পাকিস্তানত বিগত কেইবাদিনত কেইবাটাও ভূমিকম্পই আঘাত কৰিছে৷ ইয়াৰ ফলত অনলাইন আৰু কূটনৈতিক মহলজুৰি চলিছে আলোচনা৷ পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই ভাৰতেই প্ৰত্যাঘাত কৰিছে পাকিস্তানক৷ এই প্ৰত্যাক্ৰমণৰ পাছতেই দুই দেশৰ মাজত চৰম উত্তেজনাই বিৰাজ কৰিছিল৷ যুদ্ধকালিন পৰিস্থিতিয়েও বিৰাজ কৰিছিল দুই দেশৰ মাজত৷ তেনে সময়তেই পাকিস্তানৰ উত্তৰ আৰু পশ্চিমাঞ্চলত এই ভূমিকম্পৰ ঘটনাই বহুতৰে মনত প্ৰশ্ন উত্থাপন কৰিছে৷ সকলোকে আন্ধাৰত ৰাখি পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষা কৰিছিল নেকি পাকিস্তানে সেই আলোচনাও উঠিছে৷
বিগত সোমবাৰে পাকিস্তানত ভূমিকম্পৰ কম্পন অনুভূত হৈছিল৷ ৰিখটাৰ স্কেলত সেই ভূমিকম্পৰ মাত্ৰা আছিল ৪.৬৷ ১০ মে’ত এদিনতে দুটাকৈ ভূমিকম্প আহিছে পাকিস্তানত৷ দ্বিতীয়টো কম্পনৰ মাত্ৰা আছিল ৪৷ যদিও ভূ বিজ্ঞানীয়ে এই ভূমিকম্পৰ কাৰণ হিচাপে টেকটনিক প্লেটৰ লৰচৰ কৰা বুলি দাবী কৰিছে কিন্তু এই ভূমিকম্পক বহুতেই সাম্প্ৰতিক সময়ৰ সামৰিক অভিযানৰ এক অংশ বুলি দাবীও কৰিছে৷
এটা ভিডিঅ’ত এজন ছচিয়েল মিডিয়া ইউজাৰকাৰীৰ দাবী যে, কিৰানা পাহাৰত পাকিস্তানৰ পাৰমাণৱিক ঘাঁটিৰ কাষতেই এই ভূমিকম্প কিয়?’ ১৩ দিনত চাৰিটাকৈ ভূমিকম্প ৰহস্যজনক৷ ৩০ এপ্ৰিল, ৫, ১০ আৰু ১২ মেত ভূমিকম্পৰ কম্পন অনুভূত হৈছে৷ প্ৰাকৃতিক ঘটনা নে এটা ভূগৰ্ভত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষাৰ লক্ষণ বা সামৰিক কাৰ্যকলাপৰ লক্ষণ৷ ভূমিকম্পৰ কেন্দ্ৰ প্ৰায় একেই৷ কেইবাজনেও দাবী কৰিছে, এই কম্পনসমূহ গোপন পাৰমাণৱিক পৰীক্ষাৰ সৈতে যুক্ত হ’ব পাৰে৷ তেওঁলোকৰ যুক্তি, পাকিস্তানে ইয়াৰ পূৰ্বেও ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা চলাইছে, বিশেষকৈ ১৯৯৮ চনত ছাগাই পাহাৰতো এই কম্পন হৈছিল৷ এই ধৰণৰ পৰীক্ষা চলিলে প্ৰায়েই ভূমিকম্পৰ দৰে কম্পন ৰিখটাৰ স্কেলত ধৰা পৰে৷
নেশ্ব্যনেল ভূকম্পন কেন্দ্ৰৰ ডাইৰেক্টৰ ও পি মিশ্ৰই অৱশ্যে এই দাবীক নস্যাৎ কৰিছে৷ সৰ্বভাৰতীয় সংবাদ সংস্থা পিটিআইক তেওঁ জনাইছে, ‘পাৰমাণৱিক বিস্ফোৰণৰ ধৰণ পৃথক৷ প্ৰাকৃতিক ভূমিকম্পৰ দুটাকৈ ধাপ থাকে৷ কিন্তু পাৰমাণৱিক বিস্ফোৰণৰ এটা স্বতন্ত্ৰ ধাপ আছে৷ এটা পাৰমাণনিক বিস্ফোৰণৰ পাছত ভূপৃষ্ঠৰ প্ৰতিধ্বনিৰ কাৰণে ঘটে৷ ছিচমগ্ৰাফসমূহ স্পষ্টভাৱে চিনাক্ত কৰিব পাৰি৷
আন এগৰাকী ভূকম্পবিদে জনাইছে যে ছিচমোগ্ৰাফত পাৰমাণৱিক বিস্ফোৰণৰ ৰেকৰ্ড পৃথকভাৱে পৰীক্ষা কৰা হয়৷ তেওঁ কয়, ‘পূৰ্ববৰ্তী ভূমিকম্পসমূহ বিভিন্ন স্থানত হৈছে৷ বিভিন্ন অঞ্চলত পাৰমাণৱিক ঘাঁটি থকা সম্ভৱ নহয়৷’ পাকিস্তান ভাৰত আৰু ইউৰেছিয়ান টেকটনিক প্লেটৰ মাজত সক্ৰিয় সীমনাত অৱস্থিত৷ বালুচিস্তান, খাইবাৰ পাখতুনখাৱা আৰু গিলগিট বালতিস্তানৰ দৰে প্ৰদেশসমূহ ভূমিকম্পপ্ৰৱণ এলেকাৰ ভিতৰত পৰে৷ ভূমিকম্পৰ সময় দেখি বহুতেই ভ্ৰু কুঁচাইছে৷ বহুতৰে ধাৰণা কোনো ধৰণৰ উত্তেজনা অবিহনেই নিজৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত লাগিছে পাকিস্তান৷ বহুতৰে মতে উত্তেজনাৰ পৰিবেশত প্ৰাকৃতিক ঘটনাসমূহ কাকতালীয় বুলিও বাখ্যা কৰা হৈছে৷\
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















