে যুদ্ধৰ বাবে প্ৰয়োজনীয় ৰাজহ লাভ কৰিবলৈ সক্ষম হ’ব ইউক্ৰেইনে৷
সেয়ে এইবাৰ প্ৰণগ্ৰাফীক অপৰাধৰ তালিকাৰ পৰা কাটি দিয়াৰ কথাও চৰ্চা কৰিছে কিয়েভে৷ ইউক্ৰেইনৰ সাংসদ তথা সংসদৰ অৰ্থ কমিটিৰ ডেপুটি চেয়াৰমেন ইয়াৰোস্লাভ ঝেলেজনিয়াকৰ নেতৃত্বত পৰ্ণগ্ৰাফিক ফৌজাদাৰী অপৰাধৰ তালিকাতৰ পৰা বাহিৰ কৰিবলৈ এখন আইন অনাৰ কথাও চিন্তা চৰ্চা কৰিছে৷
https://www.nytimes.com/2025/04/14/world/europe/ukraine-pornography-onlyfans.html
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















