টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে৷ ইংলেণ্ড যাত্ৰাৰ পূৰ্বে ভাৰতৰ সকলোতকৈ অভিজ্ঞ দুই ক্ৰিকেটাৰক দেখা নাযাব এইবাৰ৷ ভাৰতৰ টেষ্ট দলচ এই দুজন অভিজ্ঞ খেলুৱৈৰ স্থান কোনে ল’ব? দৌৰত আছে তিনিগৰাকীকৈ ক্ৰিকেটাৰ৷
ৰোহিতে অৱসৰ লোৱাৰ পাছতেই ভাৰতৰ অপেনাৰ হিচাপে যশস্বী জয়ছোৱালৰ স্থানত খেলাৰ সম্ভাৱনা আছে লোকেশ ৰাহুলৰ৷ অপেনাৰ হিচাপে ভাৰতৰ টেষ্ট দলত অভিষেক ঘটিছিল লোকেশ ৰাহুলৰ৷ অপেনাৰ হিচাপেই ভাৰতৰ টেষ্ট দলত অভিষেক ঘটিছিল তেওঁৰ৷ অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকাৰ দৰে দেশত তেওঁৰ টেষ্ট অপেন কৰাৰ অভিজ্ঞতা আছে৷ ইংলেণ্ডত যশস্বীৰ সৈতে ৰাহুলেই অপেনাৰ হিচাপে থকাৰ সম্ভাৱনা সকলোতকৈ বেছি৷
ৰোহিতৰ সলনি টেষ্টত এগৰাকী নতুন অধিনায়কো বিচাৰিছে ভাৰতে৷ এই দৌৰত আগুৱাই আছে শুভমন গিল৷ তেওঁ অপেনিঙৰ ওপৰিও তিনি নম্বৰত খেলিব পাৰে৷ ইয়াৰোপৰি ভাৰতৰ তিনি নম্বৰ পৰ্যন্ত কোনো সমস্যা নাই৷ চাৰি আৰু পাঁচ নম্বৰত দুজন ক্ৰিকেটাৰক খেলোৱা হব৷ সেই তালিকাতো আছে তিনি ক্ৰিকেটাৰ৷
শ্ৰেয়ছ আয়াৰ
ফৰ্মত আছে শ্ৰেয়ছ৷ ২০২১ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্টত অভিষেক শতৰান কৰিছিল তেওঁ৷ কিন্তু তাৰ পাছতো ইমানদিন মাত্ৰ ১৪ খন টেষ্টহে খেলিছে শ্ৰেয়ছে৷ কোহলী থকা ভাৰতৰ টেষ্ট দলত তেওঁ স্থান লাভ কৰা নাছিল৷ কিন্তু ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ হৈ চাৰি নম্বৰত শ্ৰেয়ছে খেলাৰ সম্ভাৱনা বেছি৷ তেওঁ থাকিলে ভাৰতৰ মিডল অৰ্ডাৰ মজবুত হব৷ ভাৰতৰ হৈ এদিনীয়া ক্ৰিকেটৰ ওপৰিও আইপিএলৰ ফৰ্মত আছে শ্ৰেয়ছ৷ সেয়ে তেওঁক সুযোগ দিয়া হ’ব পাৰে ইংলেণ্ড যাত্ৰাত৷
কৰুণ নায়াৰ
টেষ্টত ত্ৰিশতৰাণ কৰাৰ পাছতো দলৰ পৰা বাদ পৰি আছে কৰুণ৷ কিন্তু ঘৰোৱা ক্ৰিকেটত দুৰ্দান্ত বেটিং কৰিছে তেওঁ৷ তেওঁৰ প্ৰশংসা শুনা গৈছে বৰ্ডৰ নিৰ্বাচক প্ৰধান অজিত আগৰকৰৰ মুখতো৷ ৰোহিত, কোহলি নথকাত মিডল অৰ্ডাৰত এগৰাকী অভিজ্ঞ বেটাৰ থাকিলে ভাৰতৰেই সুবিধা৷ আই পিএলতো ভাল খেলিছে কৰুণে৷ ফলত তেওঁ ভাৰতৰ মিডল অৰ্ডাৰত খেলিব পাৰে৷
ছৰফৰাজ খান
দীৰ্ঘদিন আঁতৰি থকাৰ পাছত বিগত বছৰ ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট ছিৰিজত অভিষেক হৈছিল ছৰফৰাজৰ৷ তেওঁৱো খুব বেয়া খেলা নাছিল৷ ইংলেণ্ড যাত্ৰাত সেয়ে ভাৰতৰ মিডল অৰ্ডাৰত খেলাৰ দৌৰত চামিল আছে ছৰফৰাজো৷ কিন্তু বিদেশৰ মাটিত খেলাৰ অভিজ্ঞতা তেওঁৰ বৰ্তমানলৈকে নাই৷ ফলত তেওঁতকৈ কিছু আগুৱাই আছে কৰুণ আৰু ৰাহুল৷
দেৱদত্ত পড়িক্কল আৰু ৰজত পাটীদাৰেও ভাৰতৰ টেষ্ট দলত মিডল অৰ্ডাৰত খেলিছে৷ কিন্তু তেওঁলোকৰ সাফল্য খুব এটা বেছিও নহয়৷ ফলত তেওঁলোকে সুযোগ পোৱাৰ বিশেষ সম্ভাৱনা নাই৷ ধ্ৰুৱ জুৰেলো টেষ্ট দলত খেলিছে৷ কিন্তু ইংলেণ্ড যাত্ৰাত তেওঁলোকে স্থান পাবনে সেয়া এতিয়াও নিশ্চিত নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















