বিশ্ব অভিলেখ ভংগ কোহলীৰ, অৰ্ধশতক অৰ্জন কৰিয়ে টি-২০ ত….
ভাৰতীৰ ক্ৰিকেট দলৰ অতিকে জনপ্ৰিয় খেলুৱৈ বিৰাট কোহলীৰ সমগ্ৰ বিশ্বত জনপ্ৰিয়াত যিদৰে বহু তেনেদৰে অভিলেখো বহু গঢ়িছে কোহলীয়ে। পুনৰ এবাৰ আন এক অভিলেখেৰে জিলিকি উঠিল কোহলী।
এইবাৰ টি ২০ত এখ অভিলেখৰ গৰাকী হৈছে কোহলী। বৰ্তমানে চলি থকা আই পি এলত বিৰাট কোহলীয়ে আৰম্ভণিতে বিশেষ একো দেখুৱাব পৰা নাছিল, যদিও বৰ্তমানে ছন্দলৈ উভতি আহিছে কোহলী।
বাংগালুৰুৰ জয়ৰ ক্ষেত্ৰতো কোহলীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। কালি ২৪ এপ্ৰিল তাৰিখে অনুষ্ঠিত হৈ যোৱা ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলখনত তেওঁ উজ্জ্বল প্ৰদৰ্শনেৰে ৭০ ৰানৰ ইনিংছ খেলে।
এই ৭০ ৰানৰ ইনিংছেৰেই বিৰাট কোহলীয়ে টি-২০ ক্ৰিকেটত নতুন অভিলেখ গঢ়ে। ইংলেণ্ডৰ এলেক্স হেলছৰ বিশ্ব অভিলেখ ভংগ কৰে কোহলীয়ে।
কোহলি এতিয়া টি-২০ ক্ৰিকেটত এটা ভেন্যুত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে। বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত টি-২০ ক্ৰিকেটত মুঠ ২৬টা অৰ্ধশতক অৰ্জন কৰিছে কোহলীয়ে।
আনহাতে, নটিংহামৰ ট্ৰেণ্ট ব্ৰীজ খেলপথাৰত টি-২০ ক্ৰিকেটত মুঠ ২৫টা অৰ্ধশতক অৰ্জন কৰিছে হেলেছে। এতিয়া কোহলীয়ে হেলছৰ সেই ঐতিহাসিক বিশ্ব অভিলেখ ভংগ কৰি নিজৰ নামত কৰিবলৈ সক্ষম হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















