কৰ্ণেল ছোফিয়া কুৰেছীৰ বিৰুদ্ধে বিবাদিত মন্তব্য কৰি বিপদত বিজেপি নেতা
সন্ত্ৰাসবাদ আৰু পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰৰ নেতৃত্ব দিয়া কৰ্ণেল ছফিয়া কুৰেছিক লৈ বৰ্তমানে সমগ্ৰ দেশ গৌৰৱান্বিত। পাছে এই কৰ্ণেলৰ ওপৰত বিতৰ্কিত মন্তব্য কৰে এগৰাকী বিজেপি নেতাই। বিজেপিৰ মন্ত্ৰী বিজয় শ্বাহে কৰ্ণেল কুৰেশ্বীক সন্ত্ৰাসবাদীৰ ভগ্নী বুলি অভিহিত কৰিছিল।
এই বক্তব্যক লৈ একপ্ৰকাৰৰ হুলস্থুলৰ সৃষ্টি হৈছিল, কংগ্ৰেছেও প্ৰশ্ন উত্থাপন কৰিছিল। বৰ্তমানে বিষয়টোৱে হৈ চৈ লগোৱাত বিজেপি হাইকমাণ্ডে মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
বিজেপিৰ সংগঠনৰ সাধাৰণ সম্পাদক হিতানন্দ শৰ্মাই বন্ধ কোঠাত মন্ত্ৰী বিজয়ৰ সৈতে কথা পাতি এই বিতৰ্ক সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিছিল। মন্ত্ৰী শ্বাহৰ এই বক্তব্যক লৈ তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে।
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱেও মন্ত্ৰী বিজয় শ্বাহৰ এই বক্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। বিজেপি হাইকমাণ্ডেও কঠোৰ স্থিতি গ্ৰহণ কৰিছে।
কৰ্ণেল ছফিয়া কুৰেশ্বীক লৈ বিতৰ্কিত মন্তব্য কৰাৰ পিছত এতিয়া মন্ত্ৰী বিজয় শ্বাহে এক নতুন বিবৃতি দিছে। তেওঁ পূৰ্বৰ বক্তব্যৰ বাবে ক্ষমা বিচাৰি কয় যে তেওঁৰ উদ্দেশ্য ভুল নহয়। ধেমালিতেহে কৈছিল। তেওঁ ভাৰতক বৰ ভাল পায়। ভগ্নী ছফিয়াই দেশৰ প্ৰতি নিজৰ কৰ্তব্য পালন কৰিছে। মোৰ নিজৰ ভনীতকৈয়ো ছোফিয়া মোৰ বাবে অধিক মূল্যৱান। যদি মোৰ কথাই কোনো সম্প্ৰদায় বা কৰ্ণেল ছফিয়া কুৰেশ্বীক আঘাত দিছে তেন্তে ১০ বাৰ ক্ষমা বিচাৰিছো।
উল্লেখ্য যে, মন্ত্ৰী বিজয় শ্বাহে ১৩ মে’ মঙলবাৰে মহৌত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল। সেই সভাতেই মন্ত্ৰীগৰাকীয়ে কৈছিল- সন্ত্ৰাসবাদীয়ে আমাৰ মহিলাসকলৰ সেন্দূৰ মছিলে। মোদী জিয়ে সিঁহতৰেই ভনীয়েকক(কুৰেশ্বীক উদ্দেশ্য কৰি) সিঁহতৰ বিৰুদ্ধে যুঁজিবলৈ পঠালে।
এই বিতৰ্কিত মন্তব্য কৰা মন্ত্ৰী বিজয় শ্বাহ বৰ্তমান মধ্যপ্ৰদেশ চৰকাৰৰ জনজাতি পৰিক্ৰমা, ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা, ভোপাল গেছ ট্ৰেজেডী সাহায্য আৰু পুনৰ্বাসন মন্ত্ৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















